বগীনদীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

0 416

উত্তৰ লক্ষীমপুৰ, ২৮ জানুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত আজি বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা , প’ষ্টাৰ ড্ৰয়িং আদি প্ৰতিযোগিতাত বগীনদী উন্নয়ন খণ্ড অন্তৰ্গত প্ৰায় বিশখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।WhatsApp Image 2023 01 28 at 11.13.35 PM বিজ্ঞান ভিত্তিক আৰ্হিৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে লখিমপুৰ জিলাৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই। মহান মনিষী আৰ্যভট্টদেৱৰ প্ৰতিচ্ছবি সমুখত বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা অনুষ্ঠানত লখিমপুৰ জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদক প্ৰদীপ বৰা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ সভানেত্ৰী মোহিনী শইকীয়াকে ধৰি কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকি গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। বিজ্ঞান ভিত্তিক আৰ্হিৰ প্ৰস্তুতকৰণ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ সহকাৰী Curator কস্তুৰী সোণোৱাল আৰু স্বপ্ননীল শইকীয়া। আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতাত প্ৰথম সংগম একাডেমী, দ্বিতীয় কাকৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে কদম জাতীয় বিদ্যালয়ৰ দলটিয়ে। আকস্মিক বক্তৃতা প্ৰদান প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে গৰিমা দোলাকাষৰীয়া (সংগম একাডেমী), দ্বিতীয় বৰ্ণালী গোঁহাই (দীৰ্ঘা মাজ গাঁও উচ্চ মাধ্যমিক বিদ্যালয়), তৃতীয় যুটীয়া ভাবে ধৃতিপ্ৰিয়া গগৈ (শংকৰদেৱ শিশু নিকেতন বগীনদী), সত্যজিৎ বৰা (কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়)ই। সেইদৰে প’ষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতাত ফিজুশ্ৰী দিহিঙ্গীয়া, দিব্যজ্যোতি বৰা আৰু মাধুৰ্য গগৈয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। একেদৰে ধাৰণা প্ৰতিযোগিতাতো প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সমীৰণ নাথ (ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়), সত্যজিৎ বৰা (কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়)আৰু অৰ্পিতা শৰ্মা(শংকৰদেৱ শিশু নিকেতন বগীনদী)। স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে জিলা ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ সমন্বয়ক অমৃত শৰ্মাই জনায়। মানপত্ৰ আৰু ট্ৰফি প্ৰদানেৰে সমাপ্তি ঘটোৱা এই অনুষ্ঠানটি আঁত ধৰে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শিখা জ্যোতি কোঁৱৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More