পৃথিৱীলৈ পানী ক’ৰ পৰা আহিল জানেনে

মহাকাশ অভিযান গৱেষণাত চাঞ্চল্যকৰ তথ্য

0 54

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱী উত্তপ্ত হৈ আছিল। ইয়ালৈ পানী ক’ৰ পৰা আহিল? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। জ্যোতিৰ্বিজ্ঞানীসকলে এতিয়াও গৱেষণা কৰি আছে। অৱশ্যে শেহতীয়াকৈ জাপানৰ মহাকাশ অভিযানৰ গৱেষণাত পৃথিৱীৰ পানীৰ উৎস সম্পৰ্কে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মহাকাশ অভিযানত সংগ্ৰহ কৰা বিৰল নমুনাসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকল এক বিশেষ সিদ্ধান্তত উপনীত হৈছে।

* পৃথিৱীলৈ অনা মৌলৰ গৱেষণা
বিজ্ঞানীসকলৰ মতে সৌৰজগতৰ বাহিৰৰ কোনো গ্ৰহাণুৰ পৰা হয়তো পৃথিৱীলৈ পানী আহিছে। জাপানৰ বিজ্ঞানীসকলে প্ৰায় ৬ বছৰ ধৰি জীৱৰ উৎপত্তি আৰু বিশ্বব্ৰহ্মাণ্ডৰ গঠন সম্পৰ্কে অনুসন্ধান কৰি আহিছে। ২০২০ চনত হায়াবুছা-২ মহাকাশযানৰ দ্বাৰা গ্ৰহাণুৰ পৰা ৫.৪ গ্ৰাম শিল আৰু ধূলি অনা হৈছিল। পৃথিৱীলৈ অনা সেই মৌলবোৰৰ ওপৰত গৱেষকসকলে অধ্যয়ন অব্যাহত ৰাখিছে।

* পৃথিৱীত সাগৰ কেনেকৈ আবিৰ্ভাৱ হ’ল?
যোৱা জুন মাহত গৱেষকৰ এটা দলে কৈছিল যে তেওঁলোকে জৈৱিক পদাৰ্থ বিচাৰি পাইছে। এই গৱেষণাৰ পৰা দেখা গৈছে যে পৃথিৱীৰ জীৱৰ কিছুমান বিল্ডিং ব্লক এমিনো এচিড মহাকাশৰ পৰা অহা বুলি জানিব পৰা গৈছে। নেচাৰ এষ্ট্ৰ’নমী নামৰ আলোচনীখনত প্ৰকাশিত এখন নতুন গৱেষণা পত্ৰই হয়তো কোটি কোটি বছৰৰ আগতে পৃথিৱীত কেনেকৈ মহাসাগৰ গঠন হৈছিল তাৰ ৰহস্যৰ ওপৰত পোহৰ পেলাব পাৰে বুলি বিজ্ঞানীসকলে কয়।

* পৃথিৱীত পানীৰ উৎস বিষয়ত গৱেষণা
অস্থিৰ আৰু জৈৱিক পদাৰ্থৰে সমৃদ্ধ চি টাইপ গ্ৰহাণু পৃথিৱীৰ পানীৰ অন্যতম মূল উৎস হ’ব পাৰে বুলি ১৫ আগষ্ট সোমবাৰে প্ৰকাশিত জাপান আৰু অন্যান্য দেশৰ বিজ্ঞানীসকলৰ এক অধ্যয়নত প্ৰকাশ পাইছে। পৃথিৱীত অস্বাভাৱিক জৈৱিক পদাৰ্থ আৰু পানী যোগান এতিয়াও যথেষ্ট বিতৰ্কৰ বিষয় হৈয়ে আছে। ইয়াৰ ওপৰত এতিয়াও গৱেষণা চলি আছে।

* দুবছৰ পূৰ্বে পৃথিৱীৰ কক্ষপথলৈ হায়াবুছা-২
বিজ্ঞানীসকলৰ মতে এই অধ্যয়নত চিনাক্ত কৰা কণাবোৰৰ পৰা জৈৱিক পদাৰ্থ এটা গুৰুত্বপূৰ্ণ উৎস। কিন্তু ই একমাত্ৰ উৎস নহয়। ২০১৪ চনত মুকলি কৰা হায়াবুছা-২এ প্ৰায় ৩০ কোটি কিলোমিটাৰ দূৰত থকা ৰ্যুগু মিছনৰ নমুনা সংগ্ৰহ কৰিছিল। দুবছৰ পূৰ্বে ই পৃথিৱীৰ কক্ষপথলৈ ঘূৰি আহিছিল। গৱেষকসকলেও এই অভিযানৰ তথ্যক আদৰণি জনায়। গৱেষকসকলে লগতে কয় যে ৰ্যুগু কণাসমূহ নিঃসন্দেহে অধ্যয়নৰ বাবে উপলব্ধ সৌৰজগতৰ আটাইতকৈ প্ৰদূষিত পদাৰ্থসমূহৰ ভিতৰত অন্যতম। এই বহুমূলীয়া নমুনাবোৰ অধ্যয়ন কৰি আমি আদিম সৌৰজগতৰ প্ৰক্ৰিয়াবোৰ বুজিবলৈ চেষ্টা কৰিছোঁ। এই গৱেষণাৰ জৰিয়তে পৃথিৱীত পানী আৰু জীৱৰ উৎসৰ বিষয়ে জ্ঞানৰ পৰিসৰ বৃদ্ধি পাইছে। বিজ্ঞানীসকলৰ মতে শীঘ্ৰেই এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ। তেতিয়াহে এই গৱেষণাৰ চূড়ান্ত প্ৰতিবেদন আগবঢ়াই অনা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More