পি এফ আইকে ধৰি একাধিক সংগঠনক নিষিদ্ধ ঘোষণা

২০৪৭ চনত ইছলামিক ৰাষ্ট্ৰৰ পৰিকল্পনা!

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : মুছলমান উগ্ৰপন্থী সংগঠন পি এফ আইক ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। পিএফআইৰ কাৰ্যালয়ৰ পৰা বোমা নিৰ্মাণৰ সূত্ৰৰ পৰা আৰম্ভ কৰি ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনালৈকে নথি-পত্ৰ উদ্ধাৰ কৰা বুলি বাতৰিত প্ৰকাশ। কিন্তু এই নথিসমূহত ​​কি লিখা আছে সেই সম্পৰ্কে এতিয়াও কোনো তথ্য নাই। দুদিন ধৰি পি এফ আইৰ বিভিন্ন কাৰ্যালয়ত অভিযান চলায় NIA আৰু EDয়ে। সেই সময়ত এই নথি-পত্ৰসমূহ জব্দ কৰা হৈছিল। ২৮ ছেপ্টেম্বৰৰ পুৱা PFIক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে গৃহ মন্ত্ৰালয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই পিএফআই আৰু সন্ত্ৰাসবাদৰ মাজৰ সম্পৰ্ক প্ৰমাণ কৰিছে। পি এফ আইৰ কাৰ্যালয়ত উদ্ধাৰ হৈছে এখন বোমা নিৰ্মাণৰ নিয়ম পুথি। সহজলভ্য সামগ্ৰী ব্যৱহাৰ কৰি কেনেকৈ বোমা বনাব পাৰি তাৰ কিতাপ উদ্ধাৰ কৰা হৈছে। তদন্তকাৰী বিষয়াসকলৰ মতে এই নিয়মসমূহ মানি আই ই ডি বনোৱাৰ চেষ্টা কৰা হৈছিল। ইফালে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক তীব্ৰ সমালোচনা কৰে পি এফ আয়ে। তেওঁলোকে কয়— ‘’চৰকাৰে পোনপটীয়াকৈ ভাৰতৰ গণতন্ত্ৰক আক্ৰমণ কৰিছে। তাৰ সমান্তৰালকৈ ভাৰতীয় সংবিধানকো অসন্মান কৰা হৈছে। ২৮ ছেপ্টেম্বৰৰ পৰা ইউএপিএ আইনৰ অধীনত অহা ৫ বছৰৰ বাবে পিএফআইক নিষিদ্ধ কৰা হৈছে। কেৱল পি এফ আয়েই নহয়, চি এফ আই, সৰ্বভাৰতীয় ইমাম কাউন্সিল, ৰিহাব ইণ্ডিয়া ফাউণ্ডেশ্যন, নেচনেল উইমেন ফ্ৰণ্ট আদি কেইবাটাও সংশ্লিষ্ট সংগঠনকো অবৈধ কাৰ্যত জড়িত সংগঠন হিচাপে ঘোষণা কৰা হৈছে। এই আটাইকেইটা সংগঠন একেলগে নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্ৰই। অবৈধ কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদক ইন্ধন যোগোৱাৰ বাবে এই সংগঠনসমূহক নিষিদ্ধ কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More