বজাৰলৈ আহিল শোণিতপুৰৰ থলুৱা চাহৰ ব্ৰেণ্ড- “পাৰিজাত”

ৰাজ্যৰ চাহৰ মান নিম্নগামী কৰাত বহিঃৰাজ্যৰ লাভখোৰ ব্যৱসায়ী

0 49

শতাব্দ প্ৰতিনিধি তেজপুৰ,২২মে’:
ৰাজ্যৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে । এনে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ নকৰি উৎপাদন কৰা চাহৰ বাবেই ৰাজ্যৰ বিশ্বখ্যাত চাহৰ মানো নিম্নগামী হৈছে আৰু ইয়াৰ বাবেই নিলামত অসমৰ চাহে বহু সময়ত উপযুক্ত মূল্য লাভৰ ক্ষেত্ৰটো বঞ্চিত হৈছে । ৰাজ্যৰ বহু কাৰখানাত উচ্চমানদণ্ডৰ চাহ উৎপাদনৰ ক্ষেত্ৰত সুখ্যাতি থকা তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত প্ৰশান্ত কুমাৰ নাথে এইদৰে মন্তব্য কৰে । উল্লেখযোগ্য যে আজি বিশ্বনাথৰ বাকোলাস্থিত পদুমনি চাহ উৎপাদন কাৰখানাত উৎপাদিত পাৰিজাত চাহৰ বিভিন্ন প্ৰকাৰৰ পেকেট সমূহ উদ্বোধনী অনুষ্ঠানত চাহ উৎপাদনৰ বিশেষজ্ঞজনে লগতে কয় যে,ৰাজ্যত বৰ্তমান বহুসংখ্যক শিক্ষিত যুৱকে চাহ উৎপাদনৰ বাবে আগবাঢ়ি আহিছে নতুন সংকল্পৰে আৰু এইসকলৰ প্ৰচেষ্টাত ৰাজ্যৰ গৌৰৱ চাহৰো মান উন্নত হ’ব । তেওঁ লগতে প্ৰকাশ কৰে যে,দিনটোত চাৰি কাপ উচ্চ মানদণ্ডৰ গাখীৰ বিহীন চাহ পান কৰিলে উচ্চ ৰক্তচাপ,হৃদযন্ত্ৰ,মধুমেহ, চুলি বৃদ্ধি, বৃক্কত পাথৰ হোৱাত প্ৰতিৰোধ আদি বিভিন্ন ৰোগৰ প্ৰতিৰোধত সুফল লাভ কৰাৰ বিষয়ে ইতিমধ্যে গৱেষণাত প্ৰতিপন্ন হৈছে । তেওঁ লগতে কয় যে,পদুমনি চাহ উৎপাদন কাৰখানাত উৎপাদিত চাহৰ মানদণ্ড ৰাজ্যৰ সৰ্বোত্তম মান বিশিষ্ট চাহ উৎপাদনকাৰী পাঁচটা কাৰখানাৰ ভিতৰত এটা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ । উল্লেখযোগ্য যে,গুণগত চাহ উৎপাদনৰ বাবে ইতিমধ্যেই হংকঙত আন্তৰাষ্ট্ৰীয় ভাবে সন্মানিত এইজন বিশেষজ্ঞ নাথে লগতে কয় যে পদুমনি চাহ কাৰখানাই উচ্চমানৰ চাহপাত যোগান ধৰা চাহ খেতিয়কসকলক বেয়া সময়তো প্ৰতিকিলোগ্ৰাম কেচা চাহপাতৰ বিপৰীতে ৩০টকাকৈ আদায় দিছে আৰু মানদণ্ডৰ ক্ষেত্ৰত আপোচ নকৰিলে প্ৰয়োজনত তেওঁ ৫০টকা প্ৰতি কিলোগ্ৰাম কেচা চাহপাতৰ মূল্যও পূৰ্বে আদায় দিয়াৰ নজিৰ আছে বুলি তেওঁ দোহাৰে । তেওঁ কয় যে,কুমলীয়া দুটি পাত আৰু ছয়-সাতদিনৰ ভিতৰৰ কেচা পাত উন্নত মানৰ চাহৰ বাবে সৰ্বোত্তম । উল্লেখযোগ্য যে, ১৯৯৭ত মাত্ৰ ৫০বিঘা মাটিত যৌথভাৱে চাহ খেতি আৰম্ভ কৰি চন্দন মহন্ত, প্ৰাঞ্জল বৰুৱা, অৰুণ ভৰালী আৰু মঞ্জিত ভূঞা নামৰ উদ্যমী যুৱক চাৰিজনে বৰ্তমান চাৰে চাৰিশ বিঘাৰ অধিক ভূমিত চাহ খেতি কৰি থকাৰ পাছত ২০১৭চনত পদুমনি চাহ কাৰখানা স্থাপন কৰে । সম্প্ৰতি ইয়াৰ পৰাই উচ্চ মানৰ লগতে দেশে বিদেশে ৰাজ্যৰ চাহৰ সুনাম অক্ষুণ্ণ ৰখাৰ সংকল্প লোৱা এইসকল যুৱ উদ্যোগীয়ে মুখ্য পৰিচালন সঞ্চালক তথা বিভিন্ন বিধ চাহৰ উৎপাদক প্ৰশান্ত কুমাৰ নাথৰ সহযোগত পাৰিজাত চাহৰে বজাৰ দখল কৰিবলৈ আগবাঢ়িছে । কৰ’নাকালীন বিপৰ্যয়ৰ পাছত বৰ্তমান বজাৰত পাৰিজাত চাহ নামে আত্মপ্ৰকাশ কৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্তত আজি স্থানীয় সমাজকৰ্মী তথা লেখক মুক্তি হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশ লৈ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে পাৰিজাত চাহৰ পেকেট সমূহ উন্মোচন কৰে । তেওঁ সাহস আৰু চেষ্টা তথা সদিচ্ছা থাকিলে ভাল কাম কৰাটো সম্ভৱ বুলি মন্তব্য কৰি এই প্ৰয়াসে সফলতা লাভ কৰিব বুলি মন্তব্য কৰে । আনহাতে,অসম টি ব্ৰকাৰছৰ এগৰাকী বিষয়ববীয়া প্ৰদীপ কুমাৰ বৰ্মনে কয় যে দেশে বিদেশে অসমৰ চাহৰ সুনামৰ বিষয়টো নিৰ্ভৰ কৰিছে ৰাজ্যখনৰ কেচা চাহপাত উৎপাদনকাৰীসকলৰ ওপৰত । তেওঁলোকে বুঢ়া কেচা চাহপাত যদি বিক্ৰী কৰে তাৰ উৎপাদনো নিম্ন হ’ব বুলি প্ৰকাশ কৰে । সভাত জামুগুৰি চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি সংগ্ৰাম ৰাজবংশী, ক্ষুদ্ৰ চাহ খেতিয়ক ৰামজিৎ কোঁৱৰ, গোপাল থাপা,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক মানসজ্যোতি ভূঞাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ পথ মুকলি কৰি আঠ বিঘা ভূমিৰ চৌহদত স্থাপিত এই চাহ উৎপাদনকাৰী উদ্যোগটোৱে সম্প্ৰতি স্থানীয় ৫০জন শিক্ষিত লোকক নিযুক্তি দিয়াৰ লগতে স্থানীয় ৭০জন ক্ষুদ্ৰ চাহ খেতিয়কলৈ সুযোগৰ পথ মুকলি কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More