ডাঃ সুৰজিত গিৰি
“ছাৰ, নোৱাৰে যদি কওক।এজন ভাল বেজ আছে, তেওঁক মাতো।” পুতেক সুৰজৰ স্পষ্ট আৰু ৰুক্ষ কথা!
শ্ৰী মতী পূৰ্ণিমা তাঁতী, ৪২ বছৰ, ৰাজমাই,শিৱসাগৰ
ৰাতিপুৱা ১১ মান বজাত গোবৰখিনি পেলাই ঘূৰিব লওঁতেই পূৰ্ণিমাৰ থৰকাচুতি হেৰায়। কাৰণ সন্মুখত এডাল মস্ত চকৰি ফেটীয়ে ফেট তুলি থিয় হৈ আছিল।কি কৰো কি নকৰো বুলি উৱাদহি নাপাই,পূৰ্ণিমাই দৌৰি পলাবলৈ লওঁতেই সাপডালৰ ওপৰতে পৰি যায়।
তৎক্ষণাত সাপডালে খঙত বাওঁ ভৰিত দংশন কৰে। সাপডালৰ নেগুৰে পূৰ্ণিমাৰ বুকু মেৰিয়াই ধৰে।সাপডালৰ মুখ পূৰ্ণিমাৰ ভৰিৰ ফালে আছিল ।সৰ্ব শক্তি প্ৰয়োগ কৰি পূৰ্ণিমা উঠি আকৌ পলাব চেষ্টা কৰোতে, পূৰ্ণিমাৰ বাওঁ ভৰিয়ে পুনৰ সাপডালক গচকি দিয়ে।সাপডালে আকৌ একে ঠাইত দ্বিতীয়বাৰ দংশন কৰে। মুঠতে পূৰ্ণিমা আৰু ফেঁটী সাপডালে জোট-পোত খাই মাটিতে কিছু সময় পৰি থাকে।সমস্ত শক্তিৰে পূৰ্ণিমাই শেষ বাৰৰ বাবে নিজকে সাপডালৰ মেৰটোৰ পৰা মুক্ত কৰিব চেষ্টা কৰিব লওঁতেই উবুৰি খাই পূৰ্ণিমাৰ মুখখন সাপডালৰ পেটত পৰে।বাওঁ ভৰিৰে ভৰ দি উঠিব লওঁতেই আকৌ ফেঁটী সাপডালৰ মূৰটোতে পুনৰ গছক পৰে।ফেঁটী সাপডালে খঙত একো নাই হৈ ফুচফুচাই আকৌ এবাৰ সৰ্বমুঠ তিনিবাৰ একেখন ভৰিত দংশন কৰে।
তৎক্ষণাত হুৱাদুৱা লাগি যায়।ফেঁটী সাপডালেও ওচৰতে থকা ডাঙৰ গছৰ ফুটা এটাত আত্ম ৰক্ষাৰ কাৰণে সোমায়।মাজে মাজে পৰিস্থিতিৰ বুজ লবলৈ মূৰটো উলিয়াই ইফালে সিফালে চাই আকৌ সোমায় যায়।কোনোবা এবাৰত গাঁতৰ পৰা মূৰটো উলিয়াওতেই কোনোবা এজনে মবাইলেৰে ফটো এটা তুলি থয়।
প্ৰায় এক ঘণ্টাৰ ভিতৰত,মানে প্ৰায় ১২ মান বজাত তেওঁলোক ডিমৌ হাস্পতাল আহি পায়।কৰ্ত্যবৰত চিকিৎসক ডাক্তৰ বিজিত বৰাই পৰ্যবেক্ষণৰ কাৰণে সৰ্প দংশন কক্ষত ভৰ্তি কৰি মোক কথাটো অৱগত কৰে।প্ৰথম অৱস্থাত সামান্য বিষৰ বাদে একো লক্ষণ নাছিল।আমি বিষাক্ত সাপৰ অস্বাভাৱিক লক্ষণ নাথাকিলে ৰোগীক পৰ্যবেক্ষণত ৰাখো।যি কি নহওঁক মইও অস্ত্ৰোপচাৰ কক্ষত ছিজাৰিয়ানৰ বাবে ব্যস্ত হওঁ।
১২:৪০ মিনিট মনত স্বাস্থ্য কৰ্মী খগেন দাই ৰোগীৰ ভৰিটো অত্যন্ত বিষাইছে বুলি খবৰ দিয়ে।পলম নকৰি তললৈ নামি যাওঁ।পূৰ্ণিমাই ভয় খাই আছিল।ভয় খোৱাটো স্বাভাৱিক।পূৰ্ণিমাই নিজেই গোটেই কথাবোৰ বিৱৰি কয়।বাওঁ ভৰিত ৰক্ত কেশীকা এডালৰ ওচৰতে ৬ টা দাঁত বহিছে।যদি পূৰ্ণিমাই কোৱাৰ দৰে ফেঁটী সাপ হয়, তেনেহলে নিশ্চয় আৰু আধা ঘণ্টাৰ পাছত লক্ষণ ওলাব।আনুষংগিক বিধান দি চিন্তা নকৰিবলৈ বুলি কৈ ওপৰ মহলত থকা অস্ত্ৰোপচাৰ কক্ষলৈ ধাৱমান হওঁ।
“ছাৰ, সাপটোৰ ফটো” পূৰ্ণিমাৰ ছোৱালী জনীয়ে ফটোটো দেখাই মোবাইলটো আগবঢ়াই দিয়ে।সাপডালৰ ফটোটো দেখি মোৰ মূৰটো আচন্দ্ৰাই গল।সৰ্বনাশ ফেঁটী সাপ।তিনিবাৰ খোটাৰ পাছতো ই বিহ নিদিলে নে আৰু যদি দিছে??
বহিঃ বিভাগ আৰু আপাত কালীন বিভাগৰ বিভিন্ন ব্যক্তি/ৰোগীৰ গুণগুণনিবোৰ মোৰ যেন কাণত সোমোৱা নাছিল।যদি সাপডালে বিহ ঢালিছে, তেনেহলে আমি যেন সাংঘাতিক বিপদৰ সন্মুখীন হব গৈছোঁ।
আমাৰ স্বাস্থ্য কৰ্মী আৰু পূৰ্ণিমাৰ লগত অহা সম্পৰ্কীয় ব্যক্তি সকলক কলো,”ওপৰ মহলাৰ মোৰ কক্ষলৈ ৰোগীক স্থানান্তৰিত কৰা।মোৰ সন্মুখতে মই তেওঁক পৰ্যবেক্ষণৰ কৰিম।চিন্তা নকৰিব।”
ফেঁটী সাপ বুলি কলে ৰোগীৰ লগতে অভিভাৱক সকলোৱে বেছি ভয় খাব আৰু এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হব।
পৰিৱেশ আৰু সৰ্প উদ্ধাৰ কৰ্মী প্ৰসন্ন কলিতালৈ ফটোটো পঠাই ফেঁটী সাপেই যে হয় সেয়া প্ৰতিপন্ন কৰা হয়।
ওপৰ মহলালৈ গৈ থাকোতে মই অত্যন্ত চিন্তিত আছিলোঁ।যদি সাপডালে প্ৰতিবাৰ দংশনত বিহ দিছে, তেনেহলে সি সৰ্বোচ্চ বিহ ঢালিছে।ইমান বিহ আমি অকামিলা কৰিব পাৰিমনে?
নাৰ্ছ পৰীক কেনোলা এটা লগাই থব দি এন্টিভেনমবোৰ উলিয়াই থব কওঁ।
পূৰ্ণিমাক বিচনাত শুৱাই থৈ অস্ত্ৰোপচাৰ কক্ষত ব্যস্ত হওঁ।
প্ৰায় ১:০৫ মান বজাত ডেইজীয়ে পূৰ্ণিমাৰ অত্যন্ত মূৰ ঘূৰণী আৰু চকুৰে ধুৱলী কুঁৱলী দেখাৰ কথা অৱগত কৰে।
তৎক্ষণাত পৰী, বিনা বাইদেউ, পোনা দাক এন্টিভেনম বেজী প্ৰস্তুত কৰিব কৈ, নিঅস্তিগমীন বেজী পূৰ্ণিমাক প্ৰয়োগ কৰা হয়।
ফেঁটী সাপৰ বিহে সৰ্ব প্ৰথম আমাৰ লাওখোলাত থকা স্নায়ুক অৱশ কৰে বাবে মূৰ ঘূৰোৱা বা চকুৰে ধোঁৱা কোৱা দেখা আদি লক্ষণবোৰ প্ৰথমে দেখা দিয়ে।এইটো প্ৰথম পৰ্যায়।এই পৰ্যায়ত চিকিৎসা প্ৰদান নকৰিলে বিহটোৱে লাহে লাহে আমাৰ উশাহ নিশাসৰ বাবে প্ৰয়োজন হোৱা মাংস পেশীবোৰ সম্পূৰ্ণ অকামিলা কৰি দিয়ে আৰু ৰোগীয়ে উশাহ টানিব নোৱাৰি অক্সিজেনৰ অভাৱত মৃত্যু মুখত পৰে।
প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায় পাবলৈ ৫ মিনিটমান সময় লাগে।দ্বিতীয় পৰ্যায়ত ৰোগীক অক্সিজেন,ICU বা ভেন্টিলেচন প্ৰয়োজন হয়।ৰোগীক দ্বিতীয় পৰ্যায়টোত সোমাব নিদিলেই ICU বা আনকি অক্সিজেনৰও প্ৰয়োজন নহয়।প্ৰথম পৰ্যায়ক আমি সেইবাবে সোণালী সুযোগ বুলি কওঁ।
সাধাৰণতে আজিলৈকে আমি চকৰি ফেঁটী সাপৰ এবাৰ দংশনৰ ৰোগী সফলতাৰেৰে চিকিৎসা প্ৰদান কৰি থকা হৈছিল।প্ৰায়ে মাত্ৰ ১০ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হৈছিল।কিন্তু পূৰ্ণিমাক তিনিবাৰকৈ দংশন কৰি সাপডালে সৰ্বোচ্চ বিহ ঢালিছিল।আমিও মনে মনে ভয় খাই আছিলো।কিন্তু বাহ্যিক প্ৰকাশ কৰা নাছিলো।
প্ৰথম ১০ টা এন্টিভেনম বেজীৰে পূৰ্ণিমাৰ অৱস্থাৰ অকণো উন্নতি নহল।চকু মেলিব নোৱাৰা হয়,মুখেৰে মাত নোলায়, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হয়।অক্সিজেনৰ পৰিমাণো লাহে লাহে কমিব আৰম্ভ কৰে।পূৰ্ণিমাই আমাৰ কথাবোৰ শুনি আছিল,হৃদ পিণ্ডও ধক ধক কৈ মাৰি আছিল, উশাহও টানি আছিল, কিন্তু মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত শৰীৰৰ সকলো মাংস পেশী অৱশ হৈছিল ।এক অৰ্থত মৃত প্ৰায় অৱস্থা।ভাল হোৱাতকৈ লক্ষণবোৰ বাঢ়িহে গল।আমি যেন নিশ্চিত পৰাজয়ৰ ফালে গতি কৰিছিলোঁ।
পুত্ৰ সুৰজে এই সকলোবোৰ প্ৰত্যক্ষ কৰি আছিল।
“ছাৰ, নোৱাৰে যদি কওক।এজন ভাল বেজ আছে,তেওঁক মাতো।” পুতেক সুৰজৰ স্পষ্ট আৰু ৰুক্ষ কথা !
পুত্ৰ ৰুক্ষ হোৱাটো স্বাভাৱিক।এক ঘণ্টাত হাস্পতাল আহি পাইছে।কিছু সময় আগলৈকে কথা পাতি আছিল আৰু এতিয়া চিকিৎসাৰ পাছত মৃতপ্ৰায়।
“অলপ ধৈৰ্য ধৰাচোন।আমি আছোঁ নহয়।”
মনে মনে ভাবিলো, ফেঁটী সাপডালে গোটেই মখা বিহ পূৰ্ণিমাৰ দেহত ঢালিলে নেকি? যদি এবাৰ দংশনত ১০ টা বেজী লাগে, তেনেহলে তিনিবাৰ দংশনত ৩০ টা এন্টিভেনম বেজী লাগিব নেকি? কোনো কিতাপত এইটো উল্লেখ নাই যদিও আমি ভাবিবলৈ বাধ্য হলো।আজি যদি আমি বিফল হওঁ,অন্ধ বিশ্বাসবোৰৰ জয়ী হব।সেইটো হব দিব নোৱাৰি।
প্ৰটকল মতে প্ৰথম ১০ টা এন্টিভেনম বেজী ৩০ মিনিটত আৰু বাকী প্ৰয়োজন হলে এক বা দুই ঘণ্টাত দি শেষ কৰিব লাগে।কিন্তু পূৰ্ণিমাৰ ঘটনাটো যে সম্পূৰ্ণ বেলেগ। সকলো প্ৰটকল জলাঞ্জলি দি একেবাৰে ৩০ টা এন্টিভেনম বেজী ৩০ মিনিটৰ ভিতৰতে দি শেষ কৰা হয়।নিঅস্তিগমীন ৫ টা বেজীও দিয়া হয়।এতিয়া মাথোঁ অপেক্ষা !
দুপৰীয়া এক বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে অন্ধ বিশ্বাস আৰু বিজ্ঞানৰ তুমূল যুদ্ধ হয়।প্ৰায় ৫ মান বজাত পূৰ্ণিমা সুস্থিৰ হয়। বিজ্ঞানৰ জয়ত সুখী হৈ ৫:৩০ বজাত ঘৰমুৱা হওঁ।
৩০ টা খালী এন্টিভেনম বেজী পুত্ৰ সুৰজৰ হাতত তুলি দি কওঁ “এইকেইটা লৈ যোৱা।তোমাৰ মা সুস্থ।এই বেজী কেইটাই তোমাৰ মাক মৃত্যুৰ মুখৰপৰা টানি আনিলে।গাঁৱত গৈ খালী বেজী কেইটা দেখাবা।ফেঁটী সাপৰ বিহক এই বেজী কেইটাইহে প্ৰতিহিত কৰিব পাৰে।কোনো বেজ বা ডাক্তৰে প্ৰতিহত কৰিব নোৱাৰে।সময়ত এন্টিভেনম বেজী কেইটা পালেই হল।ফেঁটী সাপে তিনিবাৰেই খোটক বা এশ বাৰেই খোটক, বিষাক্ত ফেঁটী সাপৰ দংশনত, এন্টিভেনমেই একমাত্ৰ উত্তৰ।এইয়া কোনো অলৌকিক নহয়।এইয়াই হল বিজ্ঞান !”
পুত্ৰ সুৰজে মূৰ দুপিয়াই হয়ভৰ দিয়ে।
তিনিবাৰকৈ সৰ্বোচ্চ বিহ দিয়াৰ পাছতো ৰোগীৰ দেহত প্ৰৱেশ কৰা সকলো বিহ সম্পূৰ্ণ ৰূপে অকামিলা কৰিবলৈ সক্ষম হোৱা বাবে আমি অত্যন্ত সুখী। ৰোগী গৰাকী সুস্থ হোৱাৰ শ্ৰেয় আপোনালোকো।আপোনালোকৰ সহায় সহযোগ, প্ৰচাৰ আদিৰ বাবে তেওঁলোক বেজলৈ নগৈ তৎক্ষণাত চিকিৎসালয় আহিছিল কাৰণে তেওঁৰ মৃত্যু আমি বাধা দিব পাৰিলো।
তিনি বৰকৈ চকৰি ফেঁটী সাপে বিহ দিয়াৰ পাছতো ৰোগী সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ ঘটনা সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষতে বিৰল।
পূৰ্ণিমা তাঁতীৰ সন্মতি সাপেক্ষ ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।
❣️