পুৰণা বটলত ভুৱা লেবেল

তেজপুৰত সুৰাৰ অবৈধ কাৰখানা উৎখাত:আটক দুজনক

0 11
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬মে’: তেজপুৰ আৱকাৰীৰ নাকৰ তলতে তেজপুৰৰ ডেকাৰগাঁৱত  অৰুণাচলী সুৰাৰ বটলৰ ওপৰত একাংশ নামী কোম্পানীৰ ভূৱা লেবেল লগাই চোৰাংবজাৰত বিক্ৰী কৰি অহাৰ এক ঘটনা পোহৰলৈ আহিছে। আজি তেজপুৰৰ এই স্থানত ৰঙাপৰা আবকাৰীয়ে চলোৱা অভিযানত অৰুণাচলী সুৰাৰ এই বৃহৎ অবৈধ বেহা উদ্ঘাটন হোৱাৰ বিপৰীতে তেজপুৰ আৱকাৰীৰ একাংশ পৰিদৰ্শকৰ স্বৰূপ উদঙাই দিছে। শোণিতপুৰ আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ৬-৩০ বজাত আৱকাৰী অধীক্ষক বৰিছ বৰকাকতিৰ নেতৃত্বত তেজপুৰ সদৰৰ আৱকাৰী পৰিদৰ্শক দেৱ কুমাৰ দাস আৰু ৰঙাপৰাৰ আৱকাৰী পৰিদৰ্শক জয়ন্ত চৌধুৰী সহ এটা দলে তেজপুৰৰ ডেকাৰগাঁৱৰ সুমন্ত বৰা (দিপু) নামৰ এজন লোকৰ ঘৰত অৰ্তকিতে অভিযান চলায় । আবকাৰী বিভাগে চলোৱা এই অভিযানৰ সময়ত বৰাৰ বাসগৃহৰ পৰা বিভিন্ন নামী সুৰা কোম্পানীৰ ভিতৰত মেকডুৱেল নম্বৰ ১ ৰ ৪০৯২ টা ভুৱা লেবেল আৰু ৪০০৫ টা ভুৱা হ’ল গ্ৰামযুক্ত লেবেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি, আন তিনিটা সুৰা কোম্পানীৰ ভুৱা লেবেল যুক্ত ১২২টা অৰুণাচলী সুৰাৰ বটল উদ্ধাৰ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বৰাই  অৰুণাচলীসুৰা  গোপনে সৰবৰাহ কৰি নিজৰ ঘৰত পুৰণি লেবেল আঁতৰাই তাৰ ঠাইত নতুনকৈ আন বিভিন্ন কোম্পানীৰ ভুৱা হ’ল’গ্ৰামযুক্ত লেবেল লগাই বিক্ৰী কৰি আহিছিল। ইয়াৰোপৰি অবৈধ সুৰা ব্যৱসায়ীজনে অতি ঘনিষ্ঠ কোনো প্ৰেছত সুৰাৰ ভুৱা হলগ্ৰাম আৰু লেবেল ছপা কৰি তেজপুৰকে ধৰি বিভিন্ন স্থানলৈয়ো প্ৰেৰণ কৰিছিল বুলি সদৰী কৰিছে আবকাৰী বিভাগৰ সূত্ৰই। আবকাৰী বিভাগে ঘটনা সন্দৰ্ভত টি এক্স ৩০/২০২২ আৰু টি এক্স ৩১/২০২২ নম্বৰৰ দুটা গোচৰ ৰুজু কৰি বৰা আৰু এই বেহাৰে জড়িত আন এজন অভিযুক্ত জয়ন্ত দাসক নামৰ আটক কৰিছে। অভিযোগ অনুসৰি কেবল অৰুণাচলী সুৰাই নহয় ম্যাদ উকলা সুৰা কম মূল্যতে সংগ্ৰহ কৰি পুৰণা বটলত নতুন লেৱেল লগাই সেই সুৰাও বিক্ৰী কৰি আহিছিল দুই অভিযুক্তই। উল্লেখযোগ্য যে আজিৰ অভিযানত ভালেসংখ্যক পুৰণা সুৰাৰ বটলো উদ্ধাৰ কৰে আৱকাৰী বিভাগে। ইপিনে তেজপুৰত সুৰাৰ অবৈধ বেহাৰে আৱকাৰী বিভাগৰে লোকো জড়িত থকাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত এজন পৰিদৰ্শকলৈয়ো আঙুলি উঠিছে। পাঁচবছৰে তেজপুৰতে আচৰিত ভাবে খোপনি পোতা এইজন আবকাৰী কৰ্মচাৰীয়ে একাংশ ধাবাৰ লগতে সুৰাৰ চোৰাং  ব্যৱসায়ীৰে বুজাপৰা কৰি আহিছে বুলি আজি চৰ্চিত হৈছে আৰু মিছামাৰী আৰু তেজপুৰ পৰোৱাৰ চোৰাং সুৰা ব্যৱসায়ীৰেও বুজাপৰা গঢ়ি তোলা বুলি অভিযোগ উঠিছে। আজি অভিযান চলা স্থানৰ বিষয়েও এইজন আৱকাৰী কৰ্মচাৰীয়ে পূৰ্বৰে পৰাই অৱগত আছিল বুলিও আজি চৰ্চিত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More