পোন্ধৰ বছৰীয়া কৰ্কট ৰোগৰ যান্ত্ৰণাৰ মাজতো গ্ৰন্থ ৰচনা তেজপুৰৰ পুতুমাই বৰাৰ

তেজপুৰৰ "মৈত্ৰী সংঘ"ৰ উদ্যোগত উন্মোচিত হ'ল "ন-পুৰণি বিয়া নাম" শীৰ্ষক গ্ৰন্থ

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ জুন: বিয়াৰ জোৰোণ আহোতে গোৱা নাম, জোৰোণ আদৰা নাম, জোৰোণ পিন্ধোৱা নাম, কইনা নোৱাওঁতে গোৱা নাম, দৈয়ন দিয়া নাম, গাঁথিয়ন খুন্দাৰ নাম, সুৱাগুৰি তোলা নাম, আখৈ তোলা নাম, দৰাৰ পানী তোলা নাম, জোৰা নামকে ধৰি এখন বিয়াত পৰম্পৰাগত ভাবে নামতি – আয়তী সকলে পৰিবেশন কৰি অহা বিয়ানামৰ সকলো দিশ সামৰি আজি তেজপুৰত উন্মোচিত হ’ল “ন-পুৰণি বিয়ানাম” শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা তেজপুৰৰ অন্যতম মহিলাৰ অনুষ্ঠান “তেজপুৰ মৈত্ৰী সংঘ” ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখনৰ উন্মোচনৰ আৰম্ভণিতে লেখিকা পুতুমাই বৰাই কেবাটাও বিয়ানামৰ কলি আওৰাই ভাষণ প্ৰদান কৰে। সুদীৰ্ঘ পোন্ধৰ বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা  পুতুমাই বৰাই ভাষণ প্ৰসংগত সমাজত প্ৰায় লুপ্ত হ’বলৈ ধৰা বহু পুৰণি কিছু বিয়ানাম নিজে লিখা আৰু প্ৰায় ৬০ বছৰমান আগতে গোৱা অ’ৰ ত’ৰ বিয়ানাম সংগ্ৰহ কৰি এই গ্ৰন্থখন ৰচনা কৰা হৈছে বুলি কয়। মৈত্ৰী সংঘৰ সভানেত্ৰী ভানু হাজৰিকাৰ পৌৰোহিত্যত সদস্যা কাঞ্চন শইকীয়াই আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় জ্যেষ্ঠ সদস্যা তথা কন্ঠশিল্পী কল্পনা কলিতাৰ নেতৃত্বত সদস্যা সকলৰ “মৈত্ৰী সংঘ” ৰ শীৰ্ষ গীতেৰে ।আনহাতে মৈত্ৰী সংঘৰ সদস্যা সকলৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বিশেষ গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰি “মৈত্ৰী সংঘ” ৰ সম্পাদিকা তথা বিশিষ্ট সমাজকৰ্মী মিনাক্ষী শৰ্মাই উন্মোচনী ভাষণত মুখ বাগৰি বাগৰি অসমৰ জনজীৱনৰ অমূল্য সম্পদ হিচাপে পৰিগণিত হোৱা বিয়ানামৰ প্ৰাসংগিকতা, ঠাই অনুসৰি বিয়ানামৰ বিশেষত্ব, ইয়াৰ সুৰ, পৰিৱেশন শৈলীৰ ওপৰত অতি সুন্দৰ ভাবে আলোকপাত কৰে। বিয়ানামৰ কোনো ৰচয়িতা নাই, ইয়াক পৰিৱেশনত কোনো ধৰণৰ বাদ্য যন্ত্ৰ নালাগে বুলি মন্তব্য কৰি মৈত্ৰী সংঘৰ মজিয়াত এনে এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পোৱাতো এক আশাব্যঞ্জক খবৰ বুলি কয়। প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতা আৰু ৰীতা গগৈয়ে গীত পৰিবেশন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰ সাহিত্য সভাৰ সম্পাদক তথা নাট্যকাৰ, কবি – লেখক দেৱব্ৰত শৰ্মায়ো বিয়ানাম সমূহৰ মহত্ব আলোকপাত কৰি পুতুমাই বৰাৰ এনে প্ৰয়াস অতি আদৰণীয় বুলি কয়। সেইদৰে বিশিষ্ট শিশু সাহিত্যিক দ্বীজেন নাথেও শুভেচ্ছামূলক ভাষণ দিয়া অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই বিয়ানাম সমূহ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দন বুলি উল্লেখ কৰি এই নাম সমূহত থকা আবেদনে সকলোৰে অন্তৰত তাৎক্ষণিকভাবে প্ৰভাৱ পেলাই বুলি মন্তব্য কৰে। আনহাতে এগৰাকী মহিলা মানসিক ভাবে কিমান সবল হ’লে দুৰাৰোগ্য কৰ্কট ৰোগত ভূগি থকাৰ পিছতো সৃষ্টিশীল কৰ্মত জড়িত হৈ থকা পুতুমাই বৰাক সেৱা জনাই এয়া তেওঁৰ অসমীয়া জাতীয় জীৱনলৈ মহৎ অৱদান বুলি মন্তব্য কৰে। আনহাতে সভানেত্ৰীৰ আসনৰ পৰা ভানু হাজৰিকায়ো পুতুমাই বৰাৰ এই প্ৰয়াসে মৈত্ৰী সংঘক ধন্য কৰিলে বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More