বজাৰলৈ আহিল বিশ্বৰ প্ৰথম উৰণীয়া মটৰচাইকেল

প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত চলিব

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : আমি সাধাৰণতে দৈনন্দিন যাতায়তৰ বাবে চাইকেল, বাইক বা বাছ-ট্ৰেইনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বৃদ্ধি পোৱা যান-জঁটৰ বাবে দৈনিক যাতায়ত কৰা লোকসকলে কাৰ্যালয়ৰ সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ক্ষেত্ৰত কল্পনা কৰকচোন— আপোনাৰ বাইকখন উৰিব পাৰিলে কেনেকুৱা হ’ব! হয়, প্ৰথমতে বিশ্বাস কৰিব নোৱাৰা যেন লাগিব পাৰে, কিন্তু আজিৰ উন্নত প্ৰযুক্তিৰ যুগত সকলো অসম্ভৱ সম্ভৱ হৈ উঠিছে। আৰু সেই মনোভাৱ ৰক্ষা কৰি আগবাঢ়ি আহিল বিশ্বৰ প্ৰথম ফ্লায়িং বাইক (World’s First Flying Bike)।

* জাপানীজ ষ্টাৰ্টআপে কৰিছে নিৰ্মাণ
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জাপানৰ ষ্টাৰ্টআপ AERWINS Technologies-এ এই উৰণীয়া বাইকখন প্ৰস্তুত কৰিছে বুলি জনা গৈছে। লগতে, এই বাইকৰ নাম XTurismo ৰাখিছে। অলপতে আমেৰিকাৰ ডেট্ৰাইট অটো শ্ব’ত এই বাইকখন প্ৰদৰ্শন কৰা হৈছিল। এই বাইকৰ উৰণ শক্তিয়ে সকলোকে ছুপাৰহিৰো চিনেমাৰ কথা সোঁৱৰাই দিব।

* দাম জানি আচৰিত হ’ব
খবৰ অনুসৰি এই উৰণীয়া বাইকখনৰ ওজন ৩০০ কেজি। তদুপৰি এই বাইকখন ঘণ্টাত ১০০ কিলোমিটাৰ গতিবেগত ৪০ মিনিট উৰিব পৰা হৈছে। ভাৰতীয় মুদ্ৰাত বাইকখনৰ দাম প্ৰায় ৬.১৮ কোটি টকা। খবৰ অনুসৰি এই বাইকখন ইতিমধ্যে জাপানত বিক্ৰী হৈ আছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত বাইকখন মুকলি কৰা হৈছিল। এই প্ৰসংগত AERWINS Technologies ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া Shuhei Komatsu-এ কয় যে এই বাইকখন ২০২৩ চনৰ পৰা আমেৰিকাত উপলব্ধ হ’ব। কোমাটছুৱে লগতে কয় যে তেওঁলোকে এই বাইকৰ দাম কমাই আনিবলৈ চেষ্টা কৰিছে। তদুপৰি আমেৰিকাত বাইকৰ এখন সৰু সংস্কৰণ উপলব্ধ হ’ব বুলিও তেওঁ কয়। কোমাটছুৰ মতে, তেওঁৰ কোম্পানীয়ে এই উৰণীয়া বাইকৰ এটা ইলেক্ট্ৰিক মডেলৰ কাম কৰি আছে। ২০২৫ চনৰ ভিতৰত XTurismoৰ ইলেক্ট্ৰিক মডেল সাজু হ’ব বুলি দাবী কৰা হৈছে।

* ৰাইডিং অভিজ্ঞতা
ডেট্ৰাইট অটো শ্ব’ৰ সদস্য ইউৰো নিউজৰ মতে, থাড শ্ব’টে এই উৰণীয়া বাইকৰ টেষ্ট ড্ৰাইভ সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ কয় যে, এই অভিজ্ঞতা বৰ ভাল। যদিও, প্ৰথমতে ভয় খোৱাটো স্বাভাৱিক কিন্তু সেই বাইকখন চলোৱাটো এটা ৰোমাঞ্চ। শ্বটে কয়— “মই নিজকে ১৫ বছৰীয়া ল’ৰা বুলি ভাবিছিলোঁ যি ষ্টাৰ ৱাৰ্ছৰ অংশ আছিল। ভৱিষ্যতে এই উৰণীয়া বাইকখন অতি উপযোগী বুলি প্ৰমাণিত হ’ব।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More