প্ৰজেক্ট ভৰ্টকৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিবস পালন

0 15

শতাব্দ প্ৰতিনিধি , তেজপুৰ ৭ মে’: ১৯৬০ৰ সাত মে’ত দেশৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অধীনত দেশৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পথ নিৰ্মাণৰ বাবে জন্ম লাভ কৰিছিল সীমান্ত পথ সংগঠন । একে বছৰৰ সাত মে’ত অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তলৈকে প্ৰতিৰক্ষা বাহিনীৰ লোকে অহা যোৱাৰ বাবে সীমান্ত পথ সংগঠনৰ অধীনত জন্ম লাভ কৰা প্ৰজেক্ট নেফা আৰু টছকৰে পৰবৰ্তী পৰ্যায়ত প্ৰজেক্ট ভৰ্টক হিচাবে আত্ম প্ৰকাশ কৰে। ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত সীমান্ত পথ সংগঠন আৰু প্ৰজেক্ট ভৰ্টকে আজি ৬৩সংখ্যক প্ৰতিষ্ঠা দিবস পালন কৰে। এই উপলক্ষে আজি পুৱা প্ৰজেক্ট ভৰ্টকৰ মুখ্যালয়ত থকা যুদ্ধ স্মাৰকত প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ হৰিশ কুমাৰে দেশৰ হকে বিভিন্ন সময়ত প্ৰাণ আহুতি দিয়া সীমান্ত পথ সংগঠন আৰু প্ৰজেক্ট ভৰ্টকৰ বিষয়া জোৱান সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত বিষয়া, জোৱান আৰু শ্ৰমিকৰ সন্মিলনত দেশৰ হকে ত্যাগৰ মনোভাবৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। সন্মিলনত সীমান্ত পথ সংগঠন আৰু প্ৰজেক্ট ভৰ্টকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত খেল ধেমালিত বিজয়ী সকলৰ লগতে ২০২১-২২বৰ্ষত কৰ্ম ক্ষেত্ৰত পাৰদৰ্শিতা আৰু দক্ষতাৰ পৰিচয় প্ৰদান কৰা শ্ৰেষ্ঠ প্লাটুন ৪২৬আৰ এম পি এল;শ্ৰেষ্ঠ ফিল্ড ৱৰ্কশ্বপ ১০৬৫ফিল্ড ওৱৰ্কশ্বপ;শ্ৰেষ্ঠ আৰ চি চি ৯০ আৰ চি চি আৰু শ্ৰেষ্ঠ টি এফ ১৪ বি আৰ টি এফক বটাঁ প্ৰদান কৰাৰ লগতে গ্ৰেফকে ধৰি সীমান্ত পথ সংগঠনৰ অধীনত কৰ্মৰত ৪০ আন শ্ৰমিকক এহেজাৰ টকাকৈ প্ৰদান কৰে। অনুষ্ঠানত কেইবাগৰাকী বিষয়াক মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ কুমাৰে মান পত্ৰ প্ৰদান কৰে। উল্লেখ্যযে শোণিতপুৰৰ চাৰিদুৱাৰৰ পৰা অৰুণাচল প্ৰদেশৰ টাৱাংলৈ দ্বিলেনযুক্ত পথ নিৰ্মাণ সফলতাৰে সম্পন্ন কৰা সীমান্ত পথ সংগঠনৰ প্ৰজেক্ট ভৰ্টকৰ অধীনত বালিপৰা টাৱাং পথৰ অৰুণাচলৰ চেলা আৰু নিছিপু টানেলৰ পথ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ কুমাৰে সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More