পেট্ৰল-ডিজেলত লাগি থাকোতেই কেৰাচিনৰ চেঞ্চুৰি

0 41
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ কেৰাচিন তেলে শতক কোবাব বুলি আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। আৰু তাকেই সত্য প্ৰমাণ কৰিলে ১৬ জুলাইত। দুখীয়াৰ ইন্ধন হৈছে কেৰাচিন তেল। এই মাহত কেৰাচিন তেলৰ ‘ইছ্যু মূল্য’ প্ৰতি লিটাৰত ১৩ টকা বৃদ্ধি কৰিছে চৰকাৰী তেল কোম্পানীয়ে। যোৱা ৭ মাহত কেৰাচিনৰ মূল্য ৫৩ টকাৰো অধিক বৃদ্ধি পাইছে। কেৰাচিন তেলৰ দাম ঠিক কিমান বৃদ্ধি হ’ল জানেনে? ২০২২ চনৰ জানুৱাৰী মাহত প্ৰতি লিটাৰ কেৰাচিনত ৪৮ টকা ৫৫ পইচা আছিল। জুলাই মাহত সেই দাম বৃদ্ধি পাই ১০১ টকা ৫৮ পইচা হৈছেহি। অৰ্থাৎ সাধাৰণ দৰিদ্ৰ লোকে এক লিটাৰ কেৰাচিন তেল কিনিবলৈ ১০১ টকা ৫৮ পইচা দিবলগীয়া হৈছে। ৰন্ধন গেছৰ দাম হাজাৰ টকা অতিক্ৰম কৰি যোৱাত বহুতে কেৰাচিন তেল ব্যৱহাৰ কৰাৰ কথা ভাবিছিল। এইবাৰ ইয়াৰ মূল্যও বৃদ্ধি পালে। ফলত দৰিদ্ৰ লোকৰ উশাহ-নিশাহ বন্ধ হোৱাৰ দৰে অৱস্থা। মন কৰিবলগীয়া যে ইতিমধ্যে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাইছে। ইয়াৰ ফলত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। আৰু এইবাৰ দৰিদ্ৰ লোকৰ বাবে ইন্ধনৰ (কেৰাচিন তেল) দাম বৃদ্ধি পাইছে। ফলত সাধাৰণ ৰাইজৰ বাবে ই মূৰৰ কামোৰণি। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বাবেই এই মূল্যবৃদ্ধি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। কেৰাচিনৰ মূল্য বৃদ্ধিৰ উপৰি এই তেলৰ ওপৰত ৫ শতাংশ হাৰত জি এছ টি আৰোপ কৰা হৈছে। এনে অৱস্থাত ডিলাৰসকলে কেৰাচিনৰ মজুতো হ্ৰাস কৰিছে। বিশেষজ্ঞসকলৰ মতে এনেদৰে চলি থাকিলে সমাজৰ এক বৃহৎ অংশৰ ক্ৰয় ক্ষমতা কমি যাব। কেৰাচিন ডিলাৰ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক অশোক গুপ্তাই কয়— “এতিয়া মূল্যবৃদ্ধিৰ বাবে আবণ্টিত কেৰাচিনৰ ৫০ শতাংশ সংগ্ৰহ কৰিব পৰা নাই।জুলাই মাহত বিক্ৰী কাৰ্যতঃ বন্ধ হ’ব।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More