বঙালমৰাত ১৩ খন নকল সোণৰ নাও ৬ টা যীচুৰ মূৰ্তি জব্দ

ৰাইজে খেদি খেদি ধৰিলে নকল সোণৰ বেপাৰীক

0 83

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ-জাল নোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ৬০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সময়তে আজি বৃহৎ পৰিমাণৰ নকল সোণসহ এটা বেপাৰীক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷WhatsApp Image 2023 05 27 at 8.05.12 PM আজি দুপৰীয়া ৰাইজে খেদি খেদি কৰায়ত্ত কৰা এই নকল সোণৰ বেপাৰীটো হৈছে আশ্ৰাফুল আলি৷ আশ্ৰাফুলক আজি বঙালমৰাৰ মহঘূলি অঞ্চলৰ এখন পথাৰত ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধৃত আশ্ৰাফুলৰ পৰা স্থানীয় লোকে ১৩ খন নকল সোণৰ নাও আৰু ৬ টা নকল সোণৰ যীচুখ্ৰীষ্টৰ মূৰ্তি উদ্ধাৰ কৰাৰ লগতে এখন বলেৰ’ বাহন [এ এচ ০৭ বি চি ৬৭১০] জব্দ কৰিবলৈ সক্ষম হয়৷ লক্ষণীয় কথা যে ধৃত আশ্ৰাফুলে আজি এখন বলেৰ’ গাড়ীত নকল সোণৰ নাও আৰু যীচুখ্ৰীষ্টৰ মূৰ্তি সমূহ এটা বস্তাত ভৰাই লৈ মঙলদৈলৈ নিয়াৰ চেষ্টা চলাইছিল৷ নকল সোণৰ বেপাৰীজনে লখিমপুৰৰ ডিৰ্জুৰ পৰা এনেদৰে গৈ বঙালমৰাৰ মহঘূলিত উপস্থিত হোৱাৰ সময়তে তেওঁ ৰাইজৰ ৰোষত পৰাৰ পিছত স্থানীয় লোকে আশ্ৰাফুলক বঙালমৰা আৰক্ষী চকীত চমজাই দিয়ে৷ উল্লেখনীয় কথা যে যিসময়ত দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিযান আৰু ধমকৰ পিছত দলে দলে নকল সোণ-জাল নোটৰ বেপাৰীয়ে আত্মসমৰ্পণ কৰিছে তেনে সময়তে আশ্ৰাফুলৰ দৰে নকল সোণৰ বেপাৰীয়ে এতিয়াও এই ব্যৱসায় চলাই থকা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷ নকলেও হ’ব যে নকল সোণৰ এই বেপাৰীসকল এতিয়া কোটি কোটি টকাৰ গৰাকী৷ নিশাটোৰ ভিতৰতে বিভিন্নজনক প্ৰবঞ্চনা কৰি চক্ৰটোৱে এনেদৰে অবৈধ ভাৱে ধন আহৰণ কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More