প্ৰশান্ত মহাসাগৰত ‘আটলাণ্টিছ’ৰ অস্তিত্ব ! সমুদ্ৰ তলিৰ ইটাৰ পথক লৈ কৌতুহল

0 42

দাদুল দেৱকৃষ্ণ বৰুৱা

সমুদ্ৰ তলিত আছিল নেকি পৃথিৱীৰ উপৰিভাগত বিকাশ লাভ কৰা সভ্যতাৰ দৰে এক সমৃদ্ধিশালী সভ্যতা? আছিল নেকি মসৃণ বাট-পথ অথবা সুদৌল ৰাজ হাউলি কিম্বা সু-পৰিকল্পিত নগৰ-চহৰ? এনেবোৰ কথা কেৱল কল্প কাহিনীতে আবদ্ধ নে আশ্চৰ্যকৰ সত্য? শেহতীয়াকৈ প্ৰশান্ত মহাসাগৰৰ তলিত সন্ধান পোৱা হালধীয়া ৰঙৰ ইটাৰে নিৰ্মিত এটা পথে অধিক প্ৰাসংগিক কৰি তুলিছে এই প্ৰশ্নবোৰ।

  •  একুৱামেন, প্লেটো আৰু গ্ৰীক পুৰাকথা
    ‘একুৱামেন’ (Aquaman) নামৰ আমেৰিকান ছুপাৰহিৰ’ৰ চিনেমাখন চাইছেনে? DC Comicsৰ একে নামৰ চৰিত্ৰটোৰ নামেৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল জেমছ ৱান (James Wan)। প্ৰযোজক আছিল Warner Bros. Pictures, DC Entertainment আৰু Peter Safran Productionsৰ। ছবিখনত দেখুওৱা হৈছে সমুদ্ৰ তলিৰ সমৃদ্ধিশালী আটলাণ্টিছ আৰু পৃথিৱীৰ মানুহৰ মাজত ইতিমধ্যে তিক্ত হৈ পৰা সম্পৰ্কক মধুৰ কৰাৰ প্ৰচেষ্টা আৰু আটলাণ্টিছৰ উত্তৰাধিকাৰীক লৈ চলা দ্বন্দ্ব। ইফালে গ্রীছৰ পৌৰাণিক উপকথা অনুযায়ী আটলান্টিছ সমুদ্রৰ তলত হেৰাই যোৱা এটা দ্বীপ। সৰ্বপ্রথম এই সভ্যতাৰ বিষয়ে উল্লেখ পোৱা যায় প্লেটোৰ Timaeus আৰু Critias গ্ৰন্থত। প্লেটোৱে আটলাণ্টিছৰ কাহিনী কৈছিল প্ৰায় ৩৬০ খ্ৰীষ্টপূৰ্বত। আটলাণ্টিছৰ প্ৰতিষ্ঠাপকসকল আধা দেৱতা আৰু আধা মানুহ আছিল বুলি তেওঁ কয়। তেওঁলোকে এক ইউটোপিয়ান সভ্যতা সৃষ্টি কৰি এক মহান নৌশক্তিত পৰিণত হয়। তেওঁলোকৰ ঘৰটো বহল খাদৰে পৃথক কৰা সমকেন্দ্ৰিক দ্বীপৰে গঠিত আছিল আৰু কেন্দ্ৰলৈ সোমাই যোৱা খাল এটাৰে সংযুক্ত আছিল। ৰসাল দ্বীপবোৰত সোণ, ৰূপ আৰু অন্যান্য বহুমূলীয়া ধাতু আছিল আৰু ইয়াত প্ৰচুৰ পৰিমাণে বিৰল, বিদেশী বন্যপ্ৰাণী পোহপাল দিছিল।1652461321604 দ্বীপটোৰ মাজত এখন মহান ৰাজধানী চহৰ আছিল। প্লেটোৱে কয় যে আটলাণ্টিছৰ অস্তিত্ব তেওঁৰ নিজৰ সময়ৰ প্ৰায় ৯,০০০ বছৰ আগতে আছিল। হাৰকিউলিছৰ পিলাৰৰ পাদদেশৰ এই দ্বীপ নৌবাহিনীৰে ইউৰোপৰ অধিকাংশ স্থান জয় কৰিছিল বুলিও এই গ্ৰন্থত উল্লেখ আছে। পিছত এক প্রলয়ৰ ফলত চিৰকালৰ বাবে সমুদ্রগর্ভত বিলীন হৈ যায় এই সভ্যতা। কিন্তু এই সভ্যতাৰ অস্তিত্ব সম্পর্কে প্লেটোৰ সমসাময়িক বহুতেই সন্দিহান আছিল। অনেকে আটলান্টিছক কল্পনাপ্রসূত বুলিও উৰাই দিয়ে। অনেকে আকৌ আটলান্টিছৰ সত্যতাক লৈ বিদ্রুপ কৰিবলৈয়ো এৰা নাছিল। অৱশ্যে বহুতে আটলান্টিছৰ উপস্থিতিক সত্য বুলি মানি লৈ সমুদ্রৰ তলত লুকাই থকা ধন-ৰত্নৰ সন্ধানত অভিযান চলাইছে। কিন্তু এই সমুদ্রৰ তলত লুকাই থকা এই দ্বীপৰ সন্ধান পোৱাত সকলোৱেই ব্যর্থ হৈছে।
  •  ক’ত আছিল আটলান্টিছ?
    আটলাণ্টিছ ক’ত আছিল সেই সম্পৰ্কে বহুকেইটা তত্ত্ব আছে। কোনোৱে কয় ভূমধ্য সাগৰত। কাৰোবাৰ মতে স্পেইনৰ উপকূলৰ ওচৰত। বহুতৰ মতে আনকি বৰ্তমানৰ এন্টাৰ্কটিকাৰ অধীনতো। আলবানি (Albany)ত অৱস্থিত New York State Museumৰ ইতিহাসৰ কিউৰেটৰ চাৰ্লছ অৰ্ছাৰে (Charles Orser) কয়— “মানচিত্ৰত এখন ঠাই বাছি লওক আৰু কোনোবাই কোৱাৰ দৰে ধৰি লওক, আটলাণ্টিছ তাত আছিল।” তেওঁৰ মতে— “আপুনি কল্পনা কৰিব পৰা প্ৰতিখন ঠায়েই আটলান্টিছ।” কিন্তু শেহতীয়াকৈ যাক আটলাণ্টিছ বুলি কোৱা হৈছে সেয়া আৱিষ্কাৰ হৈছে প্ৰশান্ত মহাসাগৰৰ সুগভীৰ তলিত।
  • সাগৰ তলিত হালধীয়া বৰণৰ ইটাৰ পথ
    সম্প্রতি প্রশান্ত মহাসাগৰৰ তলত হালধীয়া ৰঙৰ ইটাৰে বন্ধোৱা এটা পথৰ সন্ধান পাইছে সমুদ্র গৱেষণাৰ লগত জড়িত এদল বিজ্ঞানীয়ে। এটা ইউ টিউব ভিডিঅ’ অনুসৰি Exploration Vessel Nautilus দলৰ সদস্যসকলে প্রশান্ত মহাসাগৰত আমেৰিকাৰ পাপাহানাউমোকুৱাকে মেৰিন নেচনেল মনুমেন্ট (Papahānaumokuakea Marine National Monument)ৰ লিলিউওকালানি ৰিজ (Liliʻuokalani Ridge) নামৰ সামুদ্রিক অঞ্চলত গৱেষণা চলোৱাৰ সময়ত সমুদ্রৰ তলত এই পথৰ সন্ধান পায়। এই পথৰ কাঠামো ভাগিছিগি গ’লেও খাজ কটা কটা নক্সা দেখি বিজ্ঞানীসকলে ধাৰণা কৰিছে যে, কোনো এক সময়ত সেইটো এটা ব্যৱহাৰযোগ্য পথ আছিল।1652461321586 ইউ টিউবৰ এই ভিডিঅ’টোত এজন গৱেষকে কোৱা শুনিবলৈ পোৱা গৈছে যে, ইটাৰ এই পথেৰে গ’লে পোৱাগৈ যাব আটলান্টিছত। অন্য এক গৱেষকৰ দাবী— এই পথৰ উপস্থিতি যথেষ্ট অদ্ভুত।
  •  কিদৰে সন্ধান পোৱা গ’ল এই পথৰ
    গৱেষকসকলৰ এই দলটো সমুদ্রৰ তলত অগ্ন্যুৎপাতৰ ফলত সৃষ্টি হোৱা পাহাৰৰ এক বিভাজিকাৰ বিষয়ে অনুসন্ধান কৰিবলৈ উল্লিখিত ঠাইলৈ গৈছিল। ভিডিঅ’ ৰেকর্ড কৰাৰ সমস্ত সৰঞ্জাম লগত লৈয়েই সমু্দ্রৰ তললৈ গৈছিল তেওঁলোক। তলত অনুসন্ধান চলোৱাৰ সময়ত হঠাতে ইটাৰ এই পথত উজুটি খায় এজন গৱেষকে। তেওঁ প্রথমে ভাবিছিল যে, পথ সদৃশ এই কাঠামো আচলতে প্রাচীনকালত সক্রিয় আগ্নেয়গিৰিৰ অগ্নুৎপাতৰ ফলত সৃষ্টি হোৱা। সমুদ্রৰ তলত অগ্ন্যুৎপাতৰ ফলত সৃষ্টি হোৱা নটকা সাগৰগিৰি (Nootka Seamount)ৰ শিখৰত সন্ধান পোৱা এই পথ ভঙা হায়াল’ক্লাষ্টাইট শিলৰ (hyaloclastite rock) দ্বাৰা তৈয়াৰী বুলিও গৱেষকসকলৰ একাংশই মত পোষণ কৰিছে। হায়াল’ক্লাষ্টাইট শিল অগ্ন্যুৎপাতৰ ফলত সৃষ্টি হয়। অৰ্থাৎ এই শিল বা পাথৰ উচ্চ শক্তিৰ বিস্ফোৰণত গঠিত এবিধ আগ্নেয়গিৰিয় শিল। গৱেষকসকলৰ বহুতে এই বুলিও দাবী কৰিছে যে, অগ্ন্যুৎপাতৰ ফলত বাৰে বাৰে গৰম আৰু ঠাণ্ডা হোৱাৰ কাৰণে শিলবোৰত ফাঁট্ মেলিছে। আৰু তাৰ ফলতেই এই অভিনৱ নক্সাৰ সৃষ্টি হৈছে। তেওঁলোকে লগতে উল্লেখ কৰিছে যে, দলটোৱে আগতে কেতিয়াও অঞ্চলটোৰ জৰীপ কৰা নাছিল, কিন্তু এতিয়া তেওঁলোকে প্ৰাচীন সাগৰীয় পৰ্বতৰ শিলৰ ঢালৰ ওপৰত আৰু ভিতৰৰ জীৱনৰ ওপৰত গভীৰভাৱে চকু ফুৰাব।
  •  কল্প কাহিনীতে ৰ’ল ‘আটলাণ্টিছ’
    হয়। এতিয়াও কল্প কাহিনীতে আবদ্ধ হৈ আছে ‘আটলাণ্টিছ’। প্ৰশান্ত মহাসাগৰৰ সুগভীৰ তলিত ইটাৰে নিৰ্মিত পথৰ দৰে দেখা অংশটোক ‘আটলাণ্টিছ’লৈ যোৱা পথ বুলি ডুবাৰু দলটোৰ সদস্যই কৌতুকহে কৰিছিল। দেখিবলৈ ইটাৰে নিৰ্মিত পথ সদৃশ অংশটো যে সমুদ্ৰ তলিত আগ্নেয়গিৰিৰ অগ্ন্যুৎপাতৰ ফলতহে সৃষ্টি হৈছিল সেই কথা ইতিমধ্যে কৈ অহা হৈছে। এতিয়াও বহু সমাদৃত সমুদ্ৰ তলিৰ সমৃদ্ধিশালী ‘আটলাণ্টিছ’ৰ ৰহস্যঘন কাহিনী আপোনালোকক আগলৈ ক’ম বুলি কথা দিলোঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More