পেগাছাছৰ পিছত ড্ৰ’নেৰে সীমান্তত চোৱাচিতা!

 ইজৰাইলী সংস্থাৰ সহায় বন্ধু দেশ ভাৰতক

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : ইজৰাইলে পুনৰ নিজৰ বন্ধু ভাৰতক সহায় কৰিবলৈ ওলাইছে। ইজৰাইল চৰকাৰৰ অধীনৰ এটা কোম্পানীয়ে পাকিস্তান সীমান্ত নিৰীক্ষণৰ বাবে ৬৭ খন ড্ৰ’ন প্ৰেৰণ কৰিব। খবৰ অনুসৰি এই ড্ৰ’নবোৰ হেলিকপ্টাৰৰ দৰে দেখা যাব। এই হেলিকপ্টাৰসমূহত মোতায়েন কৰা হ’ব শক্তিশালী কেমেৰা। উপ-ফ্ৰীজিং উষ্ণতাতো এই ড্ৰ’নে সুচাৰুৰূপে কাম কৰিব। এই ড্ৰ’নসমূহ নিৰ্মাণৰ বাবে নিবিদা অনুষ্ঠিত কৰা হৈছিল। সূত্ৰ অনুসৰি এপ্ৰিল মাহত চোৱাচিতা ড্ৰ’ন নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। তিনি বিলিয়ন ডলাৰৰ বিনিময়ত ইজৰাইল এৰোস্পেচ ইণ্ডাষ্ট্ৰীজে এই ড্ৰ’ন নিৰ্মাণ কৰিব। এই ড্ৰ’নসমূহ ভাৰততে নিৰ্মাণ কৰা হ’ব। এই ড্ৰ’ন ঠিক হেলিকপ্টাৰৰ দৰেই আকাশত উৰিব পাৰে। আকাশত উৰি থাকোতে ড্ৰ’নত কেমেৰাৰে ফটো আৰু ভিডিঅ’ ল’ব পাৰে। এই কেমেৰাটোৱে ৪৫ মিনিটতকৈ অধিক সময় অবিৰতভাৱে কাম কৰিব পাৰে। ভাৰত-পাক সীমান্তত চলি থকা এই ড্ৰ’নবোৰৰ মূল বৈশিষ্ট্য হ’ল কেমেৰাবোৰে ফটোবোৰ লোৱাৰ পিছত লগে লগে প্ৰেৰণ কৰিব পাৰে। ৰাতিৰ আন্ধাৰত সমানে কাম কৰিবলৈ সক্ষম এই ড্ৰ’ন। বতৰ সলনি হ’লেও ড্ৰ’ন কেমেৰাত কোনো প্ৰভাৱ নপৰে। এই ড্ৰ’ন প্ৰতি ছেকেণ্ডত দহ মিটাৰ বেগত উৰিব পাৰে। এই কেমেৰাই দুই কিলোমিটাৰ দূৰত থকা বস্তুৰো ফটো তুলিব পাৰে। বতাহত থকাৰ সময়ত যদি ড্ৰ’নখন ভাঙি যায় তেন্তে ই দুৰ্ঘটনাগ্ৰস্ত নহ’ব; উৰুৱাই দিয়া ঠাইলৈ ঘূৰি আহিব। জানিব পৰা মতে, এই ড্ৰ’ন পাকিস্তান সীমান্তত (ভাৰত-পাকিস্তান সীমান্ত) ৰাজস্থান, পঞ্জাৱ আৰু গুজৰাটত ব্যৱহাৰ কৰা হ’ব। ইজৰাইলে সদায় নিৰাপত্তা বিষয়ত ভাৰতক সহায় কৰি আহিছে। পাকিস্তানত ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ সময়তো ইজৰাইলী বোমা ব্যৱহাৰ কৰা হৈছিল। প্ৰসংগক্ৰমে বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত স্পাইৱেৰ পেগাছাছ ব্যৱহাৰ কৰিছিল। ইজৰাইলৰ এটা কোম্পানীয়েই এই চফটৱেৰটো প্ৰস্তুত কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More