ফেচবুকত বৃহৎ সালসলনিঃ নিশ্চিন্তে দিব পাৰিব হাঁহা ৰিয়েক্ট !

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : আজি ফেচবুকত কি পৰিৱৰ্তন হৈছে, মন কৰিছেনে? যদি নাই কৰা তেন্তে এবাৰ ভালদৰে চাওকচোন। ধৰিব পাৰিছেনে? নাই পৰা ! আচলতে ফেচবুকত ঘটোৱা হৈছে পৰিৱৰ্তন। আপোনাৰ ফটো, পোষ্ট বা মন্তব্যত কেইটা প্রতিক্রিয়া পৰিছে, সেয়া দেখা গৈছে, কিন্তু কোনে কোনে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়া দেখাৰ আৰু সুবিধা নাই। সেই সুবিধা বন্ধ কৰি দিলে ফেচবুকে। ইমান দিনে ফেচবুকত পছন্দ, ভালপোৱা, খং, স্নেহ, বিস্ময় আৰু হাঁহিৰ ইমোজি ব্যৱহাৰ কৰি ছয় প্ৰকাৰৰ প্রতিক্রিয়া জনোৱা হৈছিল যিকোনো পোষ্টত। কিমান প্রতিক্রিয়া পালে, সেয়ে যেনেদৰে দেখা গৈছে, তেনেদৰে কোনে কি প্রতিক্রিয়া দিছে, সেয়াও জনা গৈছিল। কিন্তু এতিয়াৰ পৰা প্রতিক্রিয়াৰ সংখ্যা জানিলেও কোনে কি প্রতিক্রিয়া প্ৰকাশ কৰিলে, সেয়া জনাৰ আৰু সুবিধা নাপাব। কৈ থোৱা ভাল যে এজন বা দুজনৰ নাম হয়তো পোৱা যাব, কিন্তু সকলোৰে দীর্ঘ তালিকা আৰু দেখা পোৱা নাযাব। ধৰক আপোনাৰ পোষ্ট ১০ জনে পছন্দ কৰিলে আৰু এজনে সেয়া দেখি হাঁহিলে। তেতিয়াহ’লে আপোনাৰ নটিফিকেচনত অৱশ্য সেই এজনৰ নাম ভাঁহি উঠিব। এই নতুন ব্যৱস্থাক লৈ ফেচবুক ব্যৱহাৰকাৰীসকলৰ মাজত মিশ্র প্রতিক্রিয়া দেখা গৈছে। কোনো কোনোৱে বেজাৰ কৰিছে এই নতুন ব্যৱস্থাক লৈ। কোন আপোনাৰ অনুগামী, কোনে আপোনাৰ পোষ্ট নিয়মিত পছন্দ কৰিছে, সেয়া এতিয়া বুজাৰ উপায় নাই। কিছুমানে আকৌ বেছ মজা পাইছে এই নতুন ব্যৱস্থাক লৈ। আগতে হাঁহি বা খঙৰ ৰিয়েক্ট দিবলৈ ভয় কৰাসকলৰ পোষ্টত এতিয়া মন গ’লেই দিব পাৰিব হাঁহি বা ভালপোৱাৰ ৰিয়েক্ট। প্ৰেমিক-প্ৰেমিকাৰ মাজত আৰু আনৰ পোষ্টত ৰিয়েক্ট দিয়াক লৈ মান-অভিমান-খং আদিৰ অন্ত পৰিব। অৱশ্যে ডেস্কটপত ফেচবুক খুলি চোৱাসকলে এতিয়াও আগৰ দৰেই দেখিব ৰিয়েক্ট দিয়াসকলক। ফেচবুক পোষ্টৰ ৰিয়েক্ট চাবলৈতো ডেস্কটপ খুলি সকলো বহি থাকিব নোৱাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More