প্ৰতি ১১ মিনিটৰ অন্তত এগৰাকী মহিলাক নিজৰ পৰিয়ালে হত্যা কৰে

আন্তঃৰাষ্ট্ৰীয় হিংসা নিৰ্মূলকৰণ দিৱসত ৰাষ্ট্ৰসংঘৰ চাঞ্চল্যকৰ বাৰ্তা

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : পাৰিবাৰিক হিংসাৰ ফলত হোৱা প্ৰাণ হেৰুৱাৰ ঘটনা কেৱল ভাৰত বা পশ্চিমীয়া দেশতেই নহয়, সমগ্ৰ বিশ্বতে এই ভয়াৱহতাই বিৰাজ কৰিছে। আন্তঃৰাষ্ট্ৰীয় হিংসা নিৰ্মূল দিৱসৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছৰ মতে, সমগ্ৰ বিশ্বতে প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাক তেওঁৰ লাইভ ইন পাৰ্টনাৰ বা পৰিয়ালৰ সদস্যই হত্যা কৰে। এণ্টনিঅ’ই বিশ্বত নাৰীৰ ওপৰত বৃদ্ধি পোৱা হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ বিশ্বৰ সকলো দেশৰ চৰকাৰক এই হিংসাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ২৫ নৱেম্বৰ নাৰীৰ ওপৰত হোৱা হিংসা নিৰ্মূলৰ আন্তৰ্জাতিক দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ’ গুটেৰেছে কয়— “নাৰীৰ ওপৰত হোৱা হিংসা মানৱ অধিকাৰৰ উলংঘন।” কভিড মহামাৰীৰ পিছৰে পৰা মহিলাৰ ওপৰত হোৱা হিংসা বহু পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ আচল কাৰণ কি? এই প্ৰশ্নৰ প্ৰেক্ষাপটত এণ্টনিঅ’ই কয়— ‘‘কৰ’নাৰ পিছত বহু লোক আৰ্থিক সমস্যাৰ কবলত পৰিছে। যাৰ ফলত সমগ্ৰ বিশ্বতে পুৰুষৰ ক্ষোভ বাঢ়িছে, সেই খঙৰ বলি হৈছে নাৰী। মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈছে।’’ শেহতীয়াকৈ ভাৰতত শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতীগৰাকীক সংগীয়ে হত্যা কৰাৰ পিছত সমগ্ৰ দেশতে সংগীৰ অত্যাচাৰত মহিলাৰ অৱস্থাক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত বিশ্লেষকসকলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্পাদকৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ভাবে। কিন্তু কেৱল নিজৰ ঘৰতে নহয়, বিভিন্ন ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ছোৱালীক হাৰাশাস্তি আৰু অত্যাচাৰ কৰা হয়। এণ্টনিঅ’ গুটেৰেছে কয় যে মহিলাসকল ঘৃণনীয় মন্তব্যৰ পৰা আৰম্ভ কৰি ফটোৰ অপব্যৱহাৰলৈকে হিংসাৰ বলি হয়। গুটেৰেছে সকলো দেশকে নাৰীৰ ওপৰত হোৱা হিংসাৰ অন্ত পেলাবলৈ আহ্বান জনায়। তেওঁৰ মতে এই পদক্ষেপ সফল কৰিবলৈ হ’লে সকলো দেশৰ চৰকাৰে উপযুক্ত পৰিকল্পনা গ্ৰহণ কৰি কাৰ্যকৰী কৰিব লাগিব। আইন প্ৰয়োগকাৰী সংস্থাই মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে। তদুপৰি বিভিন্ন নাৰী সুৰক্ষা সংস্থাক আবণ্টিত ধনৰাশি ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ বাৰ্তা প্ৰদান কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্পাদকে ২০২৬ চনৰ ভিতৰত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More