পৃথিৱীৰ ফালে ধাৱমান ধুমকেতু

মহাকাশত উত্তেজনা...

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : বৰ্তমান পৃথিৱীৰ ফালে তীব্ৰ গতিৰে আহি আছে, কিন্তু পিছত ই চন্দ্ৰৰ ফালে গতিপথ সলাব। C / 2017 K2 নামৰ এই বিশাল ধুমকেতুটো সম্প্ৰতি পৃথিৱীৰ ফালে আহি আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, এই ধুমকেতুটো মাত্ৰ আৱিষ্কাৰ হৈছেহে। ইয়াৰ বিষয়ে ২০১৬ চনত প্ৰথমবাৰৰ বাবে জনা গৈছিল। অহা ১৪ জুলাইত এই ধুমকেতুটো পৃথিৱীলৈ বুলি আহি আছে। নাছাৰ হাবল স্পেচ টেলিস্কোপে ইয়াক আৱিষ্কাৰ কৰিছিল। ২০১৬ চনত যেতিয়া ইয়াক টেলিস্কোপৰ কেমেৰাত বন্দী কৰা হৈছিল, তেতিয়া ই শনি আৰু ইউৰেনাছৰ মাজত আছিল। কিন্তু এতিয়া ই পৃথিৱীৰ বহু ওচৰ চাপিছে। মাত্ৰ ২৬ কোটি কিলোমিটাৰ দূৰত। যদিও ই এতিয়াও পৃথিৱীৰ বাবে ইমান ভয়ংকৰ হৈ পৰা নাই। অৱশ্যে পৰৱৰ্তী সময়ত ই চন্দ্ৰলৈ ঘূৰিব বুলি জনা গৈছে। কিন্তু সকলোবোৰ অনুমানহে। ধুমকেতু ক’ৰ পৰা আহে? আমাৰ মহাকাশত এটা অঞ্চল আছে যাৰ নাম Wort Cloud। যিটো এলেকা ধুমকেতুৰ উৎস। সময়ে সময়ে এনে উল্কাপিণ্ডৰ দৰে বস্তু এই গোলক ডাৱৰৰ পৰা ওলাই আহে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More