প্রথম বামপন্থী ৰাষ্ট্ৰপতি পালে কলম্বিয়াই

এতিয়াও বিকল্প ৰঙা পতাকা!

0 130

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুন : কোৱা হয় কমিউনিষ্টৰ বেলি মাৰ গৈছে। পুঁজিবাদৰ পৃথিৱীত এতিয়া অৰ্থহীন কমিউনিষ্ট ভাবধাৰা ! কিন্তু তেনে সময়তে লেটিন আমেৰিকাৰ এখন দেশত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে এজন কমিউনিষ্ট নেতা। দেশখনত জিলিকিছে কমিউনিষ্টৰ ৰঙা পতাকা। হয় কলম্বিয়াত উত্থান ঘটিছে বামপন্থাৰ। পৰিৱর্তনৰ সংকেত দিছিল দেশখনৰ জনতাই। তাত ভৰ দিয়েই ৰাষ্ট্ৰপতি নির্বাচিত হ’ল গুস্তাভো পেট্রো। ইতিহাসত এই প্রথমবাৰলৈ বামপন্থী ৰাষ্ট্ৰপতি পালে লেটিন আমেৰিকাৰ দেশখনে। প্রাক্তন গেৰিলা নেতা তথা বিদ্রোহী নেতা গুস্তাভো পেট্রো ৰাষ্ট্রপতি নির্বাচিত হৈছে। তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত ধনকুবেৰ ৰডলফো হার্নাণ্ডেজক হৰুৱাই তেওঁ। একাধিক সংবাদ সংস্থাৰ প্রতিবেদন অনুযায়ী, ৫০.৪ শতাংশ ভোট পাইছে বোগোতাৰ ৬২ বছৰীয়া প্রাক্তন মেয়ৰ পেট্রোৱে। আনহাতে প্ৰতিদ্বন্দ্বী ৰডলফোৱে পাইছে ৪৭.৩ শতাংশ ভোট। এই ঐতিহাসিক জয়ৰ পিছত পেট্রোৱে কয়— ”কলম্বিয়াৰ পৰিৱৰ্তন হৈছে। এয়া সত্যৰ পক্ষত পৰিৱর্তন। যি আমাক লক্ষ্য পূৰণৰ পথেৰে লৈ যাব।” তেওঁ আৰু কয়— ”এতিয়া ঘৃণাৰ সময় নহয়। এই চৰকাৰ হ’ল জীৱনৰ। আগন্তুক ৭ আগষ্টৰ পৰা চৰকাৰৰ যাত্রা আৰম্ভ হ’ব।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More