শতাব্দ প্ৰতিনিধি, ৩ মেঃ ফুল নহয় মই জুইহে।মোৰ বিৰুদ্ধে গোচৰ তৰাসকল নাথুৰাম গডছেৰ ভক্ত–এই অভিযোগ গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীৰ।আজি দিল্লীত কংগ্ৰেছ মঞ্চৰ তৰফৰপৰা এই অভিযোগ প্ৰদান কৰি তেওঁ কয় – গুজৰাটৰ বিধান সভাৰ নিৰ্বাচন কাষ চাপি অহাৰ পৰিপ্ৰেক্ষিততে গুজৰাট বিজেপি আৰু অসমৰ বিজেপি চৰকাৰ মিলি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ অসমত এফ আই আৰ দাখিল কৰিছিল।
অসমৰ এগৰাকী মহিলা পুলিচকৰ্মীৰ শ্লীলতা হানি চেষ্টাৰ অভিযোগত জিগনেছৰ বিৰুদ্ধে এফ আই আৰ গ্ৰহণ কৰিছিল বৰপেটা আদালতে। জিগনেছৰ জামিন আবেদন মঞ্জুৰ কৰি বৰপেটা আদালতৰ বিচাৰপতি অৰপেশ চক্ৰৱৰ্তীয়ে পুলিচৰ অভিযোগ ভূৱা বুলি উল্লেখ কৰিছিল। আজি সেই ৰায়ৰ অস্ত্ৰপাত ব্যৱহাৰ কৰিয়েই জিগনেছে ষড়যন্ত্ৰৰ অভিযোগ তুলিলেও গুৱাহাটী হাইকৰ্টে আদালতৰ ৰায়ৰ স্থগিতাদেশ জাৰি কৰিছে। বিচাৰপতি দেৱাশীষ বৰুৱাই মতপ্ৰকাশ কৰি কয় যে উপযুক্ত প্ৰমাণ অবিহনেই আদালতে পুলিচৰ অভিযোগ ভূৱা বুলি অভিহিত কৰিছিল।
প্ৰথমতে টুইটযোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সমালোচনা কৰা পৰিপ্ৰেক্ষিতত জিগনেছৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছিল। অসম পুলিছে উক্ত অভিযোগৰ ভিত্তিত গুজৰাটৰপৰাই আটক কৰি অসমলৈ আনি হাজোতত নিক্ষেপ কৰিছিল দলিত নেতাগৰাকীক। বৰপেটা আদালতে জিগনেছৰ পক্ষত ৰায় প্ৰদান কৰি কৈছিল যে জিগনেছক দীৰ্ঘসময়লৈ জেলত বন্দী কৰাৰ স্বাৰ্থতেই ভূৱা অভিযোগ দাখিল কৰা হ’ল। জিগনেছৰ জামিন আবেদন বিৰোধিতাৰে সেই মহিলা এচ আইগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব খুজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফাইল প্ৰেৰণ কৰিছিল।
হাইক’র্ট বৃহস্পতিবাৰলৈকে বন্ধ আছিল যদিও বিশেষ আবেদনৰ ভিত্তিত আজি শুনানিৰ পিছতেই হাইক’র্টে বৰপেটা আদালতৰ মন্তব্যৰ স্থগিতাদেশ জাৰি কৰি জিগনেছৰ জামিন আবেদন বাহাল ৰাখে।
জিগনেছৰ অভিযোগ – মহিলা পুলিচকর্মীগৰাকীৰ ওপৰত চাপ দি তেওঁৰ বিৰুদ্ধে গোচৰ তৰোৱাইছে।ষড়যন্ত্ৰমূলকভাৱে তেওঁৰ কাষত মহিলা পুলিছগৰাকীক বহোওৱা হৈছিল । জিগনেছে ইয়াক ৫৬ ইঞ্চি বুকুৰ কাপুৰুষালি বুলিও অভিহিত কৰিছে। জিগনেছৰ প্ৰশ্ন গুজৰাটত ২২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ’ল তাৰ তদন্ত কিয় হোৱা নাই? আদানী গোষ্ঠী পৰিচালিত মুদ্ৰা বন্দৰত ১লাখ ৭৫হাজাৰ কোটি টকাৰ ড্ৰাগছ ধৰা পৰাৰ পিছতো আদানীক কিয় জেৰা কৰা নহল? দলিত নেতা গৰাকীয়ে সাৱধানবাণী প্ৰদান কৰি কয় -তেওঁক হেণ্ডকাফ লগাবলৈ চেষ্টা কৰি লাভ নাই। ১ জুনত তেওঁ ৰাজপথত নামি এই দাবীৰে গুজৰাট বন্ধ কৰি শক্তি দেখুৱাব। পুষ্পা ছবিৰ অধুনা সংলাপৰ দৰে তেওঁ কয়-” ফ্লাৱাৰ নহি ফায়াৰ হো মেই, ঝুকেগা নহি..”