প্ৰখ্যাত সাহিত্যিকৰ সৈতে কথোপকথন, অন্তৰংগ আলাপেৰে মনোজ্ঞ তেজপুৰ সাহিত্য উৎসৱ – ২০২২

সাতখন গ্ৰন্থ উন্মোচনঃ

0 46
অসমীয়া সাহিত্যত বুৰঞ্জীয়েই আছিল সাহিত্যিকৰ প্ৰথম আকৰ্ষণ – য়েছে দৰজে ঠংচি
অসমীয়া সাহিত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ শিপাৰ সৈতে ভূমিৰ সংলগ্ন হৈ আছে – অৰিন্দম বৰকটকী
হোমেন বৰগোহাঞিৰ অনুপ্ৰেৰণাক স্মৰণ শৰ্মিষ্ঠা প্ৰীতমৰ
তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১১ ডিচেম্বৰঃ  তেজপুৰ সাহিত্য উৎসৱ – ২০২২ ৰ কালি দ্বিতীয় দিনটোত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে বিশেষ আলাপ আৰু নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলাপ অনুষ্ঠানৰ লগতে সাতখনকৈ গ্ৰন্থ উন্মোচনৰে মনোজ্ঞ হৈ পৰে। দিনটোত “সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ” শীৰ্ষক মনোজ্ঞ আলোচনাত শৱ কটা মানুহৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, বিশিষ্ট সাহিত্য সমালোচক, সাহিত্যিক অৰিন্দম বৰকটকী, অজন্তা বুঢ়াগোহাঁই আৰু ড০ মৌচুমী বৰকটকীয়ে আঁত ধৰোঁতা তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট গল্পকাৰ ড০ সঞ্জীৱ পল ডেকাৰ অতি চিন্তাগধূৰ প্ৰশ্নবাণত বৌদ্ধিক মাত্ৰা প্ৰদান কৰে। এই নিৰ্দিষ্ট বিষয়ৰ আলোচনাত বিশিষ্ট লেখিকা ড০ মৌচুমী বৰকটকীয়ে পদাৰ্থ বিজ্ঞানৰ নিয়মেৰে পদাৰ্থ এবিধৰ ওজনৰ যিকোন স্হান বা কালত তাৰতম্য নঘটে কিন্ত্ত সাহিত্যৰ মূল্যায়নৰ ওজন স্হান কাল পাত্ৰত ভেদে সুকীয়া হ’ব পাৰে বুলি মন্তব্য কৰে ।IMG 20221210 WA0077 আনহাতে সাম্প্ৰতিক সাহিত্যৰ মাজত প্ৰেম,নাৰী-পুৰুষৰ সম্পৰ্ক, দেহজ প্ৰেম, আদি উপজীব্য হিচাপে ধৰা দিছে কংক্ৰিটৰ সমাজ ব্যৱস্হাৰ মাজতো বুলি কৈ সাম্প্ৰতিক শিশু সাহিত্যৰ কথা কোৱাৰ প্ৰাক মুহূৰ্ত্তত বিজ্ঞান-প্ৰযুক্তিবিদ্যাই আনি দিয়া প্ৰকৃতিৰ সৈতে সংগতিবিহীনতাৰ কথালৈ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আৰু তুলনামূলকভাবে সেয়েহে শিশু সাহিত্য ৰচনা কৰাই আটাইতকৈ জটিল কাম আৰু  জটিলতাৰ মাজতো সাম্প্ৰতিক শিশু সাহিত্যই এক মাত্ৰা লাভ কৰিছে বুলি মন্তব্য কৰে। আনহাতে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে সাহিত্য সৃষ্টি বৰ্তমানৰ ভেঁটিত প্ৰতিষ্ঠিত বুলি কৈ সাহিত্যৰ সৃষ্টিৰ মাজেৰে সাহিত্যিক গৰাকীয়ে বৰ্তমানৰ প্ৰতিচ্ছবিকেই প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰে। ঠংচিয়ে অসমীয়া সাহিত্যত বুৰঞ্জীয়েই আছিল সাহিত্যিকৰ প্ৰথম আকৰ্ষণ বুলি কৈ বুৰঞ্জীৰ পটভূমিতে অসমীয়া সাহিত্যৰ আধুনিক যুগটোৰ প্ৰথম ভাগত বুজন পৰিমাণৰ সাহিত্য সৃষ্টি হৈছে আৰু সাম্প্ৰতিক অসমীয়া সাহিত্যটো বুৰঞ্জী পটভুমিত চৰিত্ৰ নিৰ্মাণ আৰু মহাকাব্যৰ ভেঁটিত আধুনিক দৃষ্টিৰে কাহিনী নিৰ্মাণ তথা চৰিত্ৰ নিৰ্মাণৰ সম্পৰীক্ষা হৈছে ই নিশ্চয় এক শুভলক্ষণ বুলি মন্তব্য কৰি তেজপুৰৰ এই সাহিত্য উৎসৱ অকল তেজপুৰৰ বাবেই প্ৰথম নহয় অসমৰ ভিতৰতে প্ৰথম বুলি কৈ আয়োজক সমিতিক এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়। আনহাতে সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰগতিশীল লেখক, সমালোচক অৰিন্দম বৰকটকীয়ে সাম্প্ৰতিক সাহিত্যত সম্ভাবনাৰ প্ৰস্ফুৰণ ঘটিছে বুলি কৈ অসমীয়া সাম্প্ৰতিক সাহিত্যই সাম্প্ৰতিক সমাজৰ নিৰ্ভৰশীল সাহিত্য বুলি মন্তব্য কৰে। আনহাতে অসমীয়া সাহিত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ শিপাৰ সৈতে আৰু ভূমিৰ সংলগ্ন হৈ আছে।বন্দীয়াৰ,মজিয়াত তেজ ,হৃদয় এক বিজ্ঞাপন, ইয়াত এখন অৰণ্য আছিল, জলছবি আদি গল্প উপন্যাসত সমস্যা জৰ্জৰিত সামাজখনৰ জীয়া  ছবি প্ৰতিফলিত হৈছে আৰু সমস্যা জৰ্জৰিত সমাজ এখনৰ পৰাহে মহিমামণ্ডিত সাহিত্যৰ সৃষ্টি হয় বুলি ক’ব পৰা যায় বুলি বৰকটকীয়ে মন্তব্য কৰে। আনহাতে পাঠকে পুৰস্কাৰ পোৱাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰন্হ নিৰ্বাচন কৰাতকৈ উৎকৃষ্টতাৰ পটভূমিত নিৰ্বাচন কৰাটোহে শ্ৰেয় বুলি কৈ উদাহৰণ স্বৰূপে অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেংখনে পুৰস্কাৰ নাপালেও এই উপন্যাসখন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এখন ক্লাছিক গ্ৰন্থ বুলি কয়।IMG 20221210 WA0072 আন এগৰাকী বিশিষ্ট লেখিকা অজন্তা বৰগোঁহায়ে জোনাকী যুগত আৰম্ভ হোৱা আধুনিক অসমীয়া সাহিত্যই বিভিন্নজন মহীৰূঢ়ৰ হাতত পৰি বৰ্তমানৰ শক্তিশালী লেখক-লেখিকা অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজি ঠংচি, অৰূপা পটঙ্গীয়া কলিতা আদিৰ হাতত পৰি বিশাল আয়তন লাভ কৰিছে বুলি মন্তব্য কৰে। নতুন অসমীয়া প্ৰজন্মক অনুবাদৰ সাহিত্যৰ যোগেদি সমৃদ্ধ কৰিব লাগিব বুলিও লেখিকা গৰাকীয়ে কয়। উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা লেখিকা ড০ চাৰু চহৰীয়া নাথৰে হোৱা এক বিশেষ আলাপ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসম আন্দোলনৰ চাক্ষুস অভিজ্ঞতাই অসমৰ আত্মাক পৰিচয় কৰাই দিছিল বুলি মন্তব্য কৰি তেওঁৰ অতি জনপ্ৰিয় গল্প No man’s land গল্পটোৰ অন্তৰ্নিহিত অৰ্থ সম্পৰ্কে ব্যাখ্যা কৰি আবেগৰ কোনো সীমা নাথাকে বুলি মন্তব্য কৰে।সাংবাদিক জগতখন পূৰ্বৰে পৰাই পুৰুষ প্ৰধান আছিল বুলি কয় আৰু অসমীয়া প্ৰতিদিন গোষ্ঠীৰ কাকতৰ সম্পাদক হোৱাৰ সময়ত পুৰুষ প্ৰধান জগতখনৰ সৈতে সন্মুখীন হোৱা আহুকলীয়া ঘটনাৰ বিষয়ে বিশদভাবে বৰ্ণনা কৰি  মামণি ৰয়চম গোস্বামীয়ে চিঠিৰ  যোগেদি  দিয়া প্ৰোৎসাহনৰ বিষয়ে উল্লেখ কৰে। তেজপুৰ মহোৎসৱৰ যোগেদি আৰম্ভণি ঘটা উৎসৱমুখৰ পৰিবেশ যজ্ঞাগ্নিলৈ সোনকালেই পৰিবৰ্তন ঘটিব বুলিও আশা ব্যক্ত কৰে বিশিষ্ট গল্পকাৰ গৰাকীয়ে। আনহাতে প্ৰশ্নোত্তৰ শিতানত বিভিন্ন শিক্ষাৰ্থী প্ৰশ্নকৰ্তাৰ উত্তৰ দি বৰ্তমানৰ চিকিৎসা বৃত্তিৰ স্বৰূপৰ সম্বন্ধে দৃষ্টিপাত কৰি বৰ্তমানৰ চিকিৎসা বৃত্তি  মানৱ সেৱা পবিত্ৰ চেতনাৰ পৰা বিতাড়িত হৈ কেৱল মাত্ৰ অৰ্থোপাৰ্জনৰ এক আহিলালৈ অবদমিত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইয়াত এখন অৰণ্য আছিল উপন্যাসখনত কংক্ৰীট জীৱন শৈলীৰ সৈতে মানুহৰ সংঘৰ্ষৰ মাজেৰে অহা মানুহৰ মন:স্তাত্বিক পৰিবৰ্তন আৰু আশা আকাংক্ষা পৰিবৰ্তনে অনা সামাজিক চেতনাক প্ৰতিফলিত কৰিছে বুলি কৈ সাহিত্য অকাডেমি বঁটা লাভ কৰা উপন্যাস “ইয়াতো এখন অৰণ্য আছিল” কেনেকৈ সৃষ্টি হৈছিল তাৰ সবিশেষ দাঙি প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে সততে নিজে সদায় মাত মাতি আহিছে বুলি কৈ চৰকাৰী উচ্ছেদ অভিযানৰ প্ৰসংগত আলবেয়াৰ কেম্যুৱে কোৱা – “ধ্বংসৰো এক শৃংখল থকা উচিত” বুলি দেহাৰে। আনহাতে আজিৰ দিনটোতে আন ভাৱে সক্ষম তথা সাম্প্ৰতিক সময়ৰ যুৱপ্ৰজন্মৰ অতি জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰূপালী দৈমাৰীৰে হোৱা এক বিশেষ আলাপ অনুষ্ঠানত উদীয়মান জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ২০০৭ চনৰ পৰাই ধাৰাবাহিক ভাৱে লেখা মেলা কৰাৰ ক্ষেত্ৰত বিভিন্নজন বিশিষ্ট সাহিত্যিকৰ লগতে বিশেষকৈ প্ৰয়াত বৰেণ্য সাহিত্যিক হোমেন বৰগোহাঞিৰ পৰা বিশেষ অনুপ্ৰেৰণা লাভ কৰিছিলোঁ বুলি মন্তব্য কৰে। ৰূপালী দৈমাৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত তেওঁৰ লেখাৰ উৎস সম্পৰ্কেও সদৰী কৰি যিখন দেশত সাহিত্যৰ উৎসৱ পতা হয় সেইখন দেশৰ সকলো ক্ষেত্ৰতে বিকাশ সম্ভৱ বুলিও মন্তব্য কৰে। ইয়াৰ পিছতেই বিশিষ্ট লেখিকা তথা আয়োজন সমিতিৰ যুটীয়া সম্পাদক ড০ শ্বৰিতা শৰ্মা আৰু আন এগৰাকী যুটীয়া সম্পাদক বিক্ৰম কলিতাৰ সৈতে অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ লেখিকা, পদ্মশ্ৰী মামং দাইৰ সৈতে হোৱা এক বিশেষ অন্তৰংগ অনুষ্ঠানত প্ৰসিদ্ধ লেখিকা গৰাকীয়ে সাহিত্যিক জীৱনৰ বহু কথা সদৰী কৰাৰ লগতে আন এক মনোজ্ঞ পেনেল ডিছকাছনত ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া তথা ৰাজ্যখনৰ প্ৰখ্যাত কুইজ পৰিচালক ৰবীন কলিতাৰ লগত বিশিষ্ট সাহিত্যিক মিত্ৰা ফুকনৰ অন্তৰংগ অনুষ্ঠানতো সাহিত্য সম্পৰ্কীয় বিভিন্ন দিশেৰে জীপাল হৈ পৰে গ্ৰন্থ উৎসৱৰ মূল প্ৰেক্ষাগৃহ। অতি আশাব্যঞ্জক কথা যে দ্বিতীয় দিনটোতো যথেষ্টসংখ্যক ৰুচিশীল সাহিত্যনুৰাগীৰ উপস্থিতিৰ লগতে গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক সকলক বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য যে দ্বিতীয় দিনটোত প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচি, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক হিমেন শৰ্মাই সাহিত্য উৎসৱৰ থলীতে সাতখনকৈ গ্ৰন্থ উন্মোচন কৰে। উন্মোচিত হোৱা গ্ৰন্থ কেইখন হ’ল ক্ৰমে – ড০ ভাৰত বৰুৱাৰ “তেজপুৰৰ ঐতিহাসিক- সামাজিক আৰু সাংস্কৃতিক অধ্যয়ন”, ৰাণু হাজৰিকাৰ “ডায়েৰীৰ পৃষ্ঠাত অসম আন্দোলন”, ৰুণা বৰাৰ প্ৰবন্ধ সংকলন “প্ৰবন্ধ প্ৰসূন”, ড০ শ্যামলীমা শইকীয়াৰ ইংৰাজী কাব্য গ্ৰন্থ “পেপাৰ মাচে ড্ৰিমছ”, মনোজ কে বাৰ্মাৰ ইংৰাজী গ্ৰন্থ “ব্ৰকেন চৌলছ জাৰ্নী” আৰু শিশু লক্ষ্যজয় কলিতাৰ ইংৰাজী গ্ৰন্থ” এডভান্সাৰছ অব পিম্পল পাঈ”। ইয়াৰোপৰি বিয়লিৰ ভাগত ” লিটাৰেচাৰ ইন টাইমছ অব ক্ৰাইচিচ” শীৰ্ষক মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ধ্ৰুৱজ্যোতি হাজৰিকা, মিত্ৰা ফুকন, জেনিছ পাৰিয়েট আৰু অন্তৰ আত্ৰেয়ই অংশ গ্ৰহণ কৰাৰ লগতে দেশৰ প্ৰখ্যাত কাৰ্টুনিষ্ট পংকজ থাপাই “কনটেমপৰেৰী টাইমছ থ্ৰ কাৰ্টুন” শীৰ্ষক বিষয়ত কাৰ্টুনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More