বস্ত্ৰ ব্যৱসায়েৰে উজলিছে দুধনৈৰ পূৰৱী ৰয়

দিল্লী-চুৰাট- গুৱাহাটীত ব্যৱসায় কৰিও পাহৰা নাই নিজ জাতিক

0 443

শিখাজ্যোতি কোঁৱৰ

‘চাকৰি নাপালে ব্যৱসায় কৰিম’ এই ধাৰণা আমাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত গাঢ় হৈ উঠা বিপৰীতে একাগ্রতাৰে ব্যৱসায় কৰি সফলতাৰ বাট বুটলিবলৈ সক্ষম হোৱা এগৰাকী উদ্যোগী ব্যৱসায়ীক আজি আপোনালোকৰ মাজত পৰিচিত কৰি দিবলৈ লৈছোঁ। IMG 20220628 WA0077অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ চহৰৰ পৰা গৈ বৰ্তমান গুজৰাটৰ চুৰাটৰ বাসিন্দা হোৱা সেই ব্যৱসায়ীগৰাকী নাম পূৰৱী ৰয়। পিতৃ শ্ৰীযুত কেশৱ চন্দ্ৰ ৰয় আৰু মাতৃ শ্ৰীযুতা দময়ন্তী ৰয়ৰ কন্যা পূৰৱী ৰয়ৰ জীৱন সংগী দিল্লীৰ সমীৰ এজন ব্যৱসায়ী। বিবাহৰ পিছৰে পৰা স্বামীৰ ব্যৱসায়ৰ লগত জড়িত থাকি পূৰৱী ৰয়ে ২০১২ চনত নিজাকৈ ‘আইনা ক্ৰিয়েশ্বন’ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান দিল্লীৰ দ্বাৰকা অঞ্চলত আৰম্ভ কৰিছিল। মূলতঃ কাপোৰৰ ডিজাইনিং আৰু প্ৰডাকশ্বনৰ ওপৰত গুৰুত্ব আৰোপ কৰি গঢ় লৈ উঠা তেওঁলোকৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে তেওঁলোক গুজৰাটলৈ যাবলগীয়া হোৱাত ‘আইনা ক্ৰিয়েশ্বন’ক বিশ্বস্ত লোকৰ হাতত অৰ্পণ কৰে।IMG 20220628 WA0075 ২০১৮ চনত গুজৰাটৰ চুৰাটত ‘ৰাজবাৰী বাই পূৰৱী সমীৰ’ নামৰ এক প্ৰতিষ্ঠান স্থাপন কৰে। সেই প্ৰতিষ্ঠানত উপলব্ধ ডিজাইনাৰ ব্ৰাইডেল আৰু নন ব্ৰাইডেল লেহেংগাই বিশেষ প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে। মেনুফেকশ্যাৰিঙত গুৰুত্ব প্ৰদান কৰি সুলভ মূল্যত যোগান ধৰিবলৈ সক্ষম হৈছিল লেহেংগা, গাউন আদি সাজপাৰ।বিশেষকৈ লেহেংগা, গাউন আদিৰ ডিজাইনিঙৰ কাম কৰি থাকোঁতে তেওঁ অসমতো কিবা এটা কৰাৰ কথা ভাৱি ২০২১ চনত গুৱাহাটী গণেশগুৰিত ‘ৰাজনন্দিকা’ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰে। তেওঁ অনুভৱ কৰিছিল যে অসমৰ মেখেলা-চাদৰ ব্যৱসায়ৰ এক বৃহৎ অংশ চুৰাটৰ পৰাই পৰিচালিত হৈ আহিছে। কোঁচ ৰাজবংশী নাৰীৰ সাজ ‘পাটানি’ৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি সংৰক্ষণৰ স্বাৰ্থতো কাম হাতত লয়।IMG 20220628 WA0078 মেখেলা-চাদৰৰ সমান্তৰালকৈ পাটানি মেনুফেকশ্যাৰিঙত গুৰুত্ব প্ৰদান কৰে। ‘ৰাজনন্দিকা’ যোগেদি লেহেংগা,শাড়ী, মেখেলা-চাদৰ, পাটানি আদি সাজপাৰ সুলভ মূল্যত যোগান ধৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। এগৰাকী ব্যৱসায়ী হিচাপে তেখেতে নিজ ব্যৱসায়ক গতি প্ৰদান কৰাৰ সমান্তৰালকৈ মহিলাসকলকো ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হৈ আগবাঢ়ি যোৱা পথ দেখুৱাইছে। তেখেতে ‘ৰাজনন্দিকা’ আৰম্ভ কৰিছিল এঘাৰগৰাকী মহিলাক লৈ। নিজ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰতো মহিলা কৰ্মচাৰী নিয়োগ কৰি সংস্থাপিত কৰাত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। লগতে তেখেতৰ অসম প্ৰীতি তথা নিজ জাতিৰ প্ৰীতি পৰিচয় ভিন্ন ক্ষেত্ৰত পোৱা যায়। ঐতিহ্যময় ‘ৰাজবাৰী’ক নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামৰ লগত সংযোজনেই ইয়াৰ অন্যতম প্ৰমাণ। মহিলাসকলক স্ৱাৱলম্বী আৰু ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে তেখেতে ফেচবুক গোট ‘অৰ্দ্ধ আকাশৰ’ মজিয়াত ‘ব্যৱসায় আৰু আমি’ শীৰ্ষক এলানি ধাৰাবাহিক লেখা লিখিছিল। সেই লেখা পঢ়ি বহুতো মহিলা উৎসাহিত আৰু উপকৃত হোৱাৰ পৰিলক্ষিত হৈছে। চুৰাটত থাকিও অসমীয়া ভাষা সাহিত্য- চৰ্চা চলাই যোৱা পূৰৱী ৰয়ে গল্প, উপন্যাস আদিকে ধৰি নিজ অভিজ্ঞতালব্ধ কাহিনী লিখি আহিছে।IMG 20220628 WA0076 ‘অনুৰণন’ নামৰ এখনি গল্প সংকলনো ছপা ৰূপত প্ৰকাশ পাইছে। তেখেত এগৰাকী সফল ব্যৱসায়ী হোৱাৰ লগতে এগৰাকী সফল মাতৃয়ো। আইনী-জাইনা নামৰ দুগৰাকী যমজ কন্যাৰ মাতৃ। ২০২১-২২ বিত্তীয় বৰ্ষত ‘ৰাজবাৰী বাই পূৰৱী সমীৰ’ প্ৰতিষ্ঠানটোৱে প্ৰায় তিনি কোটি টকাৰ টাৰ্ণ অভাৰৰ ব্যৱসায় কৰিছে। তেখেতৰ মতে ব্যৱসায় সফল হ’বলৈ হ’লে ব্যৱসায়টোৰ ওপৰত যথেষ্ট অধ্যয়নৰ প্ৰয়োজন। বজাৰ, টাৰ্গেট, গ্ৰাহক আদিৰ ওপৰত এক সম্যক ধাৰণা থাকিব লাগিব। মূলধনৰ লগতে ব্যৱসায়টো বাবে যথেষ্ট সময় দিবলৈ প্ৰস্তুত হ’ব লাগিবই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More