পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কংগ্ৰেছৰঃতেজপুৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬মাৰ্চঃ ৰাজ্যচৰকাৰে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে৷ ইয়াৰ বিৰুদ্ধে অহা ২০মাৰ্চত জিলা কংগ্ৰেছে প্ৰতিবাদ জনাই স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি নৱগঠিত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত একাধিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়াৰ ভিতৰত ৰাজ্যচৰকাৰৰ পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা প্ৰকাশ কৰা হয়৷ উল্লেখযোগ্য যে,আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱভৱনত এই বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়৷ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি দাদুল বৰকাকতিৰ পৌৰোহিত্যত তথা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা, প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰূপা কলিতা, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ গৌতম, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাণা বৰা, উপ সভাপতি অনুজ মেচ, বেনু নাথ,উপসভাপতি শ্বেখ চাহাবুদ্দিনকে ধৰি মুঠ ১৩৫জন কাৰ্যনিৰ্বাহক সদস্যৰ ভিতৰত ১২০জনৰ অংশগ্ৰহণৰে বিয়লি তিনিবজালৈকে অনুষ্ঠিত হোৱা সভাখনত সম্প্ৰতি ৰাজ্যখনত দেখা দিয়া জ্বলন্ত সমস্যা সমূহকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়৷ তদুপৰি তেজপুৰৰ লগতে সমগ্ৰ জিলাখনতে প্ৰাকৃতিক নলা নৰ্দমাসমূহত অব্যাহত বেদখল আৰু নিৰ্মাণ কাৰ্যৰ বিপৰীতে এইসমূহ বাধামুক্ত কৰা আৰু বিভিন্ন অঞ্চলৰ বাটপথৰ লগতে স্হানীয় সমস্যা সমূহ সমাধানৰ বাবেও দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ইপিনে জিলাখনত কংগ্ৰেছৰ প্ৰতিটো মণ্ডল আৰু বুথ কমিটি সমূহক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা আজিৰ কাৰ্যনিৰ্বাহক সভাত ইয়াৰ বাবে অহা ২০এপ্ৰিলৰ ভিতৰত মণ্ডল তথা বুথ কমিটি সমূহক নতুনকৈ গঠন কৰাৰো সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে জিলাকংগ্ৰেছৰ সূত্ৰই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More