- বিমল বৰগোঁহাই
বন্ধুত্বৰ সন্দৰ্ভত ইংৰাজীত বহু উদ্ধৃতি পোৱা যায়। তাৰে এটা বৰ সুন্দৰ আৰু মোৰ ভাল লগা, জ’ন ইভেলিন্ ৰ উদ্ধৃতি হল-“FRIENDSHIP IS THE GOLDEN THREAD THAT TIES THE HEART OF ALL THE WORLD”। এই উদ্ধৃতিটোৱেই বন্ধুত্বৰ ওপৰত থকা ধাৰণা বিষয়ে আমি অনুমান কৰিব পাৰো। আমাৰ প্রত্যেকৰে প্রাথমিক বিদ্যালয়ৰ পৰা উচ্চ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অনান্য কাৰিকৰী প্ৰতিষ্ঠান আদিত অধ্যয়ন কৰোতে নিশ্চয় বহু বন্ধু-বান্ধৱীৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল। হয়তো সেই বন্ধুত্ব এতিয়াওঁ কাৰোবাৰ থাকিব পাৰে অথবা পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। ইয়াৰ পাছত আমাৰ কৰ্মজীৱন আৰম্ভ হয় আৰু এই কৰ্মজীৱনটো পুনৰ কৰ্মক্ষেত্রৰ বহু বন্ধু-বান্ধৱীৰ সৈতে আমাৰ বন্ধুত্ব গঢ়ি উঠে। লাহে লাহে লাহে আকৌ কাৰোবাৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লয়। এনেদৰেই, আমাৰ গোটেই জীৱন কালত বহু বন্ধু-বান্ধৱীৰ সৈতে এক আন্তৰিক আৰু আত্মিক সম্বন্ধই আমাৰ মন আৰু হৃদয়ত বহু মিঠা আৰু তিতা স্মৃতিৰ কঠিয়া সিঁচি থৈ যায়।
আমি যদি ভালকৈ বিশ্লেষণ কৰোঁ, তেন্তে দেখিম যে এই গোটেই জীৱন কালত লগ পোৱা বন্ধু-বান্ধৱীসকলৰ পৰা আপোনাৰ বিপদৰ সময়ত বা প্রয়োজনৰ সময়ত কেনে সহায় লাভ কৰিলে বা আপুনি হলেও কিমানজনক সহায় কৰিলে। এইটো একেবাৰে সঁচা কথা যে বিপদৰ বন্ধুকহে আচল বন্ধু বুলি কোৱা হয়। আপোনাৰ-মোৰ বিপদৰ সময়ত যি লগ দিব বা সহায়ৰ হাত দিব সেই জনেই আচল বা প্রকৃত বন্ধু বুলি পৰিচয় পোৱা যায়। আমি, বোধকৰো সকলোৱে সৰু হৈ থাকোতে ভালুক আৰু দুই বন্ধুৰ এটা গল্প পঢ়িছিলো। যত, দুজন বন্ধু একেলগে এখন অৰণ্য মাজেৰে গৈ থাকোতে এটা ডাঙৰ ভালুক আহি সিহঁতৰ সন্মুখত দেখা দিলে। তেতিয়া, এজনে লৰালৰিকৈ নিজৰ প্ৰাণ বচাবলৈ এজোপা গছত উঠিলগৈ আৰু আনজনে একো ত’ত ধৰিব নোৱাৰি উশাহ বন্ধ কৰি মাটিতে পৰি দিলে। যিহেতুকে সি জানিব পাৰিছিল যে ভালুকে মৃত মানুহক একো অপকাৰ নকৰে। ভালুকটোৱে মাত্ৰ, তাৰ মুখ আৰু নাকৰ ওচৰত গোন্ধ লৈ অৰণ্যৰ মাজলৈ গুচি গ’ল। তেতিয়া, গছত উঠি থকা বন্ধুজন তললৈ নামি আহি তাক সুধিলে, “বন্ধু, ভালুকটোৱে তোমাৰ কাণে কাণে কি কৈ গ’ল।” তেতিয়া, সি উত্তৰ দিলে যে যি বন্ধুৱে বিপদৰ সময়ত নিজৰ বন্ধুক এৰি যায়, তেনে বন্ধুৰ সৈতে বন্ধুত্ব নকৰাই ভাল। এই কাহিনীটো তেনেই সৰু কিন্তু, ইয়াৰ পৰা আমি যি নীতিশিক্ষা লাভ কৰিলো, সেয়াহে আমাৰ সকলোৰে বাবে এটা ডাঙৰ শিক্ষা।
আমাৰ প্রত্যেকৰে বহু ঘনিষ্ঠ বন্ধু অথবা বান্ধৱী আছে, যাৰ ওপৰত অগাধ বিশ্বাস ৰাখি আমি মনৰ বহু কথা খুলি আলোচনা কৰোঁ অথবা বহু গোপন কথাও জনাই দিও। আমি, হয়তো কল্পনাও কৰিব নোৱাৰো যে আপোনাৰ অন্তৰত কথা বা গোপন কথাবোৰ আপুনি অতি বিশ্বাসী বা প্রিয়ভাজন বুলি গণ্য কৰা বন্ধুজনেই ফাদিল কৰি আপোনাক কেতিয়াবা বিপদত পেলাব পাৰে। এনেকুৱা বহু ঘটনা আমাৰ চৌপাশে নিতৌ ঘটি থকা দেখা যায়। অন্যহাতে, বহু পুৰুষৰ মহিলা বান্ধৱী বা বহু মহিলাৰ পুৰুষ বন্ধু থাকে। ইয়াত আপত্তি থাকিবলগীয়া একো নাই। কিন্তু বহু ক্ষেত্রত দেখা যায় যে বহু পুৰুষ বন্ধুয়ে বা বান্ধৱীয়ে একমাত্র যৌন লালসা বা এটা অবৈধ সম্পৰ্ক বজাই ৰাখিবৰ বাবে এনে বন্ধুত্ব স্থাপন কৰে। ইয়াৰ ফলত আজিকালি বহু পুৰুষ হনিট্রেপিঙৰ দৰে ঘটনাৰ বলি হব লগা হয়। এয়া আমাৰ সমাজত ঘটি থকা এক অপ্রিয় সত্য কথা। এনেবোৰ ঘটনাৰ বাবে আমাৰ সমাজৰ বহু পৰিয়ালত এক অশান্তি আৰু অপ্রীতিকৰ পৰিবেশৰ সৃষ্টি হোৱা দেখা যায়। এনে বহু বন্ধু-বান্ধৱীও আছে, যি সকলে একমাত্র নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে খুব বেছি বন্ধুত্ব বা ঘনিষ্ঠতা গঢ়ি তোলে, কিন্তু নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পাছত অকৃতজ্ঞতা প্রকাশ কৰে। বিশেষকৈ, টকা-পইচা লেন-দেনৰ ক্ষেত্রত এনে বহু ঘটনা ঘটা দেখা যায়। বিপদৰ সময়ত টকা বিচাৰি আপোনাৰ ওচৰ চাপিব, কিন্তু টকা ঘূৰাই দিয়াৰ সময়ত আপোনালৈ ঘূৰিও নাচায়। এনে কিছুমান বন্ধুত্বৰ বাবেই বন্ধুত্বৰ সম্পৰ্কত কালিমা লগা দেখা যায়। ক’ৰনাৰ সময়ত মই বহু লোকক প্রত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰিছিলো। এতিয়া ইয়াৰ কিছুমানে মাত এষাৰ দিয়াটো দূৰৈৰে কথা, দেখিলেও যেন মূখখন ঘূৰাই দিব এনে লাগে। কেতিয়াবা কেতিয়াবা নিজৰ কাৰ্যালয় বা কৰ্মস্থলীৰ সহকৰ্মী বিষয়া বা কৰ্মচাৰীয়েও আপোনাৰ সৈতে হয়তো বহু ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলে। কিন্তু, মন কৰিব যে সেইসকলেও নিজৰ স্বাৰ্থ বা মতলব পূৰণ হোৱাৰ পাছত লাহে লাহে আপোনাৰ পৰা পলায়ন কৰিব বিচাৰে বা আপোনাক গুৰুত্ব দিব নিবিচাৰে। বিপদৰ সময়ত বা প্রয়োজনৰ সময়ত আপুনি কৰা সহায় বা উপকাৰৰ কথা এইচাম মানুহে ইচ্ছাকৃত ভাৱে পাহৰিবলৈ চেষ্টা কৰে বা আপোনাৰ প্রতি মনত এটা বেয়া ভাৱ লৈ থাকে। আচলতে, এইচাম মানুহ বন্ধুত্বৰ নামত কলংক। এই সকল লোকে অকল নিজৰ বিপদৰ সময়তে বন্ধুত্ব বা সম্বন্ধৰ কথা মনলৈ আনে। এনে, স্বাৰ্থপৰ বন্ধু থকাতকেই নথকাই ভাল। এনে বন্ধুৱে কেতিয়াবা কেতিয়াবা সাপ হৈ খুঁটে আৰু বেজ হৈ জৰা দেখা যায়। গতিকে, এই সকল বন্ধুক চিনি থোৱাটো খুবেই প্রয়োজন| নহলে, আপুনি বিপদত পৰাটো প্রায় নিশ্চিত।
এতিয়া, কথাটো হ’ল বন্ধুত্ব এক পৱিত্র বান্ধোন। আমি আজিকালি “FRIENDSHIP DAY” পালন কৰোঁ। সামাজিক মাধ্যমত এই দিৱস পালনৰ বাবে বন্ধু-বান্ধৱীক ধুনীয়া ধুনীয়া বাৰ্তা দিও, কিন্তু সঁচাকৈ অকল এটা দিনত দিয়া শুভেচ্ছা বাৰ্তাই আমাৰ বন্ধুত্বৰ এনাজৰীডাল কটকটীয়া কৰি ৰাখিব পাৰিব জানো ? মোৰ মতে, বন্ধুত্ব হৈছে এনে এটা সম্পৰ্ক য’ত কোনো স্বাৰ্থপৰতা বা সন্দেহ অথবা বিশ্বসঘাতকতাৰ কোনো স্থান নাই। নিস্বাৰ্থ সম্বন্ধ বা ভালপোৱাটোহে হৈছে প্রকৃত বন্ধুত্বৰ সংজ্ঞা। আমি এটা মনত ৰখা উচিত যে সময় পৰিস্থিতিৰ দাস। মানুহৰ অহংকাৰ, গৰ্ব, ক্ষমতা ইত্যাদি কেতিয়া চূৰ-মাৰ হৈ যায়, কোনেও কব নোৱাৰে। আমাৰ সমাজত এনে বহু ভদ্র আৰু সৎ গুণ থকা বন্ধু-বান্ধৱী আছে, যি সকলে বিপদৰ সময়ত বন্ধুক সহায় কৰি নিজৰ সততা আৰু প্রকৃত বন্ধুত্বৰ পৰিচয় দাঙি ধৰে। সেইসকল বন্ধু-বান্ধৱীয়ে আমাৰ সকলোৰে মন আৰু হৃদয়ত সঁচাকৈ এক সুকীয়া স্থান দখল কৰি থাকে। গতিকে, আহকচোন আমি প্রত্যেকেই নিজৰ নিজৰ স্বাৰ্থ ত্যাগ কৰি, বন্ধুত্বৰ পৱিত্র বান্ধোনডালৰ গুণ সমূহ কিছু পৰিমাণে হলেও ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়াহে বন্ধুত্বৰ নামত আমাৰ সমাজত প্রচলিত হৈ থকা কেতবোৰ কালিমা আঁতৰ হৈ নিশ্চয়কৈ এক সুন্দৰ, নিকা আৰু পৱিত্র সন্বন্ধই আমাৰ মাজত গা কৰি উঠিব আৰু আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হৈ উঠিব বুলি মোৰ দৃঢ় বিশ্বাস।
(লেখকৰ ঠিকনাঃ বৰবিল লং ২, ডিগবৈ, তিনিচুকীয়া, ফোন নং: ৯৪৩৫০৩৫১৭৭)