বগীনদীত এখন ৰভাৰ তলত বহিল ২৭৬ জোৰা দৰা-কইনা

0 46

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ আজি লখিমপুৰৰ বগীনদীত একেখন ৰভাৰ তলত বিবাহত বহিল ২৭৬ জোৰা দৰা-কইনা৷ পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এইবাৰ সংস্কাৰ বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে৷ আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত হংস ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হয় এই সামূহিক বিবাহ৷ উল্লেখ্য যে এই সামূহিক বিবাহত পাঁচ প্ৰকাৰ নীতি-নিয়মেৰে পৃথকে পৃথকে সামাজিকভাৱে বিবাহ বন্ধনত আৱদ্ধ হয় এই সকল দম্পতি৷ সামূহিক বিবাহ উপলক্ষে আজি সম্পূৰ্ণ হিন্দু ধৰ্মীয় পৰম্পৰা বৈদিক প্ৰথা, বিধি পাঠ, আদিবাসী সকলৰ মাৰোৱা নীতি, মিচিং সকলৰ শলিতা জ্বলোৱা আৰু সোণোৱাল সকলৰ ভকতীয়া প্ৰথাৰে এই বিবাহ সম্পূৰ্ণ নীতি-নিয়ম শৃংখলাৰ মাজেৰে অনুষ্ঠিত হয়৷ এই বিবাহ অনুষ্ঠানৰ সম্পূৰ্ণ ব্যয় বহন কৰে উত্তৰাখণ্ডৰ হংস ফাউণ্ডেচনে৷ বিবাহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী সংস্কাৰ সমিতিয়ে বহন কৰাৰ উপৰি যাৱতীয় অন্যান্য সামগ্ৰীও দৰা-কইনাক উপহাৰ হিচাপে প্ৰদান কৰে৷ মূলতঃ সামাজিক সংস্কাৰৰ বাহিৰত ৰৈ যোৱা আৰ্থিক ভাৱে দুৰ্বল তথা বিভিন্ন কাৰণত সংস্কাৰ হ’ব নোৱাৰা এই দম্পতি সকলক সংস্কাৰৰ আওঁতালৈ আনি বগীনদীৰ গজাই-মনাই ক্ষেত্ৰত এই সামূহিক বিবাহ সুকলমে অনুষ্ঠিত কৰা হয় বুলি বগীনদী বিবাহ সংস্কাৰ সমিতিৰ সভাপতি মজিন সোনোৱাল, সম্পাদক দীপক কুলিয়ে জানিবলৈ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More