বিমল বৰগোহাঁই
বাৰিষা বতৰ অহাৰ লগে লগেই যেন নৈপৰীয়া ৰাইজৰ মনবোৰ ভয় আৰু শংকাই আৱৰি ধৰে। বানপানী, গৰা-খহনীয়া, মথাউৰি চিঙা আদিবোৰ যেন তেওঁলোকৰ বাবে সাধাৰণ ঘটনা হৈ পৰিছে। ঠিক সেইদৰে পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বাবেও ভূমিস্খলন আৰু তাৰপাছত পথ বন্ধ আদি ঘটনাবোৰো তেঁওলোকৰ বাবে তেনেই সাধাৰণ কথা। কিন্তু, অসমত এইবাৰৰ বান পৰিস্থিতি যেন কিছু বেলেগ আৰু জটিল হৈ পৰিছে। বিগত প্ৰায় দুমাহে দি থকা নেৰা-নেপেৰা মুষলধাৰ বৰষুণৰ ফলত অসমৰ প্ৰায় ২৫ খন জিলাতেই বানপানীয়ে যি ধংস লীলা চলাইছে, সেয়া আমি নিজ চকুৰে প্রত্যক্ষ কৰিছোঁ। বহু ঠাইত মথাউৰি চিগিছে, ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত থকা দলং বানপানীত উটি গৈছে, মানুহ, পশুধনৰ মৃত্যু হৈছে। ঘৰ-দুৱাৰ, খেতি পথাৰ আৰু অন্যান্য সম্পত্তি আদি যি বৃহৎ পৰিমাণে ক্ষতি হৈছে তাৰ হিচাপ হয়তো বৰ সহজে গণনা কৰিবলৈ অসুবিধা হব। মুঠতে বৰ্ণনা কৰিব নোৱাৰা এক শিহৰণকাৰী দৃশ্যই অনবৰতে চকুৰ আগত ভাঁহি থাকে। আমাৰ অসমৰ অতিকৈ মনোৰম আৰু প্রকৃতিৰ যেন ৰম্যভূমি পাহাৰীয়া জিলা ডিমা হাচাওৰ “হাফলং”ৰ ওপৰত এইবাৰ প্ৰকৃতিৰ যি তাণ্ডৱ চলিল, সেয়া আমি সকলোৱে দেখিলো। প্ৰকৃতিয়ে কৰা সৃষ্টি প্ৰকৃতিয়ে যেন সকলো নিমিষতে তচ্-নচ্ কৰি পেলালে। এই সুন্দৰ ঠাইখন আগৰ দৰে সজাই তুলিবলৈ হয়তো আৰু বহু সময়ৰ প্ৰয়োজন হব। আনহাতে, এইবাৰ গুৱাহাটী মহানগৰত কৃত্ৰিম বানপানীয়ে মহানগৰবাসীক যি যন্ত্ৰণা দিছে, সেয়া আমি দৈনন্দিন টি. ভি. যোগে দেখিবলৈ পাইছোঁ। এই গোটেই কথাবোৰ বিশ্লেষণ কৰিলে, এটা কথা সকলোৱে একেমুখে স্বীকাৰ কৰিব লাগিব যে প্রকৃতিৰ শক্তিৰ ওপৰত কোনো নাই। প্ৰকৃতিয়ে নিৰৱে নিৰলে বহু সৃষ্টি কৰি আমাৰ ধৰণীখন সুন্দৰ কৰি ৰাখে। সুন্দৰ গছ-গছনিৰে এখন সুন্দৰ অৰণ্যৰ সৃষ্টি কৰে, সুউচ্চ সেউজীয়া পাহাৰ-পৰ্বত মালাই আমাক সকলো ফালৰে পৰা সুৰক্ষিত কৰি ৰাখে। কিন্তু, আমি মানৱ জাতিয়ে কি কৰিছোঁ। প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱাৰ আগতে, আমি, মানৱ জাতিয়েই জানো প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলোৱা নাইনে? আমাৰ সমাজৰ এচাম দুস্কৃতিকাৰীয়ে একমাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে গছ-গছনি কাটি অৰণ্য ধংস কৰিছে, পাহাৰ-পৰ্বতৰ মাটি-শিল আদি কাটি ভাৰসাম্য নাইকিয়া কৰি পেলাইছে। ইয়াৰ উপৰি গছ-গছনি কাটি পাহাৰৰ ওপৰত আমি ঘৰ সাজিছোঁ, নলা নৰ্দমা বন্ধ কৰি আমি ঘৰ-দোকান বনাইছোঁ, নদ-নদী, নলা -নৰ্দমা আদিত জাবৰ, প্লাষ্টিক আদি পেলাই প্ৰাকৃতিক ভাৱে পানী ওলাই যোৱাৰ পথ বন্ধ কৰি পেলাইছোঁ। ফলস্বৰূপে, এইবোৰৰ পানীৰ বহন ক্ষমতা কমি অহাৰ বাবে বানপানী লগতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখা হৈছে। এটা কথা ঠিক যে প্ৰকৃতিৰ সৃষ্টিৰ ওপৰত যদি কোনো মানৱৰ ধ্বংসৰ হাতোৰা পৰে, তেন্তে প্ৰকৃতি ৰুষ্ট হৈ পৰে। প্ৰকৃতিয়ে যেন মানৱ জাতিৰ এই অত্যাচাৰ সহিব পৰা নাই। যাৰবাবে খৰ্গহস্ত হৈ পৰিছে আৰু এক বিভীষিকাৰ পৰিৱেশ সৃষ্টি কৰিছে সেয়া আমি চকুৰ আগত দেখিবলৈ পাইছোঁ। এয়া যেন এটা প্ৰকৃতিৰ সময়। প্ৰকৃতিৰ এই সময়ক আমি কেতিয়াও আৰু কোনো শক্তি প্ৰয়োগ কৰি বন্ধ কৰিব নোৱাৰোঁ। মাথোঁ আমি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰো যাতে প্রকৃতিৰ এই ৰুদ্ৰ ৰূপ অতি সোনকালে স্তিমিত হওক আৰু মানুহৰ দুখ-দুৰ্দশাবোৰ প্ৰশমিত হওক। লগতে, আমি প্ৰতিজ্ঞা কৰোঁ যাতে আমি মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত ভৱিষ্যতে কোনো অত্যাচাৰ নকৰো আৰু প্ৰকৃতিখন সুন্দৰ কৰি ৰাখিবলৈ আমি যিমান পাৰোঁ চেষ্টাৰ কোনো ত্ৰুটি নকৰো। তেতিয়াহে প্ৰকৃতিয়ে এক ভাৰসাম্য ৰক্ষা কৰি এখন সুন্দৰ জগত আমাক দিবলৈ সক্ষম হব। গতিকে, আহকচোন আমি সকলোৱে মিলি আমাৰ পৃথিৱীখন সর্বাংগসুন্দৰ কৰিবলৈ কিছু যত্ন কৰোঁ।
ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, তিনিচুকীয়া ফোন:৯৪৩৫০৩৫১৭৭