শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুলাইঃ কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত আজি ২৫ মেগাৱাটৰ বকো সৌৰ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পই ৰাজ্যখনত সৌৰ শক্তি উৎপাদন বৃদ্ধি, কৰ্মসংস্থাপনৰ সুবিধা, পৰিৱেশৰ সুৰক্ষা আৰু শক্তি উৎপাদন ক্ষমতা সামগ্ৰিকভাৱে বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমুখী আদৰ্শ সাৰোগত কৰি আগন্তুক বৰ্ষত নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা ৰাজ্যৰ শক্তি উৎপাদনক আগুৱাই লৈ ৰাজ্যখনক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। অন্যান্য দিশতো ৰাজ্যৰ উন্নয়নৰ ধাৰা অব্যাহত আছে। ‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ দিশত চৰকাৰে কাম কৰি আছে। বকো সমষ্টিত আৰু ৬ হাজাৰ হিতাধিকাৰী সংযোজন কৰা হ’ব বুলি তেওঁ কয়। ইয়াৰ লগতে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উপলক্ষে ১৩ৰ পৰা ১৫ আগষ্টলৈ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈও অনুষ্ঠানত ৰাইজলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত মন্ত্রী নন্দিতা গোৰ্লোছা, চন্দ্ৰমোহন পাটোৱাৰী, ইউ জি ব্ৰহ্ম, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিধায়ক ক্ৰমে নন্দিতা দাস, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, ৰেকিবুদ্দিন আহমেদক উপস্থিত আছিল।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.