প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰী, ৫২ খন আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা আৰু নাই
বাসগৃহতে নাটকৰ অনুশীলন মঞ্চ গঢ়ি তুলি গ্ৰামাঞ্চলত নটসৈনিক সৃষ্টিত অহোপুৰুষাৰ্থ কৰা অগপ নেতা অৰ্পণ বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তিত বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ শোক প্ৰকাশ
শতাব্দৰ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্বাৰ অধিকাৰী তথা আধুনিক-বিজ্ঞানসন্মত শৈলীৰে নাট্যশিল্পৰ চৰ্চাৰ ক্ষেত্ৰত পৰীক্ষা-সম্পৰীক্ষাৰে বিকাশ আৰু উত্তৰণৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ৫২ খনতকৈ অধিক আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা আৰু নাই৷ উল্লেখ্য যে, অসমৰ প্ৰচলিত পৰম্পৰাগত অসমীয়া লোক নাট্যশৈলী, অসমীয়া অৰ্ধলোক নাট্যানুষ্ঠান আৰু অসমীয়া লোক সংস্কৃতিৰ উপাদানসমূহ ব্যৱহাৰ কৰি অসমীয়া নাটকৰ নিজস্ব পৰিচয় সৃষ্টিৰ বাবে কাম কৰি অহাই নহয়, গ্ৰামাঞ্চলৰ পৰা নট সৈনিক গঢ় দিয়াত অহোপুৰুষাৰ্থ কৰি অহা বিশিষ্ট নাট্যশিল্পীগৰাকী যোৱা প্ৰায় এমাহ ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ পিছত প্ৰথমে তেজপুৰৰ ব্যাপ্তিষ্ট খ্ৰীষ্টিয়ান হাস্পতাল পৰৱৰ্তী সময়ত ই এম এম হাস্পতাল আৰু শেহতীয়াকৈ যোৱা ১৫ দিনে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱা ৬৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাত তেজপুৰৰ লগতে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে৷ তেজপুৰৰ নিকটৱৰ্তী ডিপোটা নিবাসী প্ৰয়াত দণ্ডি বেজবৰুৱা আৰু বাসন্তী বেজবৰুৱাৰ সন্তান অৰ্পণ বেজবৰুৱাৰ জন্ম হৈছিল ১৯৫৭ চনৰ ১৮ আগষ্টৰ কৃষ্ণা জন্মাষ্টমী তিথিত৷ বিহগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত মেধাৰ পৰিচয় দিয়া আৰু ছাত্ৰ অৱস্থাৰ পৰাই নাট শিল্প ক্ষেত্ৰখনৰ লগতে কলা সংস্কৃতিৰ প্ৰতি অনুৰক্ত বেজবৰুৱাই ১৯৭১ চনত বিহগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰত নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ ‘সাঁকো’ নাটকত ‘হামিদ’ নামৰ এটি সৰু চৰিত্ৰত অভিনয় কৰি নাট্যজীৱন আৰম্ভ কৰিছিল৷ সাম্প্ৰতিক সময়ত অসম তথা সৰ্বভাৰততে প্ৰতিষ্ঠিত নাট্যকাৰ-নাট্য পৰিচালক আৰু সৰ্বভাৰতীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘নাট্যভূষণ’ উপাধিৰে বিভূষিত এই নিৰৱ নাট্য সাধকগৰাকীয়ে ১৯৭৩ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘প্ৰতিশোধ’ নামৰ একাংকিকা নাটকখন ৰচনা কৰাৰ লগতে বিভিন্ন মঞ্চত উপস্থাপনৰ জৰিয়তে আত্মপ্ৰকাশ কৰি ‘ইয়াণ্ডাবু শৃংখল’, ‘পৃথিৱীৰ পাতাল’, ‘মানুহ খোৱা মানুহ’, ‘ধুমুহাৰ পাছত’, ‘এজন ৰজাৰ কাহিনী’, ‘কচাইখানা’, ‘পুতলা নাচ’, ‘ফুট্-পাথৰ গাভৰু’, ‘ধুমুহা’, ‘নিৰ্বাচন’, ‘শিকলি’, ‘চক্ৰবেহু’, ‘ৰাৱণ’, ‘এজাক শগুণৰ হাঁহি’, ‘আকৌ কুৰুক্ষেত্ৰ’, ‘বান্দৰৰ নাচ’, ‘স্বাধীনতাৰ পাণ্ডুলিপি’, ‘উলংগ সভ্যতা’, ‘শাসনতন্ত্ৰ’, ‘খেল’, ‘জিঘাংসু শকুনি’, ‘বধ্যভূমিত কুকুৰনেচীয়া মানুহ’, ‘দ্ৰৌপদী’, ‘ বন্দে মাতৰম’, কালান্তৰৰ ৰক্তিম পুৱা’ আদিকে ধৰি ৫২ খনৰো অধিক অসমীয়া মৌলিক নাটক ৰচনা আৰু মঞ্চস্থ কৰি অসমীয়া নাট্যশিল্পৰ বৰ ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছিল৷ অসমীয়া আধুনিক নাট্যশিল্পৰ ‘নিজস্ব-পৰিচয়’ সৃষ্টিৰ এক সুদৃঢ় ভেটি গঢ়াৰ সংকল্প লৈ, অসমীয়া পৰম্পৰাগত লোক নাট্য শৈলী, লোককলা আৰু লোক সাংস্কৃতিক উপাদানসমূহ ব্যৱহাৰ কৰি ৰচনা আৰু মঞ্চস্থ কৰা নাটসমূহৰ ভিতৰত- ‘ইয়াণ্ডাবুৰ শৃংখল’ বাস্তৱধৰ্মী নাটকখনে ১৯৮৯ চনত অভয়াপুৰীৰ ভ্ৰাম্যমান থিয়েটাৰ ‘ৰূপালীম থিয়েটাৰ’ৰ মঞ্চত মঞ্চস্থ কৰি হাজাৰ হাজাৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰি ভূয়সী প্ৰশংসা পোৱাৰ লগতে ‘বান্দৰৰ নাচ’, ‘স্বাধীনতাৰ পাণ্ডুলিপি’, ‘উলংগ সভ্যতা’, ‘শাসনতন্ত্ৰ’, ‘খেল’, ‘জিঘাংসু’, বধ্যভূমিত কুকুৰনেচীয়া মানুহ’, ‘দ্ৰৌপদী’, ‘বন্দে মাতৰম’ আদি নাটক সৰ্বভাৰতীয় পৰ্যায়ত ১৮ বাৰ আৰু ‘উলংগ সভ্যতা’ নাটকখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰ মঞ্চস্থ কৰি অৰ্পণ বেজবৰুৱাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘নাট্য-ভূষণ’ উপাধি আৰু সন্মানেৰে বিভূষিত হৈ তেজপুৰ তথা সমগ্ৰ অসমলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ অসমীয়া সাংস্কৃতিক সমাজ, তেজপুৰৰ শিল্পীসকলৰ সহযোগত আৰু নিজৰ উদ্যোগত নিজা বাসভৱনতে এটি স্থায়ী মঞ্চ নিৰ্মাণ কৰি গ্ৰামাঞ্চলত শতাধিক যুৱক-যুৱতীক বিনামূলীয়াকৈ নাট্য বিষয়ত বিজ্ঞানসন্মত নাট্যশিল্প প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ উপৰিও ‘অসমীয়া সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালনাত এমহীয়া আবাসিক নাট কৰ্মশালাৰ ব্যৱস্থা কৰি নাট্য প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল৷ সংগীতৰ সকলো বাদ্য পাৰদৰ্শিতাৰে বজাব পৰা বেজবৰুৱা এগৰাকী সফল সংগীত শিল্পী হোৱাৰ লগতে আলোক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থলুৱা সামগ্ৰীৰে চমৎকাৰ পোহৰ নিয়ন্ত্ৰণৰে বহু নাটক আৰু সাংস্কৃতিক অনুষ্ঠানত আন এক প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে, এইগৰাকী নাট্যশিল্পীয়ে নাট শিল্পৰ সকলো বৈয়াকৰণিক দিশ সংপৃক্ত কৰি ৰচনা কৰা ‘নাট শিল্প আৰু অভিনয়তত্ব’ শীৰ্ষক গ্ৰন্থখনৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ নাট শিল্পৰ সৈতে জড়িত সকল উপকৃত হোৱাই নহয়,এই বিশেষ গ্ৰন্থখন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ প্ৰসংগ পুথি হিচাপেও গ্ৰহণ কৰাটো এক উল্লেখযোগ্য দিশ৷ আনহাতে শেহতীয়াকৈ অৰ্পণ বেজবৰুৱাৰ কেবাখনো নাটক একত্ৰিত কৰি এখন নাট্য সংকলনো প্ৰকাশ কৰি উলিয়াইছিল উত্তৰ-পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি ৰবীন চন্দ্ৰ বৰাই৷ উল্লেখ্য যে, ৪৫ বছৰতকৈ অধিক সময় নিজৰ বাসগৃহতে নাট্য অনুশীলন মঞ্চ নিৰ্মাণ কৰি গ্ৰামাঞ্চলক এক সুস্থ নাট্য পৰম্পৰা গঢ়ি তোলা বেজবৰুৱা আঞ্চলিকতাবাদৰ এগৰাকী অন্যতম পৃষ্ঠপোষক আছিল৷ অগপ নেতা বৃন্দাবন গোস্বামীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বেজবৰুৱা ১৯৯৫ চনৰ পৰা অগপৰ বালিপুখুৰী আঞ্চলিকৰ তিনিটা কাৰ্যকালৰ সম্পাদক, দুটা কাৰ্যকালৰ সভাপতিৰ উপৰি তেজপুৰ সমষ্টি উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ লগতে তেজপুৰ জিলা অগপৰো কাৰ্যনিৰ্বাহকৰ সদস্য হৈ মৃত্যুৰ সময়লৈকে অসম গণ পৰিষদ দলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল৷ ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰৰ জৰিয়তে নাট্য শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত অহোপুৰুষাৰ্থ কৰা বেজবৰুৱাৰ ৰচিত আৰু পৰিচালিত নাট মিলনপুৰ, তেলেৰীয়া, বাঁহবাৰী ঊষা নাট্য মন্দিৰ, কদমকলি কলা মন্দিৰ, পদ্মনাথ গোহাঞি বৰুৱা ৰঙ্গমঞ্চ, বালিপুখুৰী তিনিআলি, বেছেৰীয়া-পৰ্বতীয়া আদি অঞ্চলতো সঘনাই সফলতাৰে মঞ্চস্থ হৈছিল৷ আনহাতে মিলনপুৰৰ ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস মহোৎসৱৰ দীৰ্ঘকাল ধৰি আলোক শিল্পী হিচাপে জড়িত থকাই নহয়, মিলন বাকৰি ৰাসৰ প্ৰয়াত দিলীপ চৌধুৰী পৰিচালিত বহু নৃত্য নাটিকাৰ এগৰাকী দক্ষ আলোক শিল্পীও আছিল বেজবৰুৱা৷ এইগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি ১৯৭৯ চনতেই এক সুকীয়া বিপ্লৱী ধাৰণাৰে সশস্ত্ৰ সংগ্ৰামতো জড়িত হৈ পৰিছিল৷ পৰেশ বৰুৱাৰ পূৰ্বেই স্বাধীন অসমৰ সপোন দেখি তেতিয়াই এ পি এল এ গঠন কৰি নিজে কমাণ্ডাৰ ইন চীফ পদত আসীন হৈ বহু বছৰ ধৰি আত্মগোপন কৰি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল৷ এই আত্মগোপনৰ কালছোৱাতেই বহু কেইখন নাটকৰ জন্ম দিয়া আৰু শেষত এগৰাকী চিৰিয়াচ নাট্যশিল্পী হিচাপে সৰ্বত্ৰ পৰিচিত হৈ পৰা বেজবৰুৱা অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে কলকাতাৰ ‘ৰাষ্ট্ৰীয় নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ পৰা নাট পৰিচালনা আৰু ‘আচাম ফ্লিম ইনষ্ট্ৰিিউচনৰ পৰা কথাছবি পৰিচালনাৰ ডিপ্ল’মাও লাভ কৰিছিল৷ অসম নাট্য সন্মিলনৰ দ্বাৰা বিভিন্ন প্ৰান্তত অনুষ্ঠিত নাট প্ৰতিযোগিতাত বহু পুৰস্কাৰ লাভ কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত ২০০৬ চনত ওড়িশ্যাৰ কটক চহৰত আৰু বঙাইগাঁৱৰ অনুষ্ঠিত সৰ্বভাৰতীয় নাট প্ৰতিযোগিতাত ‘জিঘাংসু প্ৰতিশোধ’ নাটকেৰে বহু পুৰস্কাৰ লাভ কৰাৰ উপৰি উত্তৰ প্ৰদেশৰ এলাহবাদত অৱস্থিত সৰ্বভাৰতীয় নাট প্ৰতিযোগিতা ‘খেল’ নাটকৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতা সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ ১৯৭৩ চনৰ পৰা ১৯৯৫ চনলৈকে এইগৰাকী নাট্যকাৰে লিখা নাটকসমূহ আছিল ‘অসমীয়া আধুনিক বাস্তৱধমী’ নাটক আৰু ১৯৯৬ চনৰ পৰা মৃত্যু পৰ্যন্ত লিখি যোৱা নাটকসমূহ আছিল অসমীয়া আধুনিক এপিক শৈলীৰ পৰীক্ষামূলক নাটক৷ এইগৰাকী বহুমুখী প্ৰতিভাধৰ শিল্পী তথা জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰীৰ নশ্বৰ দেহ আজি বাসগৃহ আহি পোৱাৰ পিছতেই ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰৰ তৰফৰ পৰা ভূপেন বৰদলৈ, কুশল শইকীয়াকে ধৰি অসংখ্যজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি মৃগেন চন্দ্ৰ বড়া, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি-সম্পাদক ৰবীন চন্দ্ৰ বৰা-প্ৰশান্ত দাস, মিলন বাকৰি ৰাস মহোৎসৱ সমিতিৰ সভাপতি কুলেন শইকীয়া, সম্পাদক অপূৰ্ব বৰা, ৰাজু বৰা, তেজপুৰৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকাকে ধৰি বিভিন্ন ব্যক্তি-অনুষ্ঠানে পুষ্পাঞ্জলি অৰ্পণ কৰে৷ মৃত্যুৰ সময়ত শিক্ষয়িত্ৰী পত্নী, একমাত্ৰ শিল্পী কন্যা মাজুলী বেজবৰুৱা আৰু পৰিয়ালৰ আন আত্মীয়ৰ লগতে অসংখ্যজনক এৰি থৈ যোৱা অৰ্পণ বেজবৰুৱাৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, তেজপুৰ জিলা অগপৰ সভাপতি ৰাতুল কুমাৰ নাথ, অসম ৰেপাৰটৰীৰ সভাপতিৰ হৈ পুলক কুমাৰ ডেকা, শোণিতপুৰ প্ৰেছ ক্লাব, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, বাণ থিয়েটাৰৰ সভাপতি-সম্পাদক বংকিম শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, জনসাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, বিহু সুৰক্ষা সমিতিৰ নৰহৰি চুতীয়া, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি-সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰা, শোণিতপুৰ জিলা আৰ্চাৰী সন্থাৰ সম্পাদক মধুস্মিতা হাজৰিকা ডেকা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।