প্ৰয়োজন নহ’ব মহাবিদ্যালয়ৰ ডিগ্ৰী ! প্ৰতি মাহে ভাল বেতনৰ চাকৰি দিব কেন্দ্ৰই

0 64

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : বর্তমান সময়ত দেশজুৰি চাকৰিৰ আকাল বহুলভাবে পৰিলক্ষিত হৈছে। ঠিক এই সময়তেই এইবাৰ বৃহৎ ঘোষণা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। আনকি তেওঁ জনালে যে, কলেজৰ ডিগ্রী নাথাকিলেও ৩০ হাজাৰ টকাৰ মাহেকীয়া বেতনৰ চাকৰি পাব পাৰিব যোগ্য প্রার্থীসকলে। মূলতঃ তেওঁ কৈছে যে, আগন্তুক বছৰবোৰত দেশত এক লাখৰো বেছি ড্রোন পাইলট নিয়োগ কৰা হ’ব। তদুপৰি কেন্দ্রীয় মন্ত্রণালয়ে দেশজুৰি দেশীয়ভাৱে ড্রোন পৰিসেৱাৰ চাহিদা প্রচাৰ কৰিছে। এনে অৱস্থাত ড্রোন পাইলটৰ প্রচুৰ নিয়োগৰ দৰকাৰ হ’ব।

  • কলেজৰ ডিগ্রী প্রয়োজন নহ’ব
    এই প্রসঙ্গত জ্যোতিৰাদিত্য সিন্ধিয়াই কয়— “দ্বাদশ শ্রেণী পাছ কৰা ব্যক্তিসকলেও ড্রোন পাইলটৰ প্রশিক্ষণ ল’ব পাৰে। ইয়াৰ বাবে কলেজীয়া ডিগ্রীৰ কোনো প্রয়োজন নাই। আগন্তুক বছৰবোৰত প্রায় এক লাখ ড্রোন পাইলটৰ প্রয়োজন হ’ব। ইয়াৰ বাবে মাত্র দুইৰ পৰা তিনি মাহৰ প্রশিক্ষণ ল’ব লাগিব। একোজন ব্যক্তিয়ে প্রায় ৩০,০০০ টকা মাহিলী বেতনত ড্রোন পাইলটৰ কাম কৰিব পাৰে।”
  •  ভাৰত হৈ উঠিব ‘গ্ল’বেল ড্রোন হাব’
    দিল্লীত ড্রোনৰ ওপৰত নীতি আয়োগৰ এক্সপেৰিয়েন্স ষ্টুডিঅ’ আৰম্ভ কৰি কেন্দ্রীয় মন্ত্রীজনে কয়— “আমাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ভাৰতক এক ‘গ্ল’বেল ড্রোন হাব’ত পৰিণত কৰা। আমি বিভিন্ন শিল্প আৰু প্রতিৰক্ষা সংক্রান্তত ড্রোনৰ ব্যৱহাৰৰ বাবে প্রচাৰ কৰিছোঁ। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিচাৰে যে, নতুন প্রযুক্তিৰ বিকাশ হোৱা উচিত আৰু অধিখসংখ্যক মানুহে যাতে ইয়াৰ সুবিধা পাব পাৰে, তাৰ প্ৰতিও দৃষ্টি ৰাখিছোঁ আমি।”
  •  চৰকাৰৰ পৰিকল্পনা সঠিকনে?
    জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, চৰকাৰে ড্রোন পৰিসেৱাৰ ব্যৱহাৰ প্রসাৰ ঘটাবলৈ সক্রিয়ভাৱে কাম কৰিছে। কেন্দ্রীয় মন্ত্রীজনে কয় যে, “আমি ড্রোন চেক্টৰক ইতিমধ্যেই তিনিটা স্তৰলৈ আগুৱাই লৈ গৈছোঁ। প্রথমটো হ’ল নীতি। আপোনালোকে ইতিমধ্যেই দেখিছে যে, আমি কিমান দ্রুত নীতি বাস্তৱায়িত কৰিছোঁ। দ্বিতীয়টো হ’ল হুইল ইনিচিয়েটিভ তৈয়াৰ কৰা। একে সময়তে তৃতীয়টো হৈছে দেশীয় চাহিদা সৃষ্টি কৰা আৰু ১২ টা কেন্দ্রীয় মন্ত্রণালয়ে সেই চাহিদা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More