ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ মেঃ যোৰহাটৰ কছাৰী ময়দানত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ১২ গৰাকী হিতাধিকাৰিক ধনাদেশ পত্ৰ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক প্ৰথম কিস্তি প্ৰদানৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং। ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত আজি অসমৰ পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত একেদিনাই মানুহক গৃহ আবণ্টন পত্ৰ আৰু গৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তি প্ৰদান কৰা হৈছিল। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয় যে প্ৰধানমন্ত্ৰী গ্ৰামীন আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকৰ বাবে গৃহ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ২০২১-২২ বৰ্ষত অসম চৰকাৰক সাত লাখ গৃহ আবণ্টন দিয়া হৈছে। অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্বশর্মাৰ উপস্থিতিত আঁচনিৰ অধীনত নিৰ্বাচিত পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীক প্রমাণ-পত্র আৰু গৃহ নির্মাণৰ বাবে প্রথম কিস্তি ৰাজ্য চৰকাৰে প্রদান কৰে । তেওঁ কয় যে ৫ লাখ গৃহ নিৰ্মাণৰ বাবে মুঠ ৭৭৩৯.৫ কোটি টকা ব্যয় কৰা হ’ব। এই ধন অন্য কোনো কামত খৰচ কৰিব নোৱাৰিব হিতাধিকাৰীয়ে। ইফালে এই টকাৰ এক অংশও কোনো লোকে বিচাৰিলে জেল যাব লাগিব বুলি সকিয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে ।নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তদুপৰি যোৰহাটৰ উপযুক্ত কাৰ্যালয় স্থানান্তৰ, কেন্দ্ৰীয় কাৰাগাৰ উন্নীতকৰণ, ষ্টেডিয়ামৰ উন্নয়ন আদিৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুর্মি, ভাস্কৰ বৰুৱা, ভবেন্দ্ৰনাথ ভৰালী প্ৰমুখ্যে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।
পূৰ্বৱৰ্তী লেখা