পি এম-কিষান কেলেংকাৰী : ভুল কৰা বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল’বলৈ ক’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে

তদানীন্তন মুখ্য সচিব জিষ্ণু বৰুৱাই ২০২০ চনত প্রস্তুত কৰা এজনীয়া তদন্তৰ প্রতিবেদনখন বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নির্দেশ দিছে৷

0 59

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান) আঁচনিৰ অধীনত সুবিধা বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে অসম চৰকাৰক ‘উচিত ব্যৱস্থা’ ল’বলৈ কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিৰ অধীনত প্ৰায় ১২ লাখ অযোগ্য কৃষকে সুবিধা লাভ কৰিছে। আমগুৰি নৱ নিৰ্মাণ সমিতিয়ে দাখিল কৰা জনস্বাৰ্থৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰে গঠিত সংমণ্ডল বিচাৰপীঠে নিৰ্দেশ দিয়ে যে ৰাজ্য চৰকাৰে ভুল কৰা বিষয়াসকলৰ বিৰুদ্ধে ‘উচিত ব্যৱস্থা’ গ্ৰহণ কৰাটো প্ৰয়োজন। ‘‘ৰাজ্য চৰকাৰে উপযুক্ত হিতাধিকাৰীক সুবিধা প্ৰদানৰ নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰিব লাগিব। কৰ্তৃপক্ষই আঁচনিৰ নিয়মমতে আৰু আইন অনুসৰি আঁচনিখন ৰূপায়ণ কৰিব লাগিব।’’— বিচাৰপীঠে ২৫ নৱেম্বৰৰ নিৰ্দেশত এইদৰে কয়। তদানীন্তন মুখ্য সচিব জিষ্ণু বৰুৱাই ২০২০ চনত প্রস্তুত কৰা এজনীয়া তদন্তৰ প্রতিবেদন অসম চৰকাৰক বিবেচনা কৰিবলৈয়ো আদালতে নির্দেশ দিয়ে৷ পি এম-কিষান আঁচনিৰ অধীনত ১১.৭২ লাখ অযোগ্য লোকে সুবিধা লাভ কৰিছিল। উচ্চ ন্যায়ালয়ে নিজৰ আদেশত উল্লেখ কৰিছে— “এইটোও ৰেকৰ্ডত অনা হৈছে যে ১৬ জন জিলা কৃষি বিষয়া আৰু ৯৮ জন কৃষি উন্নয়ন বিষয়াক বিভাগীয় তদন্তৰ আওতালৈ অনা হৈছে।” ইয়াৰ উপৰি বঙাইগাঁও জিলাৰ জিলা কৃষি বিষয়াই এফআইআৰ দাখিল কৰাৰ লগতে একাংশ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে, যিয়ে প্ৰৱঞ্চনাৰে পৰ্টেলত ৭৩৪ জন লোকক সংযোজন কৰিছিল। ২০১৯ চনত আৰম্ভ হোৱা পিএম-কিষান আঁচনিৰ অধীনত যোগ্য কৃষক পৰিয়ালক প্ৰতি বছৰে ৬ হাজাৰ টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰা হয়, যিটো ২০০০ টকাৰ তিনিটা সমান কিস্তিত প্ৰদান কৰা হয়। এই পুঁজি পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। যোৱা বছৰৰ ৪ আগষ্টত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই বিধানসভাক জনাইছিল যে সমগ্ৰ ৰাজ্যৰ মুঠ ২৩,৩৩,৮৬৪ জন কৃষকে পিএম-কিষান আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে যোৱা বছৰৰ ২০ জুলাইত সংসদত অৱগত কৰিছিল যে কেন্দ্ৰই ২০২১ চনৰ ১৫ জুলাইলৈকে ২,৯৯২.৭৫ কোটি টকা আদায় কৰিব লাগিব। পি এম-কিষান আঁচনিৰ বাবে পঞ্জীয়ন কৰা ৪২.১৬ লাখ অযোগ্য হিতাধিকাৰী কৃষকৰ পৰা সৰ্বাধিক আদায় কৰিবলগীয়া ধন অসমৰ ভুৱা হিতাধিকাৰীৰ। “এই মুঠ ধনৰ ভিতৰত ৫৫৪.০১ কোটি টকা অসমৰ ৮.৩৫ লাখ অযোগ্য কৃষকৰ পৰা আদায় কৰিব লাগিব।”— টোমাৰে এইদৰে কৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More