পৰিপুষ্টিহীন সোৱণশিৰিত মাছৰ পোনা মেলিলে এনএইচপিচিয়ে

অৰুণাচলৰ মীন বিভাগ আৰু এনএইচপিচিৰ বুজাবুজি চুক্তি

0 60

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ, ৭জুনঃ ২০২৩ চনৰ ২৭ অক্টোবৰত এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰি সোৱণশিৰি নৈপৰীয়া জনগণক আতংকময় পৰিৱেশৰ মাজত উদ্বিগ্ন কৰি ৰাখি এন এইচ পি চিয়ে সোৱণশিৰি নদীখন শুকুৱাই পেলাইছিল। সেই এন এইচ পিচিয়ে এতিয়া ঘঁৰিয়ালৰ দৰে চকুপানী টুকি সোৱণশিৰিৰ বুকুত মাছ পালনৰ বাবে পোনা মেলিছে। ২৭ অক্টোবৰৰ পুৱা প্ৰায় ৯ বজাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষতে থকা ১ নং ডাইভাৰছনেল টানেলত প্ৰাকৃতিক ভূমিস্খলনত পাহাৰ খহি টানেলটো বন্ধ হৈ পৰা বুলি প্ৰচাৰ কৰিছিল ৷ নামনিত নিমিষতে নদীখনৰ গতি স্তব্ধ হৈ পৰিছিল। নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল৷ নদীৰ শুকান বুকুত মাছ ওলাই পৰিছিল। বহুলোকে মাছবোৰ অনায়সে ধৰিছিল। প্ৰায় ১৪ ঘণ্টা নদীখন শুকাই থাকিল আৰু সেই সময়ত এন এইছ পি ছিয়ে কৌশলেৰে বান্ধৰ উজনিৰ ৰিজাৰ্ভাৰ পানীৰে পূৰ্ণ কৰি ললে। সেই ৰিজাৰ্ভাৰত নামনি সোৱণশিৰি প্ৰকল্প আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত কালি (৬জুনত) মীন পালন ব্যৱস্থাপনা আঁচনি ৰূপায়ণৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মাজত মীন পালন ব্যৱস্থাপনা আঁচনি ৰূপায়ণৰ বাবে স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তি অনুসৰি মাছৰ বৃদ্ধিৰ বাবে এই পদক্ষেপ লৈছে বুলি সদৰী কৰিছে । এনএইচপিচি লিমিটেডৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাৰ্যবাহী সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত অৰুণাচলৰ মীন পালন সঞ্চালক জয়শিল তাবা আৰু এনএইচপিচি লিমিটেডৰ মহাপ্ৰৱন্ধক (পৰিৱেশ) মনসিৎ সিং চৌধাৰীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। আঁচনিখনত অৰুণাচল প্ৰদেশ চৰকাৰৰ মীন বিভাগৰ দ্বাৰা সোণালী পিঠিয়া,স্নো ট্রাউট আৰু কাৰ্প প্ৰজাতিৰ মাছৰ পোনা পালনৰ বাবে উৎপাদনস্থলীৰ বিকাশ আৰু নদীৰ জৈৱ বৈচিত্র সংৰক্ষণ ব্যৱস্থা হিচাপে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ উজনিত সোৱণশিৰি নদীত মাছৰ পোনা ৰখাৰ পৰিকল্পনা কৰিছে । মীন পালন ব্যৱস্থাপনাৰ আৰম্ভণি উপলক্ষে, বান্ধৰ নামনিত সোৱণশিৰি নদীত এনএইচপিচি লিমিটেড আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মীন বিভাগৰ বিষয়াসকলে প্ৰায় ৬০০০ মাছৰ পোনা এৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে সোৱণশিৰি প্ৰকল্প নিৰ্মাতা এন এইচ পি চিয়ে বিভিন্ন সময়ত বিভিন্ন কৌশল আৰু বক্ৰপথ অৱলম্বন কৰি প্ৰকৃতিৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ কৰি অহাৰ ফলত নৈখন যোৱা অক্টোবৰতে জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত মৃতপ্ৰায় নদীলৈ পৰ্যবেক্ষিত হল। তাৰ পিছত এতিয়া পৰিপুষ্টিহীন নৈখনত মাছৰ পোনা মেলা কাৰ্যই কি ৰূপ লব সেয়া সময়ত লক্ষ্যণীয় হব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More