বধাকৰাত খহনীয়া প্ৰতিৰোধ আচনিৰ নামত ১০ কোটি টকা লুণ্ঠনৰ কৌশল ঠিকাদাৰৰ

সোৱণশিৰি নদীত জিঅ'বেগ নিৰ্মীয়মান অৱস্থাতে জাহ গৈছে

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নৈপৰীয়া গ্ৰামাঞ্চলবাসীৰ বাবে অভিশাপস্বৰূপ হৈ পৰা সোৱণশিৰি নৈয়ে কদম সংৰক্ষিত বনাঞ্চলখনৰ অস্তিত্ব সম্পূৰ্ণৰূপত নিঃশেষ কৰি বনাঞ্চলখনৰ দাঁতিকাষৰতে অৱস্থিত বধাকৰা অঞ্চলৰ আৰ্থ-সামাজিক পৰিকাঠামো থানবান কৰাৰ দিশে আগবঢ়াত অসম চৰকাৰে বধাকৰা অঞ্চলৰ সুৰক্ষাৰ বাবে ২০২১-২২ বিত্তীয় বৰ্ষৰ এচ অ’ পি ডি শিতানত নদীখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ১০ কোটি টকা আগবঢ়াইছিল। চৰকাৰীভাৱে উক্ত পুঁজি মোকলাই দিয়াৰ মুখ্যতঃ উদ্দেশ্য আছিল বধাকৰা অঞ্চলৰ মঘুৱাচুক, সোণোৱাল গাঁও আৰু হৰিদাস গাঁৱক সোৱণশিৰিয়ে অব্যাহত ৰখা খহনীয়াত জাহ যোৱাৰ পৰা সুৰক্ষিত কৰি ৰখা। সেই অনুসৰি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ঠিকাদাৰ ৰোহিত শ্বাহক বিভাগীয় নিবিদাৰ ভিত্তিত আঁচনিখন ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। পিচে আঁচনিখন ৰূপায়ণৰ বেলিকা আৱণ্টিত ধনৰ সিংহভাগ লুণ্ঠনৰ স্বাৰ্থত বৰ্তমান আঁচনিখন ৰূপায়ণকাৰী ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ কামেৰে ধন লুণ্ঠনৰ ফন্দি পতাৰহে অভিযোগ উঠিছে। তথ্যমতে, লখিমপুৰৰ জলসম্পদ সংমণ্ডলৰ দায়িত্ববাহী বিষয়াবৰ্গৰ লগত গোপন বুজাবুজি কৰি আঁচনিখন অপৰিকল্পিতৰূপত সম্পাদন কৰিয়ে ইতিমধ্যে আৱণ্টিত ধনৰ ৫০ শতাংশ মোকলাই নিয়া ঠিকাদাৰ শ্বাহে আঁচনিখনৰ বাকী থকা কামখিনিও পূৰ্বৰ দৰেই অপৰিকল্পিতৰূপত সম্পাদন কৰিয়ে সমূদায় ধন মোকলাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, যোৱা ২৮/২/২০২২ তাৰিখে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে উক্ত আঁচনিখনে বধাকৰা অঞ্চলক সুৰক্ষা প্ৰদান কৰাৰ কথা ঘোষণা কৰি আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰিছিল। সেই যি আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰিবলৈ গৈ উক্ত স্থানত সাংসদ আৰু বিধায়কগৰাকী গৈ উপস্থিত হৈছিল, তাৰ পিচৰ পৰা আঁচনিখনৰ অগ্ৰগতিৰ বুজ ল’বলৈও সাংসদ কিম্বা বিধায়কগৰাকী উক্ত স্থানত গৈ আজিকোপতি উপস্থিত নোহোৱাত বিভাগীয় বিষয়াবৰ্গৰ লগত গোপন বুজাবুজি কৰি ঠিকাদাৰ শ্বাহে বৰ্তমান নিম্নমানৰ কামেৰেই আঁচনিখন সম্পূৰ্ণ কৰি তোলাত উঠি-পৰি লগা পৰিলক্ষিত হৈছে। তাৎপৰ্যপূৰ্ণ কথা এই যে, ঠিকাদাৰগৰাকীয়ে অপৰিকল্পিতৰূপত আঁচনিখনৰ জিঅ’বেগসমূহ সংস্থাপিত কৰাৰ পৰিণতিত নিৰ্মীয়মান অৱস্থাতে মঘুৱাচুক অংশত পূৰ্বে সংস্থাপিত জিঅ’বেগসমূহৰ অধিকাংশ জহি-খহি যোৱা পৰিলক্ষিত হৈছে। আনহাতে জিঅ’বেগ সংস্থাপন কৰিবলগা অধিকাংশ স্থানত জধে-মধে জিঅ’বেগসমূহ পেলায়ে আঁচনিখন সম্পূৰ্ণ কৰাত ঠিকাদাৰগৰাকী উঠি-পৰি লগাত তথা গোপন বুজাবুজিৰে পকেট গৰম কৰি বিভাগীয় বিষয়াবৰ্গই আঁচনিখনৰ কাম-কাজ সঠিকভাৱে নিৰীক্ষণ নকৰি নিৰৱ ভূমিকাহে পালন কৰি অহাত বধাকৰাবাসী ক্ষোভিত হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More