প্ৰায় পাঁচবছৰ পূৰ্বে হোৱা এক ৰহস্যজনক দুৰ্ঘটনাৰ আজিও তদন্ত সম্পূৰ্ণ নহল

স্বামীৰ প্ৰাণ লোৱা বাহনো চিনাক্ত নহ’লঃ বহু প্ৰশ্নৰ উত্তৰৰ অপেক্ষাত থকা এগৰাকী পত্নীৰ ক্ষোভ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৭মে’ঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ ক্ষেত্ৰত ইতিমধ্যেই ৰাজ্যৰ বহুজনে গভীৰ ৰহস্য থকা বুলি আশংকা প্ৰকাশ কৰাৰ সময়তে তেজপুৰৰ এজন লোকৰ ২০১৮ চনৰ পাঁচ ডিচেম্বৰৰ নিশা সোণাৰিত সংঘটিত ৰহস্যজনক দুৰ্ঘটনাৰ তদন্ত সন্দৰ্ভতো শেহতীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে নিহত লোকজনৰ পৰিবাৰে৷ উল্লেখযোগ্য যে, তেজপুৰ নিকামূল নিবাসী প্ৰয়াত সঞ্জীৱ বৰা (৩৪) সেই সময়ত সমগ্ৰ শিক্ষাৰ জিলা অভিযান বিষয়া হিছাপে সোণাৰিলৈ বদলি হৈছিল আৰু তাত তিনিমাহ কৰ্মৰত হোৱাৰ সময়ত ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ কামত চৰাইদেউ জিলাত মনিটৰিং অফিচাৰ হিচাপে নিয়োজিত আছিল। পাঁচ ডিচেম্বৰৰ সন্ধিয়া নিজৰ কাম শেষ কৰি ভাড়া ঘৰলৈ আহি তেওঁ জিৰণি লৈছিল আৰু আন পাঁচজন ব্যক্তিয়ে বৰাৰ ঘৰতে ভাত খাইছিল৷ সেই নিশা এটা ফোন কল পাই নিশা ১২ বজাত উপায়ুক্ত কাৰ্যালয়লৈ মটৰ চাইকেলখন লৈ ওলাই গৈছিল বৰা।কিন্তু ভাড়াঘৰৰ পৰা এক কিলোমিটাৰমান যাওঁতেই এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে বৰাক।বৰ্তমান লখিমপুৰৰ বিহপুৰীয়াত বাস কৰা বৰাৰ শিক্ষয়িত্ৰী পৰিবাৰ পল্লৱী নেওগ বৰাই সেই দুৰ্ঘটনাক আজিও সহজভাবে ল’ব পৰা নাই৷ সেই সময়ত দীৰ্ঘদিন দুৰ্ঘটনাটোৰ তদন্তৰ বাবে বহুবাৰ আৰক্ষী তথা প্ৰশাসনীয় বিষয়াৰ কাৰ্যালয়লৈ যোৱা মহিলাগৰাকীয়ে দুৰ্ঘটনাটোৰ ক্ষেত্ৰত বহু সন্দেহজনক দিশলৈ আঙুলিয়াই কয় যে, পঞ্চায়ত নিৰ্বাচনৰ নিশা ভাত খাবলৈ অহা পাঁচজন লোক দুৰ্ঘটনাৰ পাছত এবাৰো নাহিল আৰু প্ৰশাসনে ভাতৰ ব্যৱস্থা কৰা সত্বেও তেওঁলোকলৈ ভাতৰ নাটনি হোৱাত বৰাৰ ভাড়াঘৰত ভাত খাবলৈ অহা বুলি প্ৰকাশ কৰিছিল৷ আনহাতে, উপায়ুক্ত কাৰ্যালয়ৰ পৰা ফোন অহাত নিশা ভাড়াঘৰৰ গৰাকীৰ বাধা নামানি চাকৰি ৰক্ষাৰ বাবেই ওলাই যোৱা বৰাক সেই নিশা উপায়ুক্ত কাৰ্যালয়লৈ মতা হোৱা নাছিল বুলি বৰাৰ পৰিবাৰক জনোৱা হৈছিল৷ তদুপৰি, চৰাইদেউৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুৰ্ঘটনাটোৰ তদন্তত অতি গুৰুত্ব দি এজন উপআৰক্ষী অধীক্ষকৰ ওপৰত এই তদন্তৰ দায়িত্ব দিছিল৷ তদন্তকাৰী আৰক্ষী বিষয়াজনেও এজাহাৰকাৰী পল্লবী নেওগ বৰাক তদন্ত ৯০শতাংশ আগবঢ়া বুলি জনাইছিল যদিও ইয়াৰ পাছতে তদন্তকাৰী বিষয়াজনেই দুৰ্ঘটনাত পতিত হয় আৰু নিৰ্বাচনৰ সমাপ্তিৰ লগে লগেই আৰক্ষী অধীক্ষক সহ তদন্তকাৰী আৰক্ষী বিষয়াৰো বদলি হয়৷ ইয়াৰ পাছত আৰু সেই ৰহস্যজনক দুৰ্ঘটনাৰ তদন্ত নহ’ল তথা তদন্তৰ প্ৰতি কোনেও গুৰুত্বই নিদিলে৷ বৰ্তমানেও এই ঘটনাৰ উপযুক্ত তদন্ত আশা কৰা পল্লবী নেওগ বৰাই কয় যে, দুৰ্ঘটনাত পতিত হোৱা বৰাৰ মটৰ চাইকেলখনৰ ষ্টাৰ্ট বন্ধ হৈ আছিল সেই সময়ত আৰু তেওঁ পৰিধান কৰি যোৱা হেলমেটটোও পাছত বিছাৰি পোৱা নগ’ল৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনেই চিনাক্ত নোহোৱাকৈ থাকি যোৱাৰ বিষয়ে প্ৰকাশ কৰি নিহত বৰাৰ পৰিবাৰে আৰু কয় যে,নিশা দুৰ্ঘটনাত পতিত বৰা পথৰ দাঁতিত পৰি থকা অৱস্থাত শিমলুগুৰি আৰক্ষী বিষয়া এজনে তেওঁক উদ্ধাৰ কৰে যদিও দুৰ্ঘটনাগ্ৰস্ত বৰাক চিকিৎসালয়লৈ নিনি সোণাৰি আৰক্ষী থানালৈহে লৈ যায় আৰু বৰাৰ চিকিৎসা অবিহনেই মৃত্যু হয়৷ তদুপৰি,বৰা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিষয়ে সেই আৰক্ষীবিষয়াজনৰ লগত থকা এজন যুৱকে লগে লগে ফেচবুকত ফটো সহ প্ৰকাশ কৰিছিল যদিও পাছত তেওঁ সেই ফটো মছি পেলায়৷ পৰৱৰ্তী সময়ত তদন্ত অব্যাহত ৰখাটো বিচাৰি নিহত বৰাৰ পৰিবাৰে বহুবাৰ থানালৈ অহাযোৱা কৰিলে যদিও দুৰ্ঘটনা সংঘটিত কৰা বহনখনো চিনাক্ত নোহোৱাকৈ তদন্তৰ ওৰ পৰিল আৰু সেই দুৰ্ঘটনাৰ ৰহস্য তেনেদৰেই থাকিল৷ প্ৰথমজন তদন্তকাৰী আৰক্ষী বিষয়াই বৰ্তমান অৱসৰ গ্ৰহণ কৰিলে৷ বৰা নিহত হোৱাৰ সময়ত একমাত্ৰ পুত্ৰ শিশু অৱস্থাতে থকাৰ বিষয়ে প্ৰকাশ কৰি তেওঁৰ পৰিবাৰে কয় যে, মই এতিয়াও বিচাৰো এই দুৰ্ঘটনাৰ তদন্ত হওঁক আৰু সেই নিশা তেওঁক কোনে মাতিলে, কিয় মাতিলে আজিও ৰহস্য হৈ থকা কথাটো প্ৰকাশ পাওঁক। তেওঁ লগতে পৰৱৰ্তী সময়ত আৰক্ষীৰ ভূমিকাও সন্দেহৰ আৱৰ্তত থাকিল বুলি উল্লেখ কৰি কয় “ আমি বহুত চেষ্টা কৰিও একো সঁহাৰি নাপালোঁ। হয়তো তেওঁ নিৰ্বাচন সম্পৰ্কত কিছু গোপন কথা জানিছিল যাৰ বাবে পৰিকল্পিত ভাৱে সকলো ঘটি গৈছিল।” আজি জোনমণি ৰাভাৰ ঘটনাটোৱে সেই পুৰণি ঘা টুকুৰা পুনৰ খুঁচৰি দিলে বুলিও মন্তব্য কৰা মহিলাগৰাকীয়ে কয় যে সেই নিশা তেওঁৰ যি স্হানত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্হানৰ পৰা সমগ্ৰ শিক্ষাৰ কাৰ্যালয়টোও ওচৰতে আছিল আৰু পাঁচজন লোকে ভাতখোৱা ভাড়াঘৰৰ কোঠালিটোও পৰিস্কাৰ হৈ আছিল৷ তদুপৰি এই পাঁচজন ব্যক্তিক আৰক্ষীয়ে সোধাপোচা কৰাৰ সময়ত একেলগে ভাত খোৱা বৰাৰ মৃত্যু সংবাদে তেওঁলোকক ভীতিগ্ৰস্থ কৰাৰ বাবেই খবৰ ল’বলৈ অহা নাছিল বুলি কৈছিল৷ বিভিন্ন দিশ সমিধানহীন ভাবেই ৰৈ যোৱাত আজিও সেই ঘটনাক ৰহস্যজনক আৰু এক পূৰ্বপৰিকল্পিত হত্যা বুলিয়েই ভবা নিহত বৰাৰ পৰিবাৰে কয় যে, এই পৰ্যন্ত তেওঁ এই ঘটনাৰ বিষয়ে ৰাজহুৱা ভাবে একাধিকবাৰ প্ৰকাশ কৰি আহিছে যদিও বন্ধ হোৱা তদন্ত আৰু মুকলি নহ’ল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More