পৰ্যটকৰ বাবে মুকলি হ’ল চিজুচাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ জীপ চাফাৰী

ৱেষ্ট কামেং জিলাৰ চিজুচাত পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালা

0 20

জামুগুৰিহাট : ১ ডিচেম্বৰঃ ৱেষ্ট কামেং জিলাৰ চিজুচাস্থিত ৱাইল্ড লাইফ অডিটৰিয়ামত মঙ্গলবাৰৰ পৰা তিনিদিনীয়া পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালা অনুিষ্ঠত হয় । অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰৰ, সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত ইতিমধ্যেই পৰ্যটনৰ ওপৰত কৰ্মশালাৰ অনুষ্ঠিত হৈ আছে । তাৰেই অংশ হিচাপে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল ।কৰ্মশালাত অৰুণাচল প্ৰদেশৰ সাতখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলে অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বিভিন্ন দিশত গৱেষণামূলক পৰ্য্যালোচনা কৰে । উল্লেখযোগ্য যে ১২ নং পাকে কেছাং সমষ্টিৰ বিধায়ক বিওৰাম ৱাগেই আদৰণি ভাষণ প্ৰদান কৰি কৰ্মশালাৰ শুভ উদ্বোধন কৰে । ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে চিজুচাস্থিত পাকে টাইগাৰ ৰিজাৰ্ভৰ জীৱ জন্তু, হৰ্ণ বিল সংৰক্ষণ কৰাৰ লগতে পৰ্যটনৰ বাবে চিজুচাক সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি মননশীল বক্তব্য আগবঢ়ায়। কাৰ্যসুচীৰ আঁত ধৰে অৰুণাচল চৰকাৰ পৰ্যটন বিভাগৰ ডেপুটি ডাইৰেক্টৰ বেনজিয়া মান্নই। তেওঁৰ ভাষণত অৰুণাচল প্ৰদেশৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য দিয়াৰ লগতে এই কৰ্মশালাৰ উদ্দেশ্যেৰ বিষয় ব্যাখ্যা দাঙি ধৰে । উল্লেখযোগ্য যে সভাত চিজুচাৰ অতিৰিক্ত উপায়ুক্ত টি আৰ টোপী, পৰ্যটন বিভাগৰ অতিৰিক্ত সঞ্চালক বেলজিয়াম মান্না, পৰ্যটন বিভাগৰ উপদেষ্টা আইজিং লাংচা, ডি টি অ’ হাইলট মুগিৰ সহ কেইবাগৰাকী পৰ্যটন ও বন বিভাগৰ লোকে অংশগ্ৰহণ কৰে। প্ৰাকৃতিক মনোমোহা পৰিৱেশৰে ভৰপুৰ চিজুচালৈ হাত বাউলি মাতিছে দেশী-বিদেশী পৰ্যটকসকলক । অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ অন্তৰ্গত পাকে ৰিজাৰ্ভ ফৰেষ্টত পৰাই মুকলি হল জীপ ছাফাৰীৰ সু ব্যৱস্থা । অৰুণাচল প্ৰদেশ চৰকাৰ পৰ্যটন বিভাগৰ উদ্যোগত অন্তিম দিনা বৃহস্পতিবাৰে আৰম্ভ হৈছে ১২ কিলোমিটাৰ দৈঘ্যৰ জীপ ছাফাৰীৰ সুবিধা। চিজুচাস্থিত ৱাইল্ড লাইফ অডিটৰিয়াম কাৰ্যালয়ৰ পৰা পুৱাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা জীপ ছাফাৰীত উঠি স্বাভাৱিক ভাৱেই উৎফুল্লিত হৈছে চিজুচা বাসীৰ লগতে বিভিন্ন দেশী-বিদেশীৰ পৰ্যটকসকল। পাকে ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্গত অটব্য অৰণ্যৰ বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰী কৰি ৰং বিৰঙৰ চৰাই- চিৰিকটি, পখিলা, বাঘ, হাতী, হৰিণা, হৰ্ন বিলকে আদি কৰি বিভিন্ন ধৰনৰ জীৱ জন্তু প্ৰত্যক্ষ কৰাৰ উপৰিও থকা খোৱা, মেডিকেল সা-সুবিধাও উন্নত মানদণ্ডৰ বুলি জানিবলৈ দিয়ে পৰ্যটকসকলে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More