পিপিই কিট কেলেংকাৰী

গুৱাহাটীত 'আপ'ৰ ব্যাপক প্ৰতিবাদ, চি বি আই তদন্ত দাবী

0 5
 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা পিপিই কিট কেলেংকাৰীৰ চি বি আই তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে ব্যাপক প্রতিবাদ সাব্যস্ত কৰে। আপৰ কেইবা শতাধিক সদস্যই গণেশগুৰিত ‘বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, পিপিই কিট কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক’, ‘মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বেনাৰ, প’ষ্টাৰ, প্লে’কাৰ্ড আদি প্ৰদৰ্শন কৰে। আম আদমি পাৰ্টীয়ে অভিযোগ উত্থাপন কৰে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া ২০২০ চনত অসমৰ স্বাস্থ্যমন্ত্রী আছিল, তেতিয়া তেওঁৰ পত্নীৰ কোম্পানী জে চি বি ইণ্ডাট্রিজ আৰু তেওঁৰ পৰিয়ালৰ সহযোগী কোম্পানী ‘মেডিটাইম হেলথ্ কেয়াৰে এটাত ৯৯০ টকাকৈ পিপিই কিট যোগানৰ ঠিকা লাভ কৰিছিল। চৰকাৰে কিটসমূহ এটাত ৬০০ টকা দৰত কিনাৰ অৱকাশ থকাৰ পিছতো এনে কৰা হৈছিল। এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰে আপে। আপে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী অসমৰ সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰীৰূপে পৰিগণিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। এই সন্দৰ্ভত আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আৰু তেওঁৰ পত্নী ৰিণিকি ভুঞা শৰ্মা আৰু ঘনিষ্ঠ ঘনশ্যাম ধনুকাৰ কোম্পানীৰ বিৰুদ্ধেও তদন্ত কৰি সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায়। আপৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কয় যে এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে পিপিই কিট সমূহ তেওঁৰ পত্নীয়ে দান দিয়া বুলি কৈছে। কিন্তু দান দিয়া সামগ্ৰীৰ ‘ৱৰ্ক অৰ্ডাৰ’ থাকে নেকি বুলি তেওঁ প্রশ্ন উত্থাপন কৰে। এগৰাকী জনপ্রতিনিধি হৈ মুখ্যমন্ত্ৰীয়ে এই কেলেংকাৰীত জড়িত থাকি ভয়ংকৰ অপৰাধ সংঘটিত কৰিছে বুলি অভিযোগ কৰি তেওঁ ইয়াৰ উচিত তদন্ত দাবী কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More