শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২মাৰ্চঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ আৰু বিহগুৰি মৌজাৰ মধ্যস্হলত অৱস্থিত থিয়আটি তথা শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত অহা সাত মাৰ্চৰ পৰা ১১মাৰ্চলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দৌলউৎসৱ আৰু মেলাৰ আয়োজন কৰা হৈছে৷ শতিকা প্ৰাচীন থানখনত এই দৌলউৎসৱ আৰু মেলাই ২৯বছৰত ভৰি দিছে৷ আনহাতে এইবাৰ এই উৎসৱ ৰূপালী জয়ন্তী হিচাপেও অনুষ্ঠিত হ’ব৷ ইতিমধ্যে মহেন্দ্ৰ বৰুৱাক সভাপতি,কেশৱ চন্দ্ৰ বৰুৱাক কাৰ্যকৰী সভাপতি আৰু ৰমণী মোহন শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰাৰ লগতে এই দৌল উৎসৱ তথা মেলাৰ প্ৰস্তুতি অব্যাহত ৰখা হৈছে৷ উল্লেখযোগ্য যে,প্ৰথম দিনা পুৱা ঊষাকীৰ্তনৰে আৰম্ভ হ’বলগীয়া এই উৎসৱৰ ধৰ্মধ্বজা উত্তোলনৰ লগতে ৰূপালী জয়ন্তীৰ পতাকাও উত্তোলন কৰা হ’ব৷ হোলীগীত, স্মৃতিগ্ৰন্থ উন্মোচন, দিহানাম,বিয়ানাম,ওজাপালি আদি বিভিন্ন কাৰ্যসূচীৰ লগতে ইয়াত এখন বৃহৎ মেলাও অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ভক্ত তথা দৰ্শনাৰ্থীৰ ব্যাপক সমাগম ঘটা এই দৌলউৎসৱ আৰু মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.