বণাৰ্ঢ্য কাৰ্যসূচীৰে বিহগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত

0 4

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ অক্টোবৰঃ তেজপুৰ মহকুমাৰ অগ্ৰণী মাধ্যমিক শিক্ষাৰ অনুষ্ঠান বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ৷ বালিকা বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আজি এক বৰ্ণাঢ্য, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে সমগ্ৰ বিহগুৰি অঞ্চল৷ উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচী আজি পুৱা ৫০খন পতাকা উত্তোলনৰে শুভাৰম্ভ হয়৷ বিদ্যালয়খনৰ ৫০ টা বছৰৰ গৰিমা স্মৰণ কৰি এই পতাকাসমূহ উত্তোলন কৰে বিহগুৰি অঞ্চলৰ ৫০ খন গাঁৱৰ ৫০গৰাকী বিশিষ্ট শিক্ষানুৰাগী আৰু সমাজ কৰ্মীয়ে৷ ইয়াৰ পিছতেই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও বিহগুৰি অঞ্চলৰ ৫০ খন গাঁৱৰ ৫০গৰাকী নামঘৰীয়াৰ দ্বাৰা সম্পূৰ্ণ কৰা হয়৷ বন্তি প্ৰজ্বলনৰ পিছতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ কলিতাই৷ শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে বিহগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীতেন্দ্ৰ কুমাৰ শইকীয়াই৷ সোণালী জয়ন্তী উপলক্ষে বিদ্যালয়খনৰ সন্মুখপথত নিৰ্মাণ কৰি উলিওৱা তোৰণখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিদ্যালয়খনৰে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মেদিনি বৰাই৷ ইয়াৰ পিছতেই আৰম্ভ হয়- বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা৷ বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীতেৰে বিহগুৰি অঞ্চলৰ ৰাজপথ মুখৰিত কৰি তোলা উক্ত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ যোগেন কলিতাই৷ সমাৰোহৰ দ্বিতীয় দিনা অথাৎৰ্ কাইলৈ পুৱা ১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচনৰ পিছত অনুষ্ঠিত হ’ব৷ ‘আইদেউৰ জোনাকী বাট’ শীৰ্ষক প্ৰাক্তন ছাত্ৰীসকলৰ এক বিশাল সন্মিলন৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More