বনকৰ্মীক মাৰপিট কৰা বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডুমডুমাৰ ডি এফ অ’ কাৰ্য্যালয় : গোচৰ ৰুজু

0 22

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ : কাঠৰ চোৰাং বেপাৰীৰ হাতত হৈ থকা বনাঞ্চল ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হোৱা তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াজনে (ডি এফ অ’) নিজ বিভাগৰে ফৰেষ্ট গাৰ্ডক বেয়াকৈ মাৰপিট কৰা ঘটনাৰ প্ৰতিবাদত আজি ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয় উত্তপ্ত হৈ পৰে ৷ বনদস্যুৰ পৰা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ ডুমডুমাৰ বিতৰ্কিত ডি এফ অ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে এজন বিভাগীয় ফৰেষ্ট গাৰ্ডক আক্ৰমণ কৰি গুণ্ডাগিৰি প্ৰদৰ্শন কৰাৰ অভিযোগত আজি আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, বন কৰ্মচাৰী পৰিষদকে আদি কৰি একাধিক দল, সংগঠনে ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে ডি এফ অ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীক জবাবদিহি কৰে ৷ প্ৰতিবাদকাৰীসকলে ’ডুমডুমাৰ ডি এফ অ’ গ’ বেক, বনাঞ্চল ৰক্ষা কৰক, সতীৰ্থ বন কৰ্মীক কৰা অত্যাচাৰৰ বিচাৰ লাগে, বন কৰ্মীক সুৰক্ষা প্ৰদান কৰক, ডি এফ অ’ক গ্ৰেপ্তাৰ কৰক, ডি এফ অ’ৰ মইমতালি নচলিব’ আদি শ্ল’গান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ পাছত ডুমডুমা আৰক্ষীৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও ডি এফ অ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীৰ বিৰুদ্ধে থানাত এক অভিযোগ দাখিল কৰি অসম বনকৰ্মী সন্থাই বিষয়টো সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ ইয়াৰোপৰি ৰাজ্যৰ বন মন্ত্ৰী, সদৌ অসম বন কৰ্মচাৰী সন্থা, প্ৰধান মুখ্য বন সংৰক্ষক ও বন বল প্ৰধান, অসম বন বিভাগ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক, যোৰহাট, বন সংৰক্ষক উজনি অসম চক্ৰ, যোৰহাট আদিলৈও প্ৰতিলিপি প্ৰেৰণ কৰা হয় ৷ এইখিনিতে উল্লেখ কৰিবলগীয়া যে ৭ ছেপ্তেম্বৰৰ সন্ধিয়া ডুমডুমাৰ বিতৰ্কিত ডি এফ অ’ৰ প্ৰহাৰত চকুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল কৰ্তব্যৰত ফৰেষ্ট গাৰ্ড হেমকান্ত হাতীমূৰীয়া ৷ ধনৰ বিনিময়ত চোৰাং কাঠৰ গাড়ী এৰি দিয়াৰ অভিযোগ তুলি ডি এফ অ’ই নিজ আবাসলৈ মতাই নিছিল ফৰেষ্ট গাৰ্ড হেমকান্তসহ চাৰিজন বনকৰ্মীক ৷ অভিযোগ অনুসৰি অজয় গগৈ, কিৰণ চেতীয়া, মনেশ্বৰ মৰাণ আৰু হেমকান্তসহ কেওজন বনকৰ্মীক ডি এফ অ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে অশালীন ভাষাৰে গালিগালাজ পাৰিয়েই ক্ষান্ত নেথাকি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা বুলি কৈ শাৰীৰিকভাৱে অপদস্থ কৰি ইউনিফৰ্মৰ পৰা তৰা সম্বলিত বেজটো কাঢ়ি আনি দলিয়াই দিছিল ৷ ইয়াৰ পাছত বন বিষয়াজনে কৰ্মচাৰী কেইজনক কোঠাৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া বুলি প্ৰকাশ ৷ এইজন বন বিষয়াই কিছুদিন পূৰ্বে বালি মহলৰ পৰা কমিছন নোপোৱাত মহলদাৰক চৰিওৱাৰ অভিযোগো উঠিছিল ৷ জানিব পৰা মতে নিজৰ কাৰ্যালয়ৰ শীতাতপ নিয়ন্ত্ৰিত যন্ত্ৰ খুলি নি কোৱাৰ্টাৰত লগাই লোৱা এই বিষয়াজনক তলতীয়া কোনো কৰ্মচাৰীয়ে দেখা কৰিবলৈ গ’লে মোবাইল, কলম আদি সামগ্ৰী লৈ কোঠাত প্ৰৱেশ কৰাত এক প্ৰকাৰে নিষেধাজ্ঞা আৰোপ কৰি ৰখা হৈছে । ইতিমধ্যে বনকৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগত বন বিষয়াজনৰ বিৰুদ্ধে ২৮২/২২ নম্বৰত এক গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More