বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ

0 35

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃIMG 20230130 WA0018 লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়৷ বৃহত্তৰ বধাকৰা অঞ্চলৰ কেবাশ লোকৰ উপস্থিতিত আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত এই সোণালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়৷ তদুপলক্ষে পুৱা বৃক্ষ ৰোপণেৰে কাৰ্যসূচী আৰম্ভ হয়৷ ১৯৭৩ চনত স্থাপিত বিদ্যালয়খনত আজি ৫০খন পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হয়৷ মূল পতাকা উত্তোলন কৰে ন-কদম গাওঁ পঞ্চায়তৰ সভাপতি তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল দত্তই৷ বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰে পৰা শুভাকাংখী হিচাপে শিক্ষানুষ্ঠানখনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে ৫০খন পতাকা উত্তোলন কৰে৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী, বিশিষ্ট ব্যক্তি, উদযাপন সমিতিৰ বিষয়ববীয়াসকলে বিদ্যালয়খনৰ পৰা শুভাযাত্ৰা উলিয়াই বধাকৰা আঞ্চলিক খেলপথাৰত থকা বধাকৰা কৃষ্টি বিকাশ কেন্দ্ৰত সমবেত হয়৷ দিনৰ ১২ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখন বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ হয়৷ উক্ত সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল দত্তই৷ সভাখন শুভ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাক প্ৰধান শিক্ষক তথা বৰ্তমান অৱসৰপ্ৰাপ্ত ফজলুৰ আলীয়ে৷ নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱাই৷ বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়ায় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া আৰু জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱাই৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ মুখ্য সম্পাদক দুলাল শৰ্মাই৷ নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More