পৰ্যটন উদ্যোগী দেৱজিৎ গগৈৰ গোৱাত দেহাৱসান

0 602

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ অসমৰ পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লক্ষ্যৰে শিক্ষকতাৰ দৰে নিশ্চিত আয়ৰ উৎস এৰি পৰ্যটকক লৈ অৰঙে দৰঙে ভ্ৰমণ কৰা যুৱ পৰ্যটন উদ্যোগী লখিমপুৰৰ দেৱজিৎ গগৈৰ(৪৭) আজি পুৱা দেহাৱসান ঘটে। লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ দলক লৈ পহিলা জানুৱাৰীত গোৱালৈ ৰাওনা হোৱা গগৈয়ে গোৱাত উপস্থিত হোৱাৰ সময়তে উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু লগে লগে গোৱা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে দুদিন পূৰ্বে তেঁও ষ্ট্ৰোকৰ দ্বিতীয়টো আঘাত পোৱাত সংজ্ঞাহীন হৈ পৰে আৰু আজি পুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।WhatsApp Image 2023 01 13 at 6.35.08 PMপৰ্যটনৰ ক্ষেত্ৰখনৰ প্ৰচুৰ অধ্যয়নৰে বিগত কুৰি বছৰে দেৱজিৎ গগৈয়ে সমগ্ৰ দেশতে এক সুসংহত নেটৱৰ্ক গঢ়ি তোলাৰ লগতে লখিমপুৰ জিলাৰ গৰিষ্ঠসংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষামূলক ভ্ৰমণ, তীৰ্থ ভ্ৰমণ ব্যৱস্থাপনা কৰাৰ উপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটকক দেশৰ বিভিন্ন অঞ্চললৈ যোৱাত সহায় কৰি আহিছিল। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক হিচাপে উত্তীৰ্ণ হোৱা গগৈয়ে পৰৱৰ্তী সময়ত ছিকিমত বি ফাৰ্ম ডিগ্ৰী গ্ৰহণ কৰে। ২০১০ চনত তেওঁ বিজ্ঞান শিক্ষকৰূপে কাকৈ হাইস্কুলত যোগদান কৰি ২০১৭ চনলৈ শিক্ষকতা কৰে। কিন্তু পৰ্যটন খণ্ডক জীৱন জীৱিকাৰূপে গ্ৰহণ কৰা গগৈয়ে শিক্ষকতা চাকৰি বাদ দি পৰ্যটনৰ দৰে অনিশ্চিত আয়ৰ উৎসক বাচি লৈছিল একমাত্ৰ পৰ্যটনক অন্তঃকৰণেৰে ভালপোৱাৰ বাবেই।WhatsApp Image 2023 01 13 at 6.19.00 PM পৰ্যটকক সকলোধৰণৰ সা সুবিধা দিয়াৰ ক্ষেত্ৰত বিগত ২০০০ চনৰে পৰা দেৱজিৎ গগৈয়ে অপৰিসীম কষ্ট স্বীকাৰ কৰিছিল। লক ডাউনে সৃষ্টি কৰা প্ৰতিবন্ধকতাত মনোবল নেহেৰুৱাই গগৈয়ে যোৱা বছৰৰ পৰা পুনৰ পাটকাই ট্ৰেভেলচক অধিক গতিশীল কৰি তুলিছিল। আজি তেঁওৰ মৃত্যুত উত্তৰ লখিমপুৰ নগৰত শোকৰ ছাঁ পৰে। নগৰৰ চি ডি ৰোডৰ চৰাইদেউ নগৰ পথৰ বাসিন্দা গগৈয়ে মৃত্যুৰ সময়ত শিক্ষয়িত্ৰী পত্নীসহ ৮ বছৰীয়া একমাত্ৰ পুত্ৰ আৰু মাতৃসহ তিনি ভাতৃক এৰি গৈছে। গগৈৰ মৃতদেহ বিমানযোগে কাইলৈ পুৱা ১০.৩০ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ পোৱাৰ কথা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More