প্লাষ্টিকমুক্তৰে সৌন্দৰ্যময় হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

0 73

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰঃ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা বুৰঞ্জী প্ৰসিদ্ধ পিছলাপৰীয়া ৰণৰ স্থান ৰূপে প্ৰসিদ্ধি লাভ কৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন। কেইবাটাও দিশৰ পৰা এইবাৰৰ অধিৱেশনখনি ব্যতিক্ৰম তথা সৌহাদ্যপূৰ্ণ কৰি তোলাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে অভ্যৰ্থনা সমিতিয়ে। ইতিমধ্যে গঠন কৰা ৪৫ খন উপসমিতি আৰু ৪খন ভিন্ন স্থানৰ সমিতিয়ে অহা ৩১ জানুৱাৰী, ১,২ আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আদৰণী সমিতিয়ে সদৰী কৰা মতে এইবাৰৰ অধিৱেশনৰ বাজেট ৬ কোটিৰো অধিক। সেয়ে বিত্ত উপসমিতিয়ে ৰাজ্য জুৰি বৰঙণি সংগ্ৰহৰ লক্ষ্য লৈ অগ্ৰসৰ হৈছে।
কি ব্যতিক্ৰম হ’ব এই অধিৱেশনঃ
সাহিত্য সভাৰ পৰম্পৰাগত কাৰ্যসূচীৰে অধিৱেশন পৰিচালিত হ’ব যদিও আদৰণী সমিতিয়ে নাৰায়়ণপুৰ অধিৱেশখনি সৌন্দৰ্যময় কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ লৈছে। সেই মৰ্মে অধিৱেশনখনি “প্লাষ্টিকমুক্ত অধিৱেশন” কৰি তুলিবলৈ পৰিকল্পনা কৰাৰ লগতে ৰাইজকো অধিৱেশনথলিত প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। আনহাতে অধিৱেশন উপলক্ষে নিৰ্মাণ হবলগীয়া তোৰণ সমূহ প্লাষ্টিকৰ বিপৰীতে থলুৱা সামগ্ৰী যেনে বাঁহ, বেত, খেৰ, কাঠেৰে নিৰ্মাণৰ পোষকতা কৰিছে।অধিৱেশনৰ স্থান নাৰায়ণপুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ একেৰঙী কৰি সৌন্দৰ্যবৰ্ধনৰ পৰিকল্পনা কৰিছে আৰু পৌৰ সভাই এই পদক্ষেপক সাকাৰ ৰূপ দিব।সম্ভৱতঃ ব্যৱসায় প্ৰতিষ্ঠানসমূহত সেউজীয়া ৰঙেৰে একেৰঙী কৰি তুলিব।অধিৱেশনৰ বিভিন্ন দিশত ডিজিটেল মাধ্যমৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে আৰু অধিৱেশন থলিতে ৰাইজে নাৰায়ণপুৰৰ পৰ্যটন কেন্দ্ৰ সমূহৰ পৰিচিত লাভ কৰিব পৰাকৈ দৃশ্য শ্ৰব্য মাধ্যমেৰে বাৰ বৈষ্ণৱৰ স্থানক উদ্ভাসিত কৰি তোলা হ’ব। ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা আহিব লগীয়া প্ৰতিনিধি তথা অতিথি সকলৰ সাময়িক আশ্ৰয়ৰ বাবে ৪৩ টাৰো অধিক প্ৰতিনিধি শিবিৰ মুকলি কৰা হ’ব আৰু এইসমূহৰ আন্তঃগাঁথনি যাতে উন্নত হয় তাৰ বাবে চৰকাৰে বিভাগীয়ভাবে নিৰ্মাণ আৰু মেৰামতিৰ পদক্ষেপ লৈছে।৪ টা মঞ্চত একে সময়তে ভিন্ন কাৰ্যসূচী চলাব পৰাকৈ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে । একেদৰে ১০ হাজাৰ লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ বিশাল ভোজনালয় নিৰ্মাণ কৰা হব।
গ্ৰন্থ প্ৰকাশনত গুৰুত্বঃ
সাহিত্য সভাৰ লগত গ্ৰন্থৰ সম্পৰ্ক সৰ্বাধিক যদিও বহু সময়ত সাহিত্য সভাৰ অধিৱেশন মেলামুখিতাৰ অভিযোগেৰে অভিযুক্ত হোৱা দেখা যায়।সেই অপবাদৰ পৰা সভাক মুক্ত কৰাৰ লক্ষ্যৰে গ্ৰন্থ প্ৰকাশন উপ সমিতিয়ে গুৰুত্বপূৰ্ণ বৌদ্ধিক চেতনা সমৃদ্ধ তথা গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰ কাম জোৰদাৰ গতিত চলাই আছে। এনে পদক্ষেপত “প্ৰসংগ মাধৱদেৱ” শীৰ্ষক এখন অনন্য সংৰক্ষণযোগ্য গ্ৰন্থ অধিৱেশনত প্ৰকাশ পাব।আনহাতে স্মৃতিগ্ৰন্থ উপ সমিতিয়ে অসমৰ বৌৰঞ্জিক আৰু বৌদ্ধিক পৰিৱেশক সামৰি এখন তথ্য-তত্বগধুৰ স্মৃতিগ্ৰন্থৰ কাম প্ৰায় ৭০ শতাংশ সমাপ্ত কৰিছে। বৰ খামতি পথাৰৰ ৭৭৬ বিঘা ভূমি সামৰি অধিৱেশনৰ স্থানক “মনিকাঞ্চন ক্ষেত্ৰ” বুলি নামকৰণ কৰা হৈছে। এই স্থানলৈ কেবাটাও দিশৰ পৰা সুচল যাতায়াতাৰ ব্যৱস্থা কৰা হব।২ হাজাৰ ছাত্ৰ-ছাত্ৰীৰে এক বিশাল আৰু প্ৰশিক্ষিত স্বেচ্ছাসেৱক বাহিনী গঠন কৰা হব। নাৰায়ণপুৰ অধিৱেশনৰ ক্ষেত্ৰত চুবুৰীয়া মাজুলী, বিশ্বনাথ আৰু ধেমাজি জিলা “সহযোগী জিলা” হিচাপে সহায় আগবঢ়াই আছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুজন মন্ত্ৰীয়ে সামগ্ৰিকভাবে অধিৱেশনৰ কাম কাজ নিৰীক্ষণ কৰাৰ লগতে অভ্যৰ্থনা সমিতিক সহযোগ কৰি আছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আন কাৰ্যসূচী সম্পন্ন হ’ব। কালি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ একাংশ সাংবাদিকে অধিৱেশনৰ কাম কাজ বুজ লবলৈ যোৱাৰ সময়ত অভ্যৰ্থনা সমিতি আৰু উপ সমিতিৰ বিষয়ববীয়াই অধিৱেশনৰ সন্দৰ্ভত উক্ত তথ্য সমূহ অৱগত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More