পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত গণ আন্দোলন গঢ়ি তোলাৰ সংকল্প

যোৰহাটত চৰকাৰী এন.পি.এছ সংস্হাৰ সাধাৰণ সভা

0 48

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ জুন : সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংস্থাৰ যোৰহাট জিলা সমিতিৰ এখন সাধাৰণ সভা আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চেমিনাৰ হ’লত জিলা সমিতিৰ সভাপতি দীপাংকৰ শেখৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠানৰ প্ৰতিনিধি সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখা কৰে যোৰহাট নগৰ আঞ্চলিক সমিতিৰ সম্পাদক মানৱজ্যোতি নেওগে । জিলা সমিতিৰ সহকাৰী সম্পাদক পুতুল বৰুৱাই আঁত ধৰা সভাখনত নগৰ আঞ্চলিক সমিতিৰ সভাপতি তথা অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মাণ্ডলিক সমিতিৰ সম্পাদক ড° অনন্ত তামুলীয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত আমন্ত্ৰিত অতিথি হিচাপে যোৰহাট অধিবক্তা সন্হাৰ সভাপতি হেমেন বৰা, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ত্ৰিদিপ বৰুৱা, সম্পাদক অনুপম গগৈ, অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ড° ক্ষীৰোদ শইকীয়া , সদৌ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী মহাসংঘৰ সম্পাদক শ্ৰীমন্ত মাধৱ দত্ত, অসম কৃষি বিশ্ববিদ্যালয় কৰ্মচাৰী সন্হাৰ সম্পাদক মালবিকা বৰকোঁচ, মাধ্যমিক শিক্ষক সন্হাৰ সম্পাদক মন্টু বৰদলৈ প্ৰমুখ্যে কেইবা গৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰি এন.পি.এছৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰি পুৰণি পেঞ্চনৰ দাবীত ইতিমধ্যে চলাই থকা আন্দোলন আৰু শক্তিশালী কৰাৰ আহবান জনায় । কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কেশৱানন্দ বৰাই সদৌ অসম এন.পি.এছ বিৰোধী সংগ্ৰামখনৰ বিভিন্ন কাৰ্যসূচী সমূহৰ ওপৰত আলোকপাত কৰি সৰ্বভাৰতীয় পৰ্যায়ত কেনেদৰে আগবাঢ়িছে তাক উল্লেখ কৰে আৰু লগতে এই আন্দোলন এক গণ আন্দোলনলৈ পৰিণত কৰিব পৰাকৈ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোকে আহবান জনায় । সভাত জিলাখনৰ পাঁচখন আঞ্চলিক সমিতিৰ প্ৰতিনিধি সকলে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ এন.পি.এছ কৰ্মচাৰী সকলক একত্ৰিত কৰাৰ লগতে এন.পি.এছ বিৰোধী প্ৰচাৰ পত্ৰ বিতৰণ, যোৰহাট জিলাৰ অন্তগৰ্ত বিধায়ক আৰু সাংসদক স্মাৰক পত্ৰ প্ৰদান আদি কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰি সংস্থাৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা সকলো কাৰ্যসূচী ৰূপায়ণৰ সংকল্প গ্ৰহণ কৰে । সংস্থাৰ জিলা সমিতিৰ সম্পাদক দীপাংকৰ বৰাই বিগত দিনৰ কাম কাজৰ খতিয়ান দাঙি ধৰি সকলো সদস্যৰ সহযোগিতা বিচাৰে । সভাত সাংগঠনিক সম্পাদক  আজিজ আলিয়ে সংস্থাৰ সাংগঠনিক দিশ আলোকপাত কৰি পুঁজি গঠনৰ দিশটো গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায় । সভাৰ শেষত সভাপতি দীপাংকৰ শেখৰ খাউণ্ডে সকলো সদস্যই সতীৰ্থসকলক একেখন মঞ্চলৈ অনাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । শেষত ইষ্টিয়াক আহমেদে শলাগৰ শৰাই আগবঢ়ায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More