বন্দী বিশ্ব… (কনস্পিৰেচি গল্প)

0 49

ধ্ৰুৱজ্যোতি শইকীয়া অসম

(ক)
২০১৭, নিউয়ৰ্ক। চেন্ট্ৰেল পাৰ্কস্থিত সুবৃহৎ পঞ্চতাৰকা হোটেল ৰিজ্জৰ প্ৰেচিডেঞ্চিয়েল চুইট। কাঠৰ সুদৃশ্য দুৱাৰখনত ওলমি আছে এখন ডু নট ডিষ্টাৰ্ব ব’ৰ্ড। ভিতৰৰ পৰা বৈ আহিছে অস্ফুট কণ্ঠস্বৰ।
:ছ’ হুৱাটচ্ ডা ছল্যুউশ্বন…ইটচ্ ডা ইউ এছ্…আই এম এনছাৰেবল…
যুক্তৰাষ্ট্ৰৰ বৈদেশিক দপ্তৰৰ বিভাগীয় মুৰব্বী মি: ৰোলেণ্ড, লগতে আছে কেইবা গৰাকীও উদ্যোগপতি, বিজনেছ্ টাইকুন। আলোচনাৰ বিষয়, ইৰাক যুদ্ধ, বিশ্ব অৰ্থনীতিত আমেৰিকাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা জনপ্ৰিয়তা লগে ভাগে আমেৰিকাত পৰা তাৰ প্ৰভাৱ।
:মি ৰোলেণ্ড, হুৱাট কেন বি ডান ? ডা গ্লৱেল মাৰ্কেট…
:কাম অন! ডন্ট প্লেচ্ এক্সকিউজেছ্। ইউ পিপল আৰ মানি মাইনাৰছ্, কান্ট ইউ ফাইণ্ড ছামথিং ম’ৰ প’টেন্ট, ম’ৰ ছেলেবল এণ্ড ছামথিং ডেট ছেটচ্ আছ ৰুলিং ডা ৱৰ্ল্ড ফৰ আনাডাৰ ডিকেড!
:উই কন্ট্ৰ’ল অইল! উই লীড ডা ফাৰ্মাছিউটিকেল…এণ্ড হুৱাট নট…
:মি: গেইট, ইউ চাজেষ্ট! হুৱাট নিড টু বি ছ’ল্ড, ডেট্ উই হেভ নেভাৰ ছ’ল্ড বিফ’ৰ…
খাৰুৱা তেলৰ কুখ্যাত মিডিয়েটৰ বিজনেছ ইউনিকৰ্ণ মি: পেট্ৰিকৰ কথা সম্পূৰ্ণ কৰিবলৈ নিদিয়াকৈ মি: ৰোলেণ্ডে ইমান সময় মৌন হৈ সকলোৰে কথা শুনি থকা মি: গেইটচলৈ প্ৰশ্নটো থেলিলে। গাখীৰত সেন্দুৰ পৰাহেন ৰঙৰ মুখখন লৈ গহীন হৈ বহি থকা মি: গেইটে কিছু সময় লৈ, এটা গলহেকাৰী মাৰি উত্তৰ দিলে।
:ফিয়েৰ!!
মি: গেইটৰ কথাষাৰে যেন সকলোকে মৌন কৰি তুলিলে। এৰা, ভয়…ভয়ৰ ব্যৱসায় সৰ্বাধিক…। মি: গেইট এগৰাকী ভৱিষ্যদৰ্শী উদ্যোগপতি। তেওঁৰ কথাত যেন সকলো পতিয়ন গ’ল। মি: গেইটেও তেওঁৰ হাতত থকা নোটপেডটোত মুখেৰে এটা শব্দ উচ্চাৰণ নকৰাকৈ ব্যাখ্যা কৰি গ’ল, সকলোৰে মুখবোৰ উজ্বল হৈ পৰিল।
কিছুসময়ৰ অন্তত কৰমৰ্দন কৰি সকলো কোঠাটোৰ পৰা ওলাই আগবাঢ়িল। ৰিজ্জৰ পৃথক পৃথক লিফ্টেৰে আটাইকেইজন পৃথক হ’ল, হোটেলৰ দুৱাৰমুখলৈ অহা এখন এখন আটকধুনীয়া গাড়ীত উঠি ব্যস্ত চেন্ট্ৰেল পাৰ্ক অঞ্চলত মিলি পৰিল প্ৰতিগৰাকী।

(খ)
২০১৯, উহান চাইনা। য়াংজে নদীৰ মাজেৰে পাৰ হৈ অহা চীনৰ ছিকাগো চহৰ। হুবাইৰ ৰাজধানী চহৰ। চীন দেশৰ এখন গুৰুত্ব পূৰ্ণ বাণিজ্যিক চহৰ য়ুহান। আন আন ব্যস্ত মহানগৰৰ দৰেই সদা ব্যস্ত য়ুহান। পুৱাতে পথবোৰ ভৰি পৰে বগা ক’লা কাপোৰবোৰৰে। পদপথবোৰতো ব্যস্ততা। ব্যস্ত হৈ পৰে পদপথৰ খাদ্য বিপনীসমূহ। নুডলছ্, ফ্ৰাইড ৰাইচৰ পৰা আৰম্ভ কৰি বিভিন্ন আকৰ্ষণীয় খাদ্যৰ বজাৰ। কাৰো বহি খোৱাৰ সময় নাই, যি আহিছে নিজৰ পচন্দৰ আহাৰ লৈছে আৰু খৰ খোজেৰে আগ বাঢ়িছে।
খৰ খোজেৰে আহি থকা চেং তেওঁৰ চিনাকি বিপনী এখনৰ সমুখত থমকি ৰ’ল। চেং উহানৰ বিখ্যাত ভাইৰোলজি প্ৰতিস্থানৰ গৱেষক ছাত্ৰ। আমেৰিকাত শিক্ষা সমাপ্ত কৰি আহি ছমাহ পূৰ্বে চেঙে উহান প্ৰদেশৰ এই লেব্ৰে টৰিত জুনিয়ৰ বিশেষজ্ঞ হিচাপে যোগ দান কৰিছে। চেঙৰ বিষয় মাৰাত্মক ছাৰ্চ ভাইৰাচ। বিপনীখনত কিছু পৰ ৰৈ চেঙে নিজৰ ব্ৰেকফাষ্ট সম্পূৰ্ণ কৰি ল’লে। আজি তেওঁৰ নিত্য নৈমত্তিক ব্যস্ততা দেখা নগ’ল। কিবা যেন উদাস…

(গ)
:”বাট মিষ্টাৰ গেইট, যদি তেনে হয়, আমেৰিকাৰ অৱস্থা কি হব?”
:”ফৰ গ্ৰেটাৰ গুডচ্ ছামটাইমচ উই হেভ টু ছেক্ৰিফাইচ ছাম অৱ আৱাৰ অওন। আফ্টাৰ অল, আমিটো মাছ কিলাৰ হব নোৱাৰো, উই আৰ মাছ হিলাৰ…।”

(ঘ)
হঠাৎ বিপদ জাননী বাহক চাইৰেনটো বাজি উঠিল। চৌদিশে হুৱাদুৱা। প্ৰতিটো এয়াৰলকৰ সৈতে সংলগ্ন চেনিটাইজিং পইন্ট এক্টিভ হৈ পৰিছে।
“ডেলিকেট ভাইৰাছ্ চেম্বাৰত কিবা ঘটিছে। সকলো বাহিৰলৈ যাওক।” ছিকিউৰিটি এগৰাকীয়ে চিঞৰি চিঞৰি সকলোকে কৈ গ’ল। লগে ভাগে একেটা কথাৰ এনাউঞ্চমেন্ট।
“লেব্ লকডাওন ইনিচিয়েটেড”
“প্লিজ প্ৰচিড টু ডা ছেফটি পেচেজ”
কম্পিউটাৰাইজড্ বাৰ্তা চৌপাশে ৰজনজনাই গ’ল। বাহিৰত ফায়াৰ ব্ৰিগেড, এম্বুলেঞ্চ সকলো সাজু। যুদ্ধসম তৎপৰতা।

(ঙ)
:আৰ ইউ অকে, মি: চেং!”
চেংৰ স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ অহা, হেজমাথ চ্যুট পৰিহিত ক্ৰিটিকেল হেল্থ কেয়াৰ কৰ্মী গৰাকীয়ে চেঙক সুধিলে। চেং দেখাত সুস্থ যদিও প্ৰট’কল অনুসৰণ কৰি তেঁওক আইচলেটেশ্বনত ৰখা হৈছে। মুখত অক্সিজেন মাস্ক। চৌদিশে বিভিন্ন মনিটৰ।
চেঙে আকাৰে ইংগিতে জনালে তেওঁ ভালে থকাৰ কথা। ডাক্তৰজনে চেগ বুজি সূক্ষ্ম বেজি এটাৰে সামান্য খোচা এটা মাৰিলে চেঙৰ ভৰিত। চেঙৰ দুচকুৰে দুধাৰ পানী বৈ আহিল…

(চ)

“ডেটছ্ হেল অৱ এ নিউজ!”
মি: ৰোলেণ্ডৰ সমুখৰ স্ক্ৰীণত বিশ্বৰ সকলো নিউজ চেনেলত সমস্বৰে বাজি উঠিছে উহান দুৰ্ঘটনা আৰু এটি ভাইৰাছ সম্পৰ্কত সতৰ্কবাণী । মনৰ ভিতৰতে নিজ সাফল্যত উৎফুল্লিত মি: ৰোলেণ্ড। কিছু সময়, বাতৰিৰ শিৰোনামবোৰৰ সৈতে কটাই টিভি স্ক্ৰীণৰ পৰা কিছু নিলগত থকা তেওঁৰ ব্যক্তিগত টেবুল খনৰ কাষ পালেগৈ তেওঁ। টেবুলৰ তলত সংলগ্ন ড্ৰয়াৰটোৰ পৰা তেওঁ ব্যক্তিগত ফোনটো আনি কাৰোবালৈ নম্বৰ মিলালে।

“মি: গেইট, প্লিজ চিকিউৰ ডা লাইন”।

ফোনটো কাণত লৈয়ে তেওঁ খিৰিকিৰ পৰ্দখন টানি ল’লে।
“হুৱাট নেক্সট্?”
“মি: ৰোলেণ্ড, ৱেইট এণ্ড ৱাটচ্!”
“হ’প, চেং ৱ’ন্ট বি এ ট্ৰাবল”
“ৱেল, হি ৱ’ন্ট! বিচাইডচ্ হিজ ৱিচেজ আৰ ফুলফিলড্, এণ্ড হি ইজ আৱাৰ ফাৰ্ষ্ট কেজুৱেল্টি…ফিয়েৰ ডাজনট কাম ফ্ৰী…!”

(ছ)
“উহান প্ৰদেশৰ পৰীক্ষাগাৰত হোৱা দুৰ্ঘটনাৰ ফলত সংক্ৰমণ হোৱা এই মাৰাত্মক সংক্ৰামক ভাইৰাচবিধৰ নামকৰণ কৰা হৈছে কৰোণা ভাইৰাছ আৰু ইয়াৰ সংক্ৰমনক নামকৰণ কৰা হৈছে কোভিড ১৯, ই চাৰ্চ-কোভ ভাইৰাছৰে এক ৰূপ…।”
নিউজ এংকৰগৰাকীয়ে এৰা গুটি দুটামানৰ দৰে ছবিদুখনমান লৈ ভাইৰাছ বিধৰ সম্পৰ্কে কবলৈ আৰম্ভ কৰিছে। তেনেতে এটি ব্ৰেকিং নিউজ ফ্লাশ্ব হবলৈ ধৰিলে…
“এইখিনিতে আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ। কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ প্ৰথমজন ৰোগীৰ মৃত্যুৰ তথ্য আহি পৰিছেহি। মৃতকৰ নাম চেং চাংহাই। চেং উহানৰ লেব্ দুৰ্ঘটনাৰ সময়ত উপস্থিত আছিল উক্ত লেৱটোত…।”
প্ৰতিটো নিউজ চেনেলত একেটা খবৰ। চিংক্ৰনাইজড্ প্ৰচাৰ। কি বিবিচি, কি ৰইটাৰ, চিএনএন…। সকলো বিজ্ঞানীক চেৰ পেলায়, নিউজ এংকৰ সকলে ব্যাখ্যা কৰি গ’ল এটি অখ্যাত ভাইৰাচক, নিশাটিৰ ভিতৰতে মানুহৰ মুখে মুখে চিনাকি হৈ পৰিল “কৰোণা”…ডা পানিশ্বাৰ!!!

“নাও, হুৱাট!”
“ৰিপিট এণ্ড ৰিপিট, আনলেছ্ ইউ গেট ইউৰ গড অৰ ইউ হেভ ক্ৰিয়েটেড ইউৰ ইভিল!!”

depositphotos 53965771 stock illustration explosion in the laboratory“লক ডাওন ইনিচিয়েটেড!”
“প্লিজ, ষ্টে এট হোম এণ্ড বি চেফ!”
“চেনিটাইজ ইউৰ হেণ্ডচ্! উৱেৰিং অৱ মাস্ক ইজ মাষ্ট!”

(জ)

“মি গেইট, হুৱাট নাও! ইটচ বিন লং এণ্ড ডা ফিয়েৰ হেজ অলৰেডি মেড ইটচ ৱে!”
“ৰিলিজ ডা ৱেপন, চেল ইট, গেট ডা গভৰমেন্টছ্ প্লে ইটচ্ পাৱাৰ!”
“ইউ মিন, ন’ চইচ্ বাই ডিফল্ট!”
দুয়ো উচ্চ স্বৰে হাঁহে। বিশ্ব অচল! মৃত্যুৰ কিৰিলিয়ে ভয়টোক ক্ৰমাৎ ব্লেকহোলৰ দৰে বিশাল কৰি পেলাইছে। সকলোৰে আশা, এটি প্ৰতিকাৰ ওলাব…এটি এন্টিভাইৰেল বা এটি ভেকচিন…নিউজ চেনেলবোৰৰ ভৰসাত সকলোৰে চকু টিভিৰ পৰ্দাত। মোবাইলবোৰ এতিয়া চৌবিশ ঘন্টাৰ লগৰী, কাৰণ সঁচা লগৰীবোৰ যে বন্দী, লকড্ ডাওন!!

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More