প্ৰাক্তন ফুটবল খেলুৱৈ দেৱেন নাৰ্জাৰীৰ দেহাৱসান

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩মে’ঃ ৰাজ্যৰ এগৰাকী দক্ষ প্ৰাক্তন ফুটবল খেলুৱৈ তথা শোণিতপুৰৰ এজন সৰবৰহী ক্ৰীড়া সংগঠক,প্ৰাক্তন ছাত্ৰ নেতা,সমাজকৰ্মী দেৱেন নাৰ্জাৰী(৫৬)ৰ অকাল বিয়োগত শোণিতপুৰত শোকৰ ছাঁ পৰিছে৷গুৰুতৰ অসুস্থতাত ভোগা নাৰ্জাৰীৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷উল্লেখযোগ্য যে,১৯৬৭ৰ পহিলা জুলাইত তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীৰ ঢেকীদল গাঁৱত জন্ম লাভ কৰা নাৰ্জাৰী এবছুৰ ঘোঁৰামাৰী আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিল আৰু ঢেকিদল বাথৌ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে ইউনাইটেড বড়ো পিপোলছ অৰ্গেনাইজেছনৰ শোণিতপুৰৰ কোষাধ্যক্ষৰ দায়িত্বও তেওঁ পালন কৰিছিল৷এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ নাৰ্জাৰী ঘোৰামাৰী আঞ্চলিক ক্ৰীড়া সন্হা অৰ্থাৎ গাছাৰ জন্মলগ্নৰে পৰা ক্ৰীড়া সম্পাদকৰ পদত অধিস্হিত হোৱাৰ লগতে তেওঁ এই ফুটবল দলৰ অধিনায়কো আছিল৷সেই সময়ত তেওঁৰ খেলৰ অসংখ্য অনুৰাগীও আছিল৷এগৰাকী জনপ্ৰিয় ক্ৰীড়া সংগঠক হিচাপে তেজপুৰ জিলা ক্ৰীড়া সন্হা আৰু নটৰাজম কলামন্দিৰৰ স’তেও গভীৰ সম্পৰ্ক ৰক্ষা কৰা নাৰ্জাৰীৰ নেতৃত্বত গাছাৰ ফুটবল দলটো শোণিতপুৰ তথা ৰাজ্যৰ এক অন্যতম ফুটবল দলত পৰিণত হৈছিল৷তদুপৰি সেই সময়ত গাছাই অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাখন জিলাৰ এখন আগশাৰীৰ ফুটবল প্ৰতিযোগিতাত পৰিণত হৈছিল৷ নাৰ্জাৰীৰ ফুটবল খেলৰ দক্ষতাৰ বাবেই তেওঁ শোণিতপুৰ জিলা দলৰ লগতে গুৱাহাটীৰ নৱজ্যোতি ফুটবল ক্লাৱৰ এজন খেলুৱৈ হিচাপে সুযোগ লাভ কৰাৰ উপৰি ৰাজ্যিক দলৰ হৈয়ো খেলাৰ সুযোগ লাভ কৰিছিল৷ সৰবৰহী নাৰ্জাৰীৰ বিয়োগৰ খবৰ কালি নিশা বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধ সকল শোকত ম্ৰিয়মাণ হৈ পৰে৷ পত্নী আৰু দুই সন্তানক এৰি যোৱা নাৰ্জাৰীৰ বিয়োগত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰৰ লগতে নটৰাজম কলা মন্দিৰ,গাছা,ইবিপিঅ’,এবছু, বড়ো সাহিত্য সভাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More