পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান অৱনমিত হৈছে কিয়

0 56

পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ শোচনীয় ৰূপটো পুনৰ প্ৰকট হৈ উঠিছে শেহতীয়াকৈ প্ৰকাশিত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিৱেদনত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Yale Centre for Environment Law & Policy আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ Centre for International Earth Science Information Network এ যুগুত কৰা ‘Environment Performance Index’ শীৰ্ষক প্ৰতিৱেদনখনত ভাৰতৰ স্থান প্ৰায় একেবাৰে অন্তিম পৰ্যায়ত। ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান শেষৰ ফালৰ পৰা পঞ্চম। পাকিস্তান, বাংলাদেশ, ভিয়েটনাম, ম্যানমাৰৰ পাছতে স্থান লাভ কৰা ভাৰতত অত্যধিক পৰিমাণে ক্ৰমাৎ বৃদ্ধি পোৱা বায়ুমণ্ডলৰ প্ৰদূষণ আৰু সেউজ গৃহ গেছৰ নিৰ্গমনৰ সমস্যাটো অতিশয় জটিল বুলি প্ৰতিৱেদনখনে মত প্ৰকাশ কৰিছে।download মুঠ এঘাৰটা পাৰিপাৰ্শ্বিক বিষয়ক সমস্যা শ্ৰেণীবিভক্ত কৰি ৪০ টা ক্ষেত্ৰত দেশ এখনে প্ৰদৰ্শন কৰা সফলতাৰ ওপৰত এই সূচকাঙ্ক নিৰ্ধাৰণ কৰা হৈছে। বিশেষকৈ জলবায়ু পৰিৱৰ্তন সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত দেখুওৱা প্ৰদৰ্শন, পৰিৱেশৰ সামগ্ৰিক স্বাস্থ্য আৰু পৰিৱেশতন্ত্ৰৰ সজীৱতা এইকেইটা দিশৰ ওপৰত প্ৰতিৱেদনখনত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। সূচকাঙ্ক প্ৰদান কৰা প্ৰতিৱেদনখনৰ মতে, যিসমূহ দেশে পৰিৱেশৰ অৱক্ষয় বা স্থিৰতাৰ সলনি অৰ্থনৈতিক উন্নয়নক অধিক গুৰুত্ব প্ৰদান কৰিছে, সেইসমূহ দেশে এই তালিকাত অন্তিম স্থানত অৱস্থান কৰিছে। শেহতীয়াকৈ আশ্বাস, প্ৰতিশ্ৰুতি প্ৰদান কৰা স্বত্বেও সেউজ গৃহ গেছৰ নিৰ্গমনৰ ক্ষেত্ৰত ২০৫০ চনত চীন আৰু ভাৰত বিশ্বৰ প্ৰথম দুখন দেশ হিচাপে পৰিগণিত হ’ব। প্ৰতিৱেদনখনে আৰু কৈছে যে, বৰ্তমানৰ দৰে এনে পৰিস্থিতি অব্যাহত থাকিলে ২০৫০ চনত সেউজ গৃহ গেছ নিৰ্গমনৰ ক্ষেত্ৰত চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই ইয়াৰ ৫০ শতাংশ অৰিহণা যোগাব।0.00444700 1654760594 istock 1333460374
দ্বিবাৰ্ষিক এই প্ৰতিৱেদনখনৰ ২০২০ চনৰ সমীক্ষাত ভাৰতৰ স্থান আছিল ১৬৮। কিন্তু শেহতীয়াকৈ আইনৰ শাসন, দুৰ্নীতি নিয়ন্ত্ৰণ আৰু চৰকাৰৰ ফলপ্ৰসূতাত থকা শিথিলতাৰ বাবে ভাৰতবৰ্ষৰ স্থান অৱনমিত হোৱাৰ মূল কাৰণ হিচাপে চিনাক্ত হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ প্ৰকাশিত এই প্ৰতিৱেদনৰ তথ্য অনুযায়ী পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত ডেনমাৰ্ক, গ্ৰেট বৃটেইন, ফিনলেণ্ড, মাল্টা আৰু ছুইডেনে প্ৰথম পাঁচটা স্থান অধিকাৰ কৰিছে। প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ পিছত ভাৰতত যথেষ্ট প্ৰতিক্ৰিয়া হোৱাও দেখা গৈছে। একাংশই মত ব্যক্ত কৰিছে ভাৰতত পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় হোৱাটো সঁচা যদিও ভাৰতৰ স্থান ইমান তললৈ যোৱাটো মানি লব নোৱাৰি।

( শতাব্দ সম্পাদনা গোট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More