পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীৰ ১৫ কোটি টকাৰ ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰিছে প্ৰদেশ কংগ্ৰেছে

0 12

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত। ক’ভিডৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ উত্তৰ দিয়ক এতিয়াৰ মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চীনৰ পৰা পি পি ই কীট বাদেই ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্রী ক্ৰয় কৰা নাই আৰু এনে সামগ্ৰীৰ বাবদ কাকো এটকাও আদায় দিয়া নাই। শ্বেতপত্র প্রকাশ কৰাৰ দাবী কংগ্ৰেছৰ।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে’: ক’ভিডৰ নামত বৰ্তমানৰ মুখ্যমন্ত্রী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেলেংকাৰি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই। তেওঁ কয় যে ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ ‘ৰান-ৱে’ত ‘ব্লু-ডাৰ্ট’ৰ এখন সামগ্ৰী পৰিবাহী বিমানৰ সন্মুখত থিয় হৈ চীন দেশৰ পৰা অসমে ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৫০,০০০ বিশেষ পি পি ই কীট আমদানি কৰি আনিছে বুলি প্ৰচাৰ চলাইছিল তেতিয়াৰ স্বাস্থ্য তথা বিত্ত মন্ত্রী আৰু আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। সেই সময়ৰ ফাঁকি এতিয়া জলজল পটপটকৈ ওলাই পৰিল। অসমৰ চিকিৎসক আৰু নাৰ্ছসকলৰ নিৰাপদ চিকিৎসা সেৱাৰ তাগিদাত দেশৰ ভিতৰতে অসম প্ৰথমে চীনৰ পৰা নিজাববীয়াকৈ পি পি ই কীট আমদানি কৰিছে বুলি তেতিয়া ঘোষণা কৰি হিমন্ত বিশ্ব শৰ্মাই সৰ্বত্ৰ বাহ বাহ ল’বলৈ চেষ্টা কৰা ভেল্কিবাজীৰ স্বৰূপ শেহতীয়াকৈ অতি উলংগ ৰূপত ৰাইজৰ সন্মুখত উন্মোচিত হ’ল বুলি তেওঁ কয়। তেওঁ সংবাদ মাধ্যমৰ উদ্ধৃতি দি ‘আৰ টি আই’ৰ প্ৰসংগৰে কয় যে অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চীনৰ পৰা পি পি ই কীট বাদেই ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্রী ক্ৰয় কৰা নাই আৰু এনে সামগ্ৰীৰ বাবদ কাকো এটকাও আদায় দিয়াৰ তথ্য ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ হাতত নাই। অর্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে পোনে পোনেই হিমন্ত বিশ্ব শৰ্মাৰ দাবীক নস্যাৎ কৰিলে আৰু প্রত্যক্ষভাৱেই ইয়াক মিছা বুলি অভিহিত কৰিলে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে আৰ টি আইৰ উত্তৰত ইয়াকো জনালে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে দেশৰ বিভিন্ন প্রতিষ্ঠানক পি পি ই কীট যোগানৰ কাম ন্যস্ত কৰিছিল। তেওঁ কয় যে এখন সৰ্বভাৰতীয় বাৰ্তালোচনীত হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ নিয়ম ভাঙি চীনৰ পি পি ই কীট ক্রয় কৰিবলৈ আগবাঢ়িল সেই সম্পৰ্কে এটা বাতৰি প্ৰকাশ পাইছিল। য’ত দিল্লীৰ এটা যোগানকাৰী প্ৰতিষ্ঠানক অসম চৰকাৰে ২০২০ চনৰ ২৯ মাৰ্চত ৫০,০০০ পি পি ই কীট যোগানৰ ফৰমাচ দিছিল বুলি প্ৰকাশ। কিন্তু এতিয়া ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ আৰ টি আইৰ উত্তৰত কোৱা হৈছে ২০২০ চনৰ ১৮ মাৰ্চৰ পৰা ২০২২ চনৰ ৪ জানুৱাৰীলৈকে অসমলৈ ৫০,০০০ পি পি ই কীট যোগানৰ কোনো তথ্য নাই। ইয়াৰ মাজত কেৱল ২০২০ চনৰ ২৮ মাৰ্চত এম বি ট্রেডাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ পৰা ৯৫১.০৮ টকা দৰত ১০,০০০ পি পি ই কীট ক্ৰয়ৰ তথ্যহে স্বাস্থ্য মিছনৰ তথ্যত উল্লেখ কৰা হয়। অর্থাৎ ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা হিমন্ত বিশ্ব শৰ্মাই সাফল্যৰ ফটা ঢোল বজোৱা এখন নাটক সুকলমে মঞ্চস্থ কৰিলে বুলি তেওঁ অভিযোগ কৰে। তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি প্রশ্ন কৰি কয় যে সেই ৫০,০০০ পি পি ই কীট যদি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে ক্ৰয় কৰা নাছিলেই তেন্তে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক কোনে সেই পি পি ই কীট ক্ৰয় কৰিছিল। আনহাতে সেই ৫০,০০০ পি পি ই কীটৰ বাবদ ১৫ কোটি টকা কোনে ব্যয় কৰিছিল। সেই ৫০,০০০ পি পি ই কীট এতিয়া ক’ত জমা কৰি থোৱা আছে আৰু চীন দেশৰ পৰা ৫০,০০০ পি পি ই কীট ক্ৰয় কৰি যোগান ধৰিবলৈ কোন ভাৰতীয় প্ৰতিষ্ঠানক ফৰমাচ দিয়া হৈছিল। ক’ভিড পৰিস্থিতিৰ মোকাবিলাত হোৱা আয়-ব্যয়ৰ হিচাব ৰাজহুৱা কৰিবলৈ বাৰম্বাৰ বিভিন্ন পক্ষই দাবী জনোৱাৰ পিছতো কিয় আজিলৈকে সকলো গাপ দি থোৱা হ’ল বুলি প্ৰশ্ন কৰি তেওঁ উত্তৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায়। প্রদেশ কংগ্ৰেছে এই বিষয়ত এখন শ্বেতপত্র প্রকাশ কৰি অসমৰ ৰাইজক সকলো সত্য তথ্য সহকাৰে দাঙি ধৰিবৰ বাবে চৰকাৰক দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More