বগীনদী উন্নয়ন খণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি

গছপুলি ৰোপণৰ নামত অস্তিত্বহীন আঁচনিৰে সৰকালে ১ লাখ ৯১ হাজাৰ টকা

0 30

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত এতিয়া অবাধ দু্‌ৰ্নীতি চলিছে৷ চৰকাৰে আগবঢ়োৱা উন্নয়নৰ ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকৈ নদীৰ কাষত গছপুলি ৰোপণৰ নামত অস্তিত্বহীন কামেৰে ইতিমধ্যে ১ লাখ ৯১ হাজাৰ টকা সৰকাই নিয়াৰ লগতে বাকী আৱণ্টিত ধন কৌশলেৰে উলিয়াই নিয়াৰ কচৰৎ অব্যাহত আছে৷ গাঁও পঞ্চায়তখনৰ অন্তৰ্গত এমৰেগা আঁচনিত এতিয়া এনে দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২০-২১ বৰ্ষত এমজিএনৰেগা আঁচনিৰ অধীনত চিনাতলীয়া বাগানৰ সমীপৱৰ্তী কাকৈ নদীৰ পাৰত ‘Wast Land Block Plantation of Foresty Trees on Bank of Kakoi River’ ৬ লাখ ৮৭ হাজাৰ ৯১২ টকাৰ এখন আঁচনি ধাৰ্য কৰা হয়৷ উল্লেখনীয় কথা যে ০৯-০৬-২০২১ তাৰিখে গছপুলি ৰোপণৰ কাম আৰম্ভ কৰা বুলি এখন তথ্যফলক সেই স্থানত স্থাপন কৰা হয় যদিও আজিৰ তাৰিখত সেই ঠাইত এটাও গছপুলি নথকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জিলা পৰিষদ পৰ্যায়ত ৰূপায়ণ কৰা বুলি দেখুওৱা এই আঁচনিখনৰ নামত নামমাত্ৰ গছপুলি ৰোপণ কৰা হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়াৰ বিপৰীতে উক্ত স্থানত এতিয়া আঁচনিখনৰ কোনো অস্তিত্ব নাই যদিও ফলকখন থিয় হৈ আছে৷ লক্ষণীয় কথা যে এই আঁচনিখনৰ নামত ইতিমধ্যে ১ লাখ ৯১ হাজাৰ টকা উলিয়াই নিয়াৰ বিপৰীতে বাকী ধন কৌশলেৰে উলিয়াই নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বগীনদী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা আদিয়ে এনে অস্তিত্বহীন কামৰ নামত কেনেদৰে প্ৰায় ২ লাখ টকা উলিয়াই দিলে তাক লৈ ৰাইজৰ মাজত সন্দেহৰ উদ্ৰেক ঘটিছে৷ সেয়েহে পঞ্চায়তখনত এনেদৰে চলি থকা দুৰ্নীতি অনিয়মৰ শীঘ্ৰে তদন্ত হ’ব লাগে বুলি সচেতন ৰাইজে দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More