প্ৰতিকূল পৰিস্থিতিঃ স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

0 20

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে’ : ৰাজ্যজুৰি বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি ৰ‍াজ্যজুৰি দেখা দিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰা হৈছে। আনহাতে পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত নহয় বুলি সংসদৰ জাননীত উল্লেখ কৰা হৈছে। উল্লেখ যে ১৮ মে’ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। ইফালে ভয়াৱহ প্ৰ‍কৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ডিমা হাচাও জিলাৰ বাবে ১৮ মে’ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা স্থগিত ৰখা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পৰীক্ষাসমূহ স্থগিত কৰা হৈছে বুলি সংসদে জনাইছে। উল্লেখ্য যে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ। বহু কেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More