বদলাপদ্ম আতা পুৰুষৰ আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহৰ আয়োজন

লাইখুঁটা স্থাপন

0 9

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২মে’: মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ একান্ত প্ৰিয় শিষ্য শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ “৪৭৬ তম্ আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ ভাগি শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ উদ্যোগত মাজুলীবাসীৰ সহযোগত “কমলাকান্ত আতা ক্ষেত্ৰ” উত্তৰ কমলাবাৰী সত্ৰত অহা ৮,৯ আৰু ১০ জুন, ২০২২ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্যাপক আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ উপলক্ষে আজি উত্তৰ কমলাবাৰী সত্ৰৰ “কমলাকান্ত আতা ক্ষেত্ৰ”ত লাইখুঁটা স্থাপন কৰা হয়।ডবা, কাঁহ শংখৰ ধ্বনি, গায়ন বায়ন, আয়তীৰ উৰুলি, মিছিং জনগোষ্ঠীৰ বিহু নৃত্য, বৈদিক পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰা হয়।পদ্মশ্ৰী গোপীৰাম বুঢ়াভকতে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা লাইখুঁটা স্থাপন অনুষ্ঠানটিত শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ কাৰ্যকৰী সভাপতি সোনাৰাম শৰ্মা বুঢ়াভকত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বুঢ়াভকত, মাজুলীৰ বিধায়ক ভুৱন গাম, মাজুলী মহাবিদ্যালয় অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৰুণা বৰা, শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ “৪৭৬ তম্ আভিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ-২০২২ৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক তীৰ্থ ভূঞা বৰগায়নকে আদি কৰি সত্ৰৰ বৈষ্ণৱ স্থানীয় ৰাইজ উপস্থিত থাকে। অনুষ্ঠান ভাগি সকলো প্ৰকাৰে সফল কৰাৰ ক্ষেত্ৰত তিনিও দিনৰ কাৰ্যসূচী ৰাইজৰ সহযোগিতা কামনা কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ লগতে উদযাপন সমিতিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More