ফাটবিহুক অসমৰ পৰ্যটনৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰক- অনুৰাধা শৰ্মা পূজাৰী

অভিলেখ ভংগ কৰি মুঠ ৬৯ টা বিহুদলৰ প্ৰথমদিনাৰ বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ 

0 365

 

  • শুক্ৰবাৰৰ মহিলা টকা আৰু চেমনীয়া বিহুদলসমূহৰ বিহু শনিবাৰে পুৱা ৭-৩০ বজাহে সামৰণি।
  • বিয়লি ২ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৭ -১৫ বজাত ফাটবিহু তলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
  • মুখ‍্যমন্ত্ৰী ড° শৰ্মাৰ আগমন উপলক্ষত অন্তিম দিনৰ কাৰ্যসূচীৰ সময়ৰ কিছু সালসলনি

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৩ মে’:WhatsApp Image 2023 05 13 at 9.11.22 PM ঢকুৱাখনাৰ বিহু মানেই সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ হৃদ স্পন্দন। ঢকুৱাখনা বিহুৰ হৃদপিণ্ড। বিহুৰ এই বিনন্দীয়া ৰূপ ঢকুৱাখনাৰ ফাটবিহুৰ বাদে আন ক’তো নাই। ঢকুৱাখনাত উপস্থিত হৈ শ শ বছৰৰ আগলৈ ঘূৰি যোৱা যেন লাগিছে। প্ৰকৃত বিহু চাবলৈ ঢকুৱাখনালৈ আহক। অসম চৰকাৰে ঢকুৱাখনাৰ ফাটবিহু পৰ্যটনৰ কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰক। দেশী-বিদেশী পৰ্যটকক প্ৰকৃততে বিহু দেখুৱাবলৈ হ’লে ঢকুৱাখনাৰ ফাটবিহুলৈ পঠোৱা উচিত।এই দায়িত্ব চৰকাৰৰ। এই ভাষ্য জনপ্ৰিয় ঔপন‍্যাসিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ। ফাটবিহুৰ বাৰ্ষিক মুখপত্ৰ “বিহুৱান”ৰ দ্বাত্ৰিংশ সংখ‍্যাটি উন্মোচন কৰি দিয়া ভাষণত শৰ্মা পূজাৰীয়ে কয় যে মোৰ সাংবাদিক জীৱনৰ আদি গুৰু হোমেন বৰগোহাঞি ছাৰৰ জন্মস্থান ঢকুৱাখনালৈ আহি তেওঁৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ আৰু বহু কষ্ট পাইছোঁ। তেওঁ কয় যে বৰগোহাঞিৰ ‘গৰখীয়া’ গল্পৰ ম’হঘূলি চাপৰিত উপস্থিত হৈ আবেগিক হৈ পৰিছোঁ আৰু তেওঁক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।ইংৰাজী সাহিত্যই ইংলেণ্ডৰ টেমছ নদীখন বিখ্যাত কৰাৰ দৰে হোমেন বৰগোহাঞিয়ে তেওঁৰ সৃষ্টিৰ জড়িয়তে চাৰিকড়ীয়া নৈখনক বিখ্যাত কৰি থৈ গৈছে। ম’হঘূলি চাপৰিত সেউজ পৰিৱেশ দেখি তেওঁ অভিভূত হোৱা বুলি মন্তব্য কৰে। এই পৰিৱেশে চিৰজীৱন মানুহক বিহতলীলৈ আহ্বান জনাই থাকিব বুলি তেওঁ মন্তব্য কৰে। ম’বাইল ফোন এৰি তেওঁ কিতাপ পঢ়িবলৈ সকলো আহ্বান জনায় । শব্দইহে ইতিহাস আৰু সংস্কৃতি ধৰি ৰাখিব বুলি তেওঁ কয়। ফাটবিহুৰ মুখপত্ৰ বিহুৱানৰ এইবাৰৰ সংখ‍্যাটি সম্পাদনা কৰিছে স্বৰ্ণ গগৈ চমুৱাই।ইয়াৰ পূৰ্বে দুপৰীয়া ২ বজাত সকলো জাতি-জনগোষ্ঠীৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰবীণ জনপ্ৰিয় বিহুৱা তথা বিহু গৱেষক খগেন গগৈয়ে। উদ্বোধনী ভাষণত তেওঁ কয় যে তেওঁৰ ককাকহঁতৰ মুখত আহোম স্বৰ্গদেউ চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুঙত বিভিন্ন জাতি -জনগোষ্ঠী একত্ৰিত হৈ বিহু মাৰিছিল বুলি শুনিছিল।তেতিয়া ৰজা আৰু ডা-ডাঙৰীয়াসকলে বিভিন্ন জাতি-জনগোষ্ঠীক কৈছিল আপোনালোকৰ মাজত ফাট মেলিবলৈ নিদিবা বুলি কৈছিল। তেওঁ অসমীয়া জাতিক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়। আমি শিপা ধৰি ৰাখিবই লাগিব, নহ’লে বিহু মাৰি অথবা বিহু পাতি লাভ নাই বুলি সকীয়াই দিয়ে। তেওঁ লগতে কয় যে বিহুত আগতে ধৰ্ম নাছিল, এতিয়াও নাই। প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতাত বিভিন্ন জাতি-জনগোষ্ঠীৰ একুৰিৰো অধিক বিহু দলে অংশগ্ৰহণ কৰে ‌ইয়াৰে অধিকাংশ মিচিং জনগোষ্ঠীৰ বিহুদল। অৱশ্যে এয়া প্ৰথমদিনাৰ তুলনাত যথেষ্ট কম।ইফালে প্ৰথম দিনা অৰ্থাৎ শুক্ৰবাৰৰ মহিলা টকা আৰু চেমনীয়া বিহুদলসমূহৰ বিহু শনিবাৰে পুৱা ৭-৩০ বজাহে সামৰণি পৰে ।পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মুঠ ৬৯ টা বিহুদলে প্ৰথমদিনাৰ বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইয়াৰে ৫৬ টা মহিলাৰ টকা বিহু আৰু ১৩ টা চেমনীয়াৰ হুঁচৰি বিহুদল। শুক্ৰবাৰৰ কাৰ্যসূচী আজি পুৱা পৰ্যন্ত অব‍্যাহত থকাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় দিনৰ কাৰ্যসূচী নিৰ্ধাৰিত সময়তকৈ যথেষ্ট পলমকৈ আৰম্ভ হয়। দ্বিতীয় দিনৰ কাৰ্যসূচী দুপৰীয়া ১২-৩০ বজাত অসম চৰকাৰে পৰিৱেশ মিত্ৰ সন্মানেৰে বিভূষিত কৰা বিশিষ্ট পৰিৱেশ কৰ্মী দেৱজিৎ ফুকনে শুভাৰম্ভ কৰা গছপুলি আৰু কপৌফুল ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হয়।WhatsApp Image 2023 05 13 at 9.15.15 PMইয়াৰ পিছত গামোচা প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ‍্য শইকীয়া বৰুৱাই।
মুখ‍্যমন্ত্ৰীৰ ভ্ৰমণ সূচীঃ
১৪ মে’ৰ অন্তিম দিনাৰ ফাটবিহুত মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব। মুখ‍্যমন্ত্ৰী ড° শৰ্মাৰ আগমন উপলক্ষত অন্তিম দিনৰ কাৰ্যসূচীৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। জানিব পৰা অনুসৰি মুখ‍্যমন্ত্ৰী ড° শৰ্মাই পুৱা ৮-৩০ বজাত ঢকুৱাখনা মিনি ষ্টেডিয়ামৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি পথেৰে যাত্ৰা কৰি ১০ কিলোমিটাৰ দূৰৈৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত উপস্থিত হ’ব।ইয়াৰ পিছত পুৱা ১০ বজাত তেওঁ ফাটবিহু তলীত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিব। মুখ‍্যমন্ত্ৰীৰ লগত কৃষি মন্ত্ৰী অতুল বৰাও সভাত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
ফাটবিহুৰ ১৪ মে’ দেওবাৰৰ কাৰ্যসূচী:
মুখ্যমন্ত্ৰীৰ আগমণৰ উপলক্ষত তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীৰ সালসলনি কৰি জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে শুভাৰম্ভ কৰিব লগা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা মুখ‍্যমন্ত্ৰীৰ প্ৰস্থানৰ পিছত প্ৰায় ১১ মান বজাতহে বাহিৰ হ’ব বুলি জানিব পৰা গৈছে। শোভাযাত্ৰাৰ পিছত দুপৰীয়া ১২-৩০ বজাৰ পৰা আৰম্ভ হ’ব ফাটবিহু অনন্য, একক আৰু মৌলিক বিহু হিচাপে স্বীকৃত মুকলি বিহু।ম’হঘুলি চাপৰিৰ ফাটবিহুৰ স্থায়ী বাকৰিৰ শ শ সেউজ বৃক্ষৰ তলত শতাধিক বিহুদলে মন-প্ৰাণ ঢালি অংশগ্ৰহণ কৰিব মুকলি বিহুত। গছতলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত হ’ব লগা মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰিব লোকশিল্পী একলব্য গামে। আনহাতে বিয়লি অনুষ্ঠিত হ’ব লগা মুকলি সভাখন উদ্বোধন কৰিব মোহময়ী অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে ।ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পৌৰোহিত‍্যত অনুষ্ঠিত হ’ব লগা সভাখনত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ‍্যক্ষ ঋতুপৰ্ণ বৰুৱাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব।সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখিব বিশিষ্ট লেখক, হাস‍্যৰসিক ব‍্যক্তি ডাঃ অঞ্জনজ‍্যোতি চৌধুৰীয়ে। আনহাতে আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদ্দুলাকে প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।WhatsApp Image 2023 05 13 at 9.17.38 PM 1
কৃৰ্তি বিহুৱা-বিহুৱতী আৰু কৃষকক সম্বৰ্ধনা অনুষ্ঠান:
কাৰ্যসূচীত পূৰ্ব নিৰ্ধাৰিত সময় বিয়লি ২ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৭ -১৫ বজাত ফাটবিহু তলীত উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁ কৃৰ্তি বিহুৱা-বিহুৱতী আৰু কৃষকক সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰে। নিজৰ বক্তব্যত এই ফাটবিহু এক সমন্বয়ৰ উৎসৱ বুলি অভিহিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আগন্তুক দিনত ইয়াক পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। এই ক্ষেত্ৰত ঢকুৱাখনাবাসীৰ লগতে চৰকাৰৰো দায়িত্ব আছে । ফাটবিহুত জাতীয় সাজপাৰ পৰিধান কৰা সংস্কৃতি দেখি অভিভূত হয় আৰু নামঘৰকে প্ৰমুখ্যে কৰি জাতীয় অনুষ্ঠানবোৰলৈ অসমবাসীক জাতীয় সাজপাৰ পৰিধান কৰি যাবলৈ অনুৰোধ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More