পুনৰ মূল্যবৃদ্ধি! ১৮ জুলাইৰ পৰা বাঢ়িব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাই : বস্তুৰ বৰ্ধিত মূল্য দেখি হতাশ হৈ পৰিছে সাধাৰণ মানুহ। দৈনিক ভাতসাজ খোৱাৰ ক্ষেত্ৰতো অসুবিধা পাইছে। কেৱল খাদ্যই নহয়, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবোৰো দিনক দিনে সাধ্যৰ বাহিৰ হৈ গৈ আছে। কম আয় আৰু বৃদ্ধি পোৱা ব্যয়ৰ মাজত আটাইতকৈ বেছি সংকটত পৰিছে দেশৰ সাধাৰণ নাগৰিক। ইয়াৰ মাজতে আকৌ এটা বেয়া খবৰ! অহা সপ্তাহৰ পৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু কিছু সেৱাৰ দাম বৃদ্ধি পাব বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে। বৰ্ধিত মুদ্ৰাস্ফীতিৰ সন্মুখলৈ পুনৰ ঠেলি দিবলৈ গৈ আছে সাধাৰণ মানুহক। ১৮ জুলাইৰ পৰা দৈনন্দিন প্ৰয়োজনীয় কিছুমান সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এতিয়াৰ পৰা আপুনি দৈনিক বিভিন্ন খাদ্য সামগ্ৰীৰ বাবে অধিক ধন দিব লাগিব। এই কথা প্ৰকাশ কৰে জি এছ টিৰ ৪৭ সংখ্যক বৈঠকৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ১৮ জুলাইৰ পৰা কিছু নতুন সামগ্ৰী আৰু কিছুমান সামগ্ৰী আৰু সেৱাৰ জিএছটিৰ হাৰ বৃদ্ধি কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উক্ত তাৰিখৰ পৰা পনিৰ, দৈ, মাখন, পেকেট কৰা দৈ, ঘেঁহুৰ আটা, অন্যান্য শস্য, মৌ, পেপৰিকা, খাদ্য শস্য, মাংস আৰু মাছ (ফ্ৰ’জেন বাদ দি), মূৰি আৰু গুড় আদি প্ৰি-পেকেজড লেবেলৰ মূল্য বৃদ্ধি পাইছে। এই সামগ্ৰীসমূহৰ ওপৰত বৃদ্ধি কৰা হৈছে কৰ। বৰ্তমান ব্ৰেণ্ডেড আৰু পেকেজড খাদ্যৰ ওপৰত ৫ শতাংশ জি এছ টি আৰোপ কৰা হৈছে। পেক নকৰা আৰু লেবেলবিহীন সামগ্ৰীসমূহ অৱশ্যে কৰমুক্ত।

* ১৮ জুলাইৰ পৰা কোনবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব?
১) টেট্ৰা পেক দৈ, দৈ আৰু বাটাৰ মিল্কৰ দাম বৃদ্ধি পাব কাৰণ ১৮ জুলাইৰ পৰা ইয়াত ৫% জি এছ টি আৰোপ কৰা হ’ব, যিটো পূৰ্বে প্ৰযোজ্য নাছিল।
২) চেকবুক প্ৰদানৰ বাবে বেংকে লোৱা সেৱাৰ ওপৰত এতিয়া ১৮% জিএছটি আৰোপ কৰা হ’ব।
৩) এখন চিকিৎসালয়ত ৫ হাজাৰ (নন আই চি ইউ)তকৈ অধিক মূল্যৰ ঘৰৰ ভাড়াত আৰোপ কৰা হ’ব ৫ শতাংশ জি এছ টি।
৪) ভূচিত্ৰাৱলীকে ধৰি মানচিত্ৰত আৰোপ কৰা হ’ব ১২ শতাংশ জি এছ টি।
৫) প্ৰতিদিনে ১০০০ টকাতকৈ কম ভাড়াত দিয়া হোটেলৰ কোঠাৰ ওপৰত ১২ শতাংশ জি এছ টি আৰোপ কৰা হ’ব, যিটো পূৰ্বে আৰোপ কৰা হোৱা নাছিল।
৬) এল ই ডি লাইটৰ ওপৰত আৰোপ কৰা হ’ব ১৮ শতাংশ জি এছ টি, যিটো পূৰ্বে প্ৰযোজ্য নাছিল।
৭) ব্লেড, কেঁচি, পেঞ্চিল শ্বাৰপেনাৰ, চামুচ, কাঁটাচামুচ, স্কিমাৰ আৰু কেক-চাৰ্ভাৰৰ জিএছটি পূৰ্বে ১২ শতাংশ আছিল, যিটো ১৮ শতাংশলৈ বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More